আঙুৰলতাৰ কাবাডী খেল

432
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


একালৰ বৃন্দাবন; একালত পৰে চন। ফণী শৰ্মাৰ বাসভবনত বছৰেকীয়া পূজাত লোক এইবাৰ তেনেই সেৰেঙা আছিল। আগৰ বছৰ বিলাকত মুখ্যমন্ত্রী, কেবিনেট মন্ত্রী আদিৰে গিজ গিজাই থকা পূজাথলীত এইবাৰ নাই কোনো ভিআইপি। সংবাদ মাধ্যমৰো সেইবাবে দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিলে। বহু বছৰ ধৰি অসমৰ সাংগঠিক সম্পাদকৰ দায়িত্বত থকা ফণী শৰ্মা ২০১৬ চনৰ পৰা হৈ পৰিছিল অসমৰ তৃতীয় শক্তিশালী ব্যক্তি। ২০২১ চনত সোণোৱালক মুখ্যমন্ত্রী পদৰ পৰা আতৰোৱাৰ পিছত তেওঁ হৈ পৰিছিল ড° শৰ্মাৰ পিছতে বিজেপিৰ অন্যতম গুৰুত্বপূৰ্ণ নেতা। সোণোৱালৰ শাসন কালত বহুতৰ মোবাইলৰ স্পীড ডাইলত আছিল ফণী শৰ্মাৰ নম্বৰ। ডিজিপিৰ পৰা ইঞ্জিনিয়াৰ সকলোৱে তেখেতক সমীহ কৰিছিল। হঠাৎ আহিল তেখেতৰ হাৰিয়াণাত বদলীকৰণৰ খৱৰ। তাৰ পিছতে যেন ফণী শৰ্মাৰ অনুগত সকলৰ মুৰত আকাশী সৰগ ভাঙি পৰিল। তাৰ মাজৰে এজন দুৰ্ভগীয়া আছিল আঙুৰলতা ডেকা। বটদ্ৰবাত এক বিশেষ পৰিস্তিতিত টিকট লাভ কৰা শ্ৰীমতী ডেকাই প্ৰথমবাৰ টিকট লাভ কৰিয়েই বিধায়িকা হোৱাৰ সৌভাগ্য লাভ কৰে। জীৱনত কেতিয়াও ৰাজনীতিত প্ৰবেশ কৰিব বুলি নভবা আঙুৰলতাৰ বাবে এই যাত্রা ইমান সহজ নাছিল। যিকোনো ফিল্ডতে অধ্যয়ণ নথকা ব্যক্তি এজনে কাৰোবাৰ কৃপাত সাময়িক ভাবে কিছু সফলতা লাভ কৰিলেও বেছি দূৰ আগবাঢ়িব নোৱাৰে। মহিলা মৰ্চাৰ সভানেত্রী হোৱাৰ পিছত তেওঁৰ দায়িত্ব আছিল অসমৰ নাৰী সকলৰ হৈ কাম কৰাৰ। তিনি তালাক, মহিলাৰ ওপৰত অত্যাচাৰ, হিন্দুত্ব আদিৰ ওপৰত কথা কোৱাৰ সলনি তেওঁ ব্যস্ত আছিল কাবাডী খেল অনুস্থিত কৰাত। তেওঁৰ ভাষণ বা কাম কাজত বিজেপিৰ মহিলাসকলে কোনো অনুপ্ৰেৰণা পোৱা নাছিল। এনেকুৱা মানুহৰ বাবে হিন্দীত এশাৰ কথা আছে _ তুমছে না হো পায়েগা। সম্ভবতঃ এই কথা উপলব্ধি কৰিয়েই আঙুৰলতা ডেকাই পদত্যাগ কৰিলে। নিজৰ দায়িত্বৰ পৰা পলায়ন কৰা ব্যক্তিৰ বাবে কোনো দলত কোনো স্থান নাথাকিব। ইমানতে তেওঁৰ ৰাজনৈতিক কেৰিয়াৰৰ অন্ত পৰিল। হয়তো কোনো ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত আমি অতি শীঘ্ৰে দেখা পাম তেওঁক।