AC কোঠাৰ বুদ্ধিজীৱী আৰু আলফাৰ শান্তি চুক্তি

459
  • বিশ্বজিত নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


নতুন দিল্লীত আলফা আৰু চৰকাৰৰ মাজত শান্তি চুক্তি সম্পাদিত হয়। ভাল কথা। চাৰি দশক জোৰা ৰক্তাক্ত অধ্যায়ৰ সমাপ্তি ঘটে। কিন্তু এই চুক্তিৰ বিষয় সমূহ ৰাজহুৱা হোৱাৰ পিছতেই একাংশ লোকে চচিয়েল মেডিয়াত এনে কিছুমান আপডেট দিছে যে তাৰ পৰা ধাৰণা কৰিব পাৰি যে,তেওঁলোকে আলফাই অসম স্বাধীন কৰাটো বিচাৰিছিল বা অসম স্বাধীন হোৱাটো বিছাৰিছিল। এই সকল ব্যক্তিক চিনাক্ত কৰি থব। এওঁলোক কোনোবা সাংবাদিক, কোনোবা বুদ্ধিজীৱী, কোনোবা সাংস্কৃতিক কৰ্মী বা কোনোবা সমাজকৰ্মীৰ বেশত আলফাৰ Underground নহয়; Overground ৰ কৰ্মী। এইসকল ব্যক্তিয়েই অত’দিনে অসমখনক অস্থিৰ কৰি ৰাখিছিল। অৱশেষত আলফায়ো বুজি পালে ভাৰত মাতৃৰ গুৰুত্ব আৰু ইয়াৰ স্বাভিমান। এইসকল Non-Ulfa ই যদিও Nationality বুলিলে একান্ত অনিচ্ছা সত্বেও ভাৰতীয় বুলি লিখে কিন্তু প্ৰকৃতাৰ্থত এওঁলোক একো-একোজন বিচ্ছিন্নতাবাদী । এওঁলোকে ভাৰতৰ পৰা প্ৰয়োজনত সকলোবোৰ সুবিধা ল’ব কিন্তু সময়ত ভাৰতৰ বুকুতেই কামোৰ মাৰিব। ইয়াকেই কয় চুকত থাকি বুকুত কামোৰ মৰা।

আলফাৰ বৈদেশিক সচিব তথা মুখ্য আলোচক শশ চৌধুৰীয়ে সাংবাদিকৰ আগত দিয়া বক্তব্য যথেষ্ট প্ৰশংসনীয়। তেওঁ কৈছে যে, আমাৰ হাতত কোনো বিকল্প নাছিল। আমাৰ Bargaining Power নাই। যি দিছে তাতেই সন্তুষ্ট। আত্মসমৰ্পন কৰা মানুহে কাৰ লগত কি দৰদাম কৰিব? ঘৰৰ ল’ৰা ঘৰলৈ উভতি আহিছে; ভাল কথা। বিচ্ছিন্নতাবাদৰ পথ যে ভুল আছিল সেয়া জীৱনৰ বিয়লি বেলাত হ’লেও বুজি পালে। ভৱিষ্যতে আৰু যাতে অসমীয়া ডেকা-ডেকেৰী আলফালৈ বা আন কোনো বিচ্ছিন্নতাবাদী সংগঠনলৈ নাযায় তাৰ বাবে শশ চৌধুৰী হতেই ডাঙৰ উদাহৰণ হৈ ৰ’ব।

কিন্তু ইয়াৰ বিপৰীতে AC Room ত বহি দামী মদত চুমুক মাৰি,নিজৰ সন্তানক দেশে-বিদেশৰ Five Star বিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়ুৱাবলৈ পঠিয়াই নিজে-নিজে একোটা Safe Zone ত থাকি আনৰ ল’ৰা-ছোৱালীক বিপ্লৱৰ পথত যাবলৈ Provoke কৰা সাংবাদিক-বুদ্ধিজীৱীৰ অভাৱ নাই এইখন অসমত। এওঁলোক জাতিৰ নামত একো একোটা গলগ্ৰহ। আজি ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত সমস্যা নাই? কিন্তু বিচ্ছিন্নতাবাদী সংগঠনলৈ আনৰ সন্তানক পঠিয়াবলৈ বিচৰা Third class Journalist/ Intellectual অসমৰ বাহিৰে কতো নাই।

এই সাংবাদিক, বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, সমাজকৰ্মীক চচিয়েল মেডিয়াৰ যোগেদি ৰাইজে চিনি পাইছে । এওঁলোকৰ বিৰুদ্ধে আনিব লাগে দেশদ্ৰোহৰ গোচৰ। এওঁলোকেই অসমক স্মসান কৰি তুলিবলৈ প্ৰতিমুহুৰ্তত সাজু কৰি ৰাখে খৰি-খেৰ।