কভিড: অভিজ্ঞতাৰ পৰা দুটামান কথা ক’ব খুজিছোঁ

891
  • ত্রিনয়ন বৰা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বিহু বুলি ঘৰলৈ আহিছিলোঁ কৰ্মভূমি বংগালোৰৰ পৰা স্বগৃহলৈ । ৷ যোৰহাটলৈ ফ্লাইট নাছিল সেইকেইদিন৷ গতিকে ডিব্ৰুগড়লৈকে আহিলোঁ৷ পৰিয়ালৰ মানুহ আছে ডিব্ৰুগড়তে৷ আহি তিনিদিনমান থকাৰ পাছতে আৰম্ভ জ্বৰ, চৰ্দি আৰু অলপ অলপ কাহ৷ ততাতৈয়াকৈ টেষ্ট কৰোৱালো৷ কভিড পজিটিভ৷ মই আৰু পত্নী দুয়ো৷ আমাৰ ছোৱালী নিগেটিভ৷ ঘৰৰ বাকী সদস্য সকলো নিগেটিভ৷ সামান্য কাহ আৰু যথেষ্ট দুৰ্বল৷ তাৰ বাদে বেলেগ সমস্যা নাই৷ আমি পজিটিভ দুজন বেলেগে থকাৰ ব্যৱস্থা কৰিলোঁ৷ বিহু উপলক্ষে ঘৰৰ বাকী সদস্য নিজ ঘৰলৈ গ’লগৈ(ৰেট আৰু পিচিআৰ দুয়োটাতে তেওঁলোক নিগেটিভ)৷ আমি থাকিবলগা হ’ল৷
সেইকেইদিন আমাৰ অৱস্থা চাবলগীয়া আছিল৷ এটা ৰুমত মই আৰু পত্নী৷ আনটোত আমাৰ ছোৱালী অকলে৷ ৰাতি শোওঁতেও অকলে, দিনৰ দিনটোতো অকলে৷ দুখনমান কিতাপ, ৰং, পেঞ্চিল আৰু টিভিটোৱেই তাইৰ সম্বল৷ ছয় বছৰীয়া ছোৱালী ইমানো সৰু নহয় বাৰু কিন্তু এনেকুৱা অৱস্থা মোকাবিলা কৰিব পৰাকৈ ইমান পৰিপক্বও নহয়৷ দিনটোত কিমানবাৰ যে কান্দিলে তাই সেইকেইদিন৷ কিন্তু উপায় নাই আমাৰো৷
আমাক কোৱা কভিড প্ৰটকল মতে যদি বিশেষ একো অসুবিধা নাথাকে তেন্তে ন নম্বৰ দিনা ৰেট টেষ্ট কৰি ৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় আৰু লগতে আৰু ছয়দিনমান বেলেগকৈ থাকিবলৈ কোৱা হয়৷ আমি যিহেতু home quarantine হৈ আছিলোঁ গতিকে মুঠ পোন্ধৰ দিন সোমাই থাকিব লাগিব৷ বিহু বাদ দিও ঘৰলৈ অহাৰ মুখ্য কাৰণ আছিল আমাৰ দেউতাৰ শ্ৰাদ্ধ৷ আমাৰ দহ নম্বৰৰ দিনাখনেই শ্ৰাদ্ধৰ দিন পৰিছে৷ মাৰ লগত কথা পাতিলো৷ মায়ে কাঢ়া নিৰ্দেশ দিলে যে কোনো কাৰণত প্ৰটকল ভাঙিব নোৱাৰ৷ একেবাৰে সম্পূৰ্ণ নিয়ম পালন কৰিহে ঘৰলৈ আহিবি৷ গতিকে যোৱা নহ’ল৷
যি কি নহওক নেদেখাজনৰ কৃপাত বৰ বেছি একো কষ্ট নোপোৱাকৈ আমি দুয়ো নিগেটিভ হ’লোঁ৷ কভিড হ’লে দেহত হ’ব পৰা সাম্ভাৱ্য ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান তেজৰ পৰীক্ষা কৰোৱাবলৈ দিয়া হয়৷ আমি সেইখিনিও কৰিলোঁ৷ ৰিপৰ্ট নৰ্মেল৷ ভণ্টি Chayanika ও ক’লে যে দাদা চিন্তনীয় একো নাই ৰিপৰ্টত৷ ময়ো স্বস্তি লভিলো৷
মই চিকিৎসক নহয়৷ কিন্তু অভিজ্ঞতাৰ পৰা দুটামান কথা ক’ব খুজিছোঁ৷
– যদি আপুনি কামৰ বাবে সঘনাই ঘৰৰ বাহিৰলৈ ওলাব লগা হৈ থাকে তেন্তে মাজে মাজে কভিড টেষ্ট কৰোৱাই লওক৷ বেমাৰটো এতিয়াও চিকিৎসা বিজ্ঞানৰ বাবে নতুন৷
– অলপমানো যদি কিবা লক্ষণে দেখা দিয়ে তেন্তে দেৰি নকৰি অতি সোনকালে পৰীক্ষা কৰোৱাওক৷ “এহ মোৰ হোৱা নাই অ”-ভাইৰাছটোৱে আপোনাক চিনি নাপায় আৰু আপুনি গম নোপোৱাকৈয়ে কেনেকৈ কি কি কৰি দিব আপুনি নিজেও নাজানে৷
– বিৰাট ভয় লাগিব পাৰে পজিটিভ বুলি গম পালে৷ মোৰ লাগিছিল৷ বিৰাটেই লাগিছিল৷ গতিকে মই মনটোক শান্ত আৰু স্থিৰ কৰি ৰাখিবৰ বাবে দুই এটা কাম কৰিছিলোঁ৷ প্ৰথম টিভি একেবাৰেই চোৱা নাছিলোঁ৷ জানো যে দেশৰ অৱস্থা বেয়া৷ বিৰাটেই বেয়া৷ কিন্তু মই যিহেতু পজিটিভ, মোৰ প্ৰথম কাম হ’ল নিজকে ঠিক কৰি ৰাখি সময়ত নিগেটিভ হোৱা৷ ফেচবুক চাওঁতেও এটাও যদি দুখলগা ভিডিঅ দেখা যেন লাগে immediately scroll down that. দেশত কি হৈ আছে কেৱল জানি থওক৷ একেবাৰে সোমাই পৰাৰ কোনো দৰকাৰ নাই৷ যদি আপুনি পজিটিভ, আপোনাৰ একমাত্ৰ লক্ষ হৈছে নিগেটিভ কৰোওৱা৷
– আপোনাৰ ৰোগৰ কথা কেৱল চিকিৎসক আৰু একেবাৰে আপোনজনৰ লগত পাতক৷ গোটেই দুনীয়াক জনোৱাৰ কোনো দৰকাৰ নাই৷ কিবা সমস্যা হ’লে চিকিৎসক বাবে ঘৰৰ মানুহেহে সহায় কৰিব৷
– হাঁহি, ধেমালিৰ মাজত পাৰ কৰক সময়খিনি৷ ইণ্টাৰনেটত হাঁহি, ধেমালিৰ যথেষ্টখিনি খোৰাক আছে৷ সেইবোৰ চাওক৷ মোদী ভাল নে কেজৰিৱাল ভাল সেই বিষয়ত আপুনি গৱেষণা নকৰিলেও হ’ব৷ Positive Atrirude এ বহু সময়ত মানুহক বহু সহায় কৰে৷ গতিকে মনটোক শান্ত, স্থিৰ, হাঁহিমুখীয়া কৰি ৰাখক৷ আমাৰ বেমাৰ হৈ থকা সময়খিনিত কেইবাজনো মানুহ ঢুকাল৷ ঢুকোৱাৰ ভিতৰত দুই এজনৰ আত্মীয় মোৰ একেবাৰে চিনাকি৷ গতিকে মোৰো চিন্তা আৰু ভয় হ’বই৷ তাকে ঠিক কৰিবলৈ মই সকলোধৰণৰ দুখজনক খবৰৰ পৰা নিজকে সম্পূৰ্ণৰূপে আতৰাই ৰাখিছিলোঁ৷
সদায় জিমলৈ গৈ ব্যায়াম কৰা, নিয়মিতভাৱে খেলাধূলা কৰি থকাজনৰো প্ৰাণ লৈছে কভিডে৷ গতিকে বেপেৰুৱা নহ’ব৷ “পানী লাগিছে যদি টেষ্ট নকৰোৱাবা, পজিটিভেই আহিব”,  “এবাৰ হ’ল যেতিয়া আৰু চিন্তা নাই”, “মিডিয়াই বেছি কৰে, ইমানো একো হোৱা নাই” এনেধৰণৰ মন্তব্যবোৰ নুশুনিব৷ যাৰ হৈছে সি হে বুজি পায় কভিড কি বস্তু৷
আকৌ কৈছোঁ বেমাৰটো চিকিৎসকৰ বাবে এতিয়াও নতুন৷ তথাপিও চিকিৎসা বিজ্ঞানীসকল অহৰ্নিশে ব্যস্ত আছে ইয়াৰ প্ৰতিকাৰ কৰাত৷ নেতাসকলৰ কথা পাতি লাভ নাই এতিয়া৷ যিটো হ’ব নালাগিছিল, ইতিমধ্যে সেইটো হ’লেই৷ গতিকে নিজক বচাই চলক৷
নেতা, চৰকাৰ, আইনৰ কথা নাভাবিলেও অন্তত চিকিৎসাৰ লগত জড়িত মানুহখিনিৰ কথা ভাবি মাস্কখন পিন্ধক আৰু নীতি নিয়ম মানি চলক৷ আপুনি মইটো নিৰ্দিষ্ট দূৰত্বত থাকি লেকচাৰ দিব পাৰিম কিন্তু শুস্ৰুষা তেওঁলোকেই কৰিব লাগিব৷ তেওঁলোকৰ কামক অকমান হ’লেও সন্মান জনাওকচোন৷