আলফাৰ ৪৫ বছৰীয়া তেজ ৰঙা ইতিহাস

452
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


শিৱসাগৰৰ ঐতিহাসিকৰংঘৰৰ বাকৰিত ১৯৭৯ চনৰ ৭ এপ্রিলত সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাৰ জন্ম। সংগঠনৰ নাম, প্রতীক চিহ্ন, পতাকা আৰু সংবিধান চূড়ান্ত কৰাৰ উদ্দেশ্যে ১৯৭৯ চনৰ জুন মাহত মৰাণত আলফা নেতৃত্বৰ
বৈঠক।

* ১৯৮০ চনত আলফাই কংগ্ৰেছ নেতা, বহিঃৰাজ্যৰ ব্যৱসায়ী, তৈল-গেছ কোম্পানী ,
চাহ বাগিচাৰ বিষয়াক লক্ষ্য কৰি অভিযান আৰম্ভ কৰে। ইয়াৰ বাবে ৰাজ্যখনত ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হয়।

* ১৯৮৫ৰ পৰা ১৯৯০ চনৰ ভিতৰত আলফাৰ অপহৰণ, ধন দাবী, হত্যা আদিৰ বাবে ৰাজ্যখনত ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হয়। বিশেষকৈ প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অসম গণ পৰিষদৰ প্ৰথমটো কাৰ্যকালৰ চৰকাৰখনত ইয়াৰ বাবে সৃষ্টি হয় অস্থিৰতা। ইয়াৰ ভিতৰত আছিল ৰাছিয়ান কয়লা অভিযন্তা গ্রীটচাংকো ছাৰ্গেই, চাহ খেতিয়ক সুৰেন্দ্ৰ পাল আৰু তেওঁৰ ভাতৃ লণ্ডনস্থিত ব্যৱসায়ী লৰ্ড স্বৰাজ পালৰ কৰুণ কাহিনী । সমগ্র দেশক এনে ঘটনাই জোকাৰি যোৱাৰ সময়তে ১৯৯০ চনত ইউনিলিভাৰ’-এ তেওঁলোকৰ চাহ বাগিচাত কৰ্মৰত ৭জন কার্যবাহী বিষয়াক কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ সহযোগত ডুমডুমাৰ পৰা এয়াৰলিফট কৰে। লক্ষণীয়ভাৱে এই বিষয়ে কোনো কথাই জনা নাছিল তদানীন্তন ৰাজ্য চৰকাৰখনে।

* ১৯৯০ চনৰ ২৮ নৱেম্বৰত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন। ইয়াৰ লগে লগে ভংগ হয় প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰ ভংগ হয় । সেইদিনাই সেনাবাহিনীয়ে আলফাৰ বিৰুদ্ধে অপাৰেচন বজৰং আৰম্ভ কৰে। এই অপাৰেচন বজৰঙৰ নেতৃত্বত আছিল সেনাবাহিনীৰ লেফটেনেণ্ট জেনেৰেল অজয় সিং। যিয়ে পিছলৈ অসমৰ ৰাজ্যপাল হৈছিলগৈ।
■ কেন্দ্ৰীয় চৰকাৰে ১৯৯০ চনৰ নৱেম্বৰ মাহতে সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইনৰ অধীনত অসমক অশাক্ত অঞ্চল ঘোষণা কৰে। সমান্তৰালভাৱে আলফাক বিচ্ছিন্নতাবাদী আৰু বে-আইনী সংগঠন হিচাপে ঘোষণা কৰা হয়।

*১৯৯১ চনৰ ৩১ জানুৱাৰীত অপাৰেচন বজৰঙৰ সামৰণি পৰে।
■ তদানীন্তন প্রধানমন্ত্রী চন্দ্ৰশেখৰে ১৯৯১ চনৰ জানুৱাৰী মাহত ৰাজ্যসভাত ঘোষণা কৰে যে যদিহে আলফাই ৰাজনৈতিক আলোচনাৰ বাবে আগ্রহ
প্ৰকাশ কৰে, তেন্তে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ ল’ব। ইয়াৰ বিপৰীতে সেনা অভিযান আৰু ৰাষ্ট্ৰপতি শাসন বলৱৎ থাকিলে কোনো কাৰণতে আলোচনা সম্ভৱ নহয় বুলি আলফাই স্পষ্ট কৰি দিয়ে। তদুপৰি সশস্ত্র সংগঠনটোৱে সাৰ্বভৌমত্বৰ চৰ্তত অটল থকাৰ কথাও ঘোষণা কৰে।
■ ২১৪ দিনৰ অন্তত ১৯৯১ চনৰ ৩০ জুনত অসমৰ পৰা ৰাষ্ট্ৰপতি শাসন প্রত্যাহাৰ৷
■ ৰাষ্ট্ৰপতি শাসন প্রত্যাহাৰ হোৱাৰ পিছত অসমত বিধানসভা নির্বাচন অনুষ্ঠিত
হয় আৰু প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত গঠন হয় কংগ্ৰেছ চৰকাৰ।
■ ১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত আলফাৰ বিৰুদ্ধে অপাৰেচন ৰাইনো আৰম্ভ।
■ ১৯৯২ চনৰ মাৰ্চ মাহত প্ৰথমবাৰলৈ আলফাত বিভাজন। একাংশ নেতা-সদস্যই আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে। তেওঁলোক পৰিচিত
হয় আত্মসমর্পণকাৰী আলফা (ছালফা) হিচাপে।
* অগপ আৰু অদম সাহিত্য সভাৰ সন্দেহজনক স্থিতিত হিতেশ্বৰ শইকীয়াই আৰম্ভ কৰা আলোচনা প্ৰক্ৰিয়া বিফল হোৱাৰ পৰিবেশ সুচনা ।
■ প্ৰফুল্ল কুমাৰ মহত্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ ১৯৯৬ চনত অসমত চৰকাৰ গঠন।

* ১৯৯৭ চনৰ জানুৱাৰী মাহত সেনা, অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লৈ আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে ইউনিফাইড কমাণ্ড
স্ট্রাকচাৰ গঠন। ইয়াৰ নেতৃত্বত আছিল ৰাজ্য চৰকাৰৰ মুখ্য সচিব।

■ ১৯৯৭ চনৰ পৰা ২০০০ চনলৈ অসমত বিৰাজ কৰিছিল এক বিভীষিকাময় পৰিৱেশ। এই সময়ছোৱাতে ৰাজ্যখনত সংঘটিত হয় ইতিহাস
এক ক’লা অধ্যায় ৰূপে চিহ্নিত হোৱা গুপ্তহত্যা কাণ্ড। গুপ্তঘাতকে মূলতঃ টার্গেট কৰি লৈছিল আলফাৰ পৰিয়ালৰ সদস্য-সমর্থকক।
■ ২০০১ চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত অগপৰ পৰাজয় । ৰাজ্যত গঠন হয় তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ।
■ ভূটানত থকা আলফা তথা উত্তৰ-পূৰ্বাঞ্চলৰ সশস্ত্র সংগঠনসমূহৰ শিবিৰত ৰয়েল ভূটান আৰ্মীৰ দ্বাৰা ২০০৩ চনৰ ডিচেম্বৰ মাহত অপাৰেচন অল-ক্লীয়েৰ
■■ চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ ২০০৪ চনত আলফাৰ সন্মতি প্ৰকাশ ।
* ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত আলফাই ১১জনীয়া সদস্যৰে আলোচনা প্রক্রিয়া আগবঢ়াই নিবলৈ গঠন কৰি দিয়ে পিপল্‌ছ কনছাল্টেটিভ গ্রুপ,
চমুকৈ পিচিজি। যাৰ নেতৃত্বত আছিল জ্ঞানপীঠ বঁটা বিজয়ী ড° মামণি ৰয়ছম গোস্বামী। কিন্তু এই আলোচনা প্রক্রিয়াই সফলতা লাভ নকৰিলে ।
■ ২০০৮ চনৰ জুন মাহত জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ নেতৃত্বৰ আলফাৰ ২৮নং বেটেলিয়নে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰে।
■ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব শশধৰ চৌধুৰী, উপ-মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱাকে ধৰি কেইবাজনো শীৰ্ষ নেতাক ২০০৯ চনৰ ডিচেম্বৰ মাহত বাংলাদেশত গ্ৰেপ্তাৰ। পৰৱৰ্তী
সময়ত তেওঁলোকক ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হয় আৰু আটায়ে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকে।
■ ২০১০ চনৰ ডিচেম্বৰত কাৰাৰুদ্ধ আলফা নেতাৰ দ্বাৰা চৰকাৰৰে আলোচনা প্রক্রিয়া আগবঢ়াই নিবলৈ একাংশ বুদ্ধিজীৱী, লেখক, সাংবাদিক আদিক লৈ গঠন কৰা হয় চিটিজেন ফ’ৰাম।
■ ২০১১ চনত সভাপতি অৰবিন্দ ৰাজখোৱাসহ অন্য কাৰাৰুদ্ধ আলফা নেতাসকলক মুক্তি। লক্ষণীয়ভাৱে আলোচনাৰ কুচকাৱাজ চলি থকাৰ সময়তে আলফা দুটা গোটত বিভক্ত হৈ পৰে। সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলোচনাপন্থী আলফা আৰু মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত গঠন হয় আলফা (স্বাধীন)।
■ ২০১১ চনৰ ৩ ছেপ্টেম্বৰত কেন্দ্ৰ-ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত ত্ৰিপাক্ষিক যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ।
■ আলোচনাপন্থী আলফাই ২০১২ চনত চৰকাৰক ১২ দফীয়া দাবী চনদ দাখিল কৰে।
■ ১৯৯৭ চনৰে পৰা বাংলাদেশৰ কাৰাগাৰত বন্দী হৈ থকা আলফাৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াক সুদীর্ঘ ১৮ বছৰৰ অন্তত ২০১৫ চনত মুক্তি আৰু ভাৰতলৈ প্ৰত্যৰ্পণ।
■ ২০২১ চনৰ মে’ মাহত অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ।
■ কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ প্ৰস্তাৱ দি আলোচনাপন্থী আলফালৈ ২০২৩ চনৰ এপ্ৰিল মাহত শান্তি চুক্তিৰ খচৰা প্ৰেৰণ কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত শান্তি চুক্তিৰ খচৰা সন্দৰ্ভত আলোচনাপন্থী
আলফাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা বুলি সদৰী কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই।
সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই নৰ্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্ৰালয়ত আলোচনাপন্থী আলফা আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ মাজত ২০২৩ চনৰ
২৯ ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰ। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।