বাক্সাৰ সমষ্টিৰ প্ৰাৰ্থী আইপিছ মিশ্ৰ?

497
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ গ্লেমাৰাছ আই.পি.এছ বিষয়া আনন্দ মিশ্ৰই চাকৰিৰ পৰা ইস্তফা দি কৈছে যে তেওঁ নিজৰ গাওঁত গৈ কাম কৰিব। কোনো ভবিষ্যত পৰিকল্পনা নোহোৱাকৈ ইমান উচ্চ পদৰ চাকৰি এৰি গাওঁত অনাই বনাই ঘুৰি থাকিব বুলি বিশ্বাস নহয়। তাতে আকৌ ২০২৪ লোকসভা নিৰ্বাচন সমাগত। খৱৰ পোৱামতে আনন্দ মিশ্ৰই অতি শীঘ্ৰে বিজেপিত যোগদান কৰি বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিব। এই সমষ্টিৰ বৰ্তমানৰ সাংসদ কেন্দ্ৰীয় মন্ত্রী অশ্বিনী চৌবে। চৌবেৰ বয়স প্ৰায় ৭০ বছৰ। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চৌবেৰ টিকট কাটি মিশ্ৰক টিকট দিয়াৰ যো জা কৰিছে। চৌবে আৰু মিশ্ৰ দুয়ো ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰা অহা। স্বাভাবিকতে এজন আইপিএছক টিকট দিলে বিজেপি কিছু সুবিধাজনক স্তিতিত থাকিব। বিহাৰৰ জিলাই জিলাই ঘূৰি ইতিমধ্যে প্ৰশাম্ত কিশোৰে জনজাগৰণ অনাৰ চেষ্টা কৰিছে। প্ৰশান্ত কিশোৰৰ বিৰূদ্ধে বিজেপিয়ে আনন্দ মিশ্ৰক ব্যৱহাৰ কৰিব পাৰে। বিহাৰত এনেও মানুহৰ আই.এ.এছ আৰু আইপিএছৰ প্ৰতি বহুত দুৰ্বলতা আছে। নিতিশ আৰু লালুৱে একেলগ হৈ নিৰ্বাচন খেলিলে বিজেপিক কিছু নতুন মুখৰো দৰকাৰ হ’ব। সকলো ঠিকে ঠিকে থাকিলে অসমত চাকৰি কৰা এছ.পি আনন্দ মিশ্ৰই ২০২৪ত লোকসভাত প্ৰবেশ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। মাজুলীত মোহন ভাগবত আৰু আনন্দ মিশ্ৰৰ মিটিং হোৱাৰ কথা আছিল। ইয়াৰ পিছতেই মিশ্ৰই নিজৰ ভবিষ্যত পৰিকল্পনাৰ কথা সামাজিক কৰাৰ সম্ভাবনা আছে।