নিতিশ কুমাৰ পুনৰ এনদিএলৈ?

478
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ধোৱা ওলাইছে মানে জুই জ্বলিছেই। নিতিশ কুমাৰৰ দলত সকলো ঠিকে ঠাকে নাই। দলৰ ৰাষ্ট্ৰীয় সভাপতি লাল্লন সিং এ পদত্যাগ কৰিলে। নিতিশ কুমাৰে পুনৰ বিজেপিৰ লগ লাগিব বুলিও কোনো সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এনেকুৱা বিভিন্ন খৱৰেৰে এতিয়া ৰাজনৈতিক বজাৰ গৰম হৈ আছে। লালু প্ৰসাদ, বিজেপি, নিতিশ সকলোৰে নিজা নিজা অংক আছে। লালুৱে বিচাৰে তেওঁৰ পুত্র মুখ্যমন্ত্রীৰ আসনত বহক। সেইবাবে লালুৱে নিতিশৰ নামতো ইণ্ডি এলাইন্সৰ প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী ঘোষণা কৰাটো বিচাৰে। নিতিশৰ সাংসদ সকলে বুজিছে যে ২০২৪ত মোদীক পৰাজিত কৰা কঠিন হ’ব। তেওঁলোক পুনৰ সাংসদ পদত জয়ী হ’বনে তাৰ কোনো নিশ্চয়তা নাই। সেয়েহে জনতা দলৰ এটা বৃহৎ অংশই নিতিশক বিজেপিত যোৱাৰ বাবে হেচা প্ৰদান কৰিছে। দলৰ সভাপতি লাল্লন সিং হৈছে আৰজেদিৰ ঘনিষ্ঠ। তেওঁৰ লবীটোৱে বিচাৰে জনতা দল আৰজেদিৰ লগত থাকক। বিজেপিয়ে শংকা কৰিছে যে লালু-নিতিশ একেলগে নিৰ্বাচন খেলিলে ২০২৪ত দলৰ কিছু হ’লেও ক্ষতি হ’ব। নিতিশ যদি এনদিএলৈ আহে তেন্তে তেওঁলোকে বিহাৰৰ ৯০% আসন দখল কৰিব পাৰিব। সেয়েহে ইমান অপমানৰ পিছতো বিজেপিয়ে নিতিশক আদৰিবলৈ ব্যাকুল হৈ আছে। নিজৰ দলৰ সংখ্যাগৰিষ্ঠতা নথকাকৈ নিতিশে ১৮ বছৰ বিহাৰ শাসন কৰিলে। এইবাৰ তেওঁ কি ৰাজনৈতিক খেল খেলে সেয়া কিছুদিনৰ পিছত স্পষ্ট হ’ব।