বিদেশত দুৰ্ভগীয়া মানুহ

397
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২১ ডিচেম্বৰত মুক্তি পোৱা ডাংকি চিনেমাখনলৈ অধিক আগ্ৰহেৰে ৰৈ আছিলো। ৰাজকুমৰা হিৰানীৰ মুন্নাভাই এমবিবিএছ, ৩ ইডিঅট চোৱাৰ পিছত স্বাভাবিকতে এই চিনেমাখনকলৈ বহু আশা আছিল। কিন্তু চিনেমাখন চাই খুৱ নিৰাশ হ’লো। প্ৰথম ভাগটো অলপ থিক আছিল যদিও ইন্টাৰভেলৰ পিছত চিনেমাখন বিৰক্তিকৰ হৈ পৰে। ৰাজকুমাৰ হিৰানীৰ পৰা বহু উন্নত মানৰ ছবি আশা কৰা যায়। যদিও চিনেমাখনৰ গতি, অভিনয় আদি মনপুত হোৱা নাছিল তথাপিও কিন্তু এটা কথা ক’ব লাগিব যে চিনেমাখনে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় স্পৰ্শ কৰে। বিদেশত কাম কৰি সোনকালে ধনী হোৱাৰ প্ৰবনতা বহু ভাৰতীয়ৰ আছে। বেআইনী ভাবে হাজাৰ হাজাৰ ভাৰতীয় মানুহ ইংলেণ্ড, আমেৰিকা, কানাডা আদিত প্ৰবেশ কৰে। যাত্রা পথত মৰুভূমি, গভীৰ অৰণ্য আদিৰ মাজেৰে খোজ কাঢ়ি ৭৫% লোকে মৃত্যুক সাবতি ল’ব লগা হয়। যি ২৫% বাচি যায় তেওঁলোকৰ জীৱন বিদেশত সহজ নহয়। ৩ জন মানুহ থাকিব পৰা ঘৰ এটাত ২৫-৩০ জন মানুহ হাহ- কুকুৰাৰ দৰে বাস কৰে। ভিক্ষা মাগি, শ্বপিং মলৰ চাফ চাফাই আদি কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। খুব কষ্টৰ মাজেৰে জীৱন জাপন কৰি হ’লেও তেওঁলোকে ভাৰতৰ নিজৰ ঘৰলৈ মাহত ৪০ বা ৫০ হাজাৰ টকা পঠাব পাৰে। সেয়াই তেওঁ লোকৰ প্ৰাপ্তি। মই চাকৰি সুত্রে ৫ বছৰ লণ্ডতত বাস কৰিছিলো। তাত এনেকুৱা বহু মানুহ দেখা পাইছিলো। লণ্ডনৰ চাউথ হ’ল নামৰ ঠাইখিনি এনেকুৱা মানুহেৰে ভৰি আছে। ৰেলৱে ষ্টেচনটো আনকি বহু মানুহ শুই থাকে। কিছুমানে ভাৰত ঘূৰি যাব বিচাৰে যদিয়ে তেওঁলোকৰ হাতত পাছপোৰ্ট নাথাকে। দিল্লীৰ এজন মনোবিজ্ঞানীৰ মতে মুলতঃ দুটা কাৰণত মানুহে বিদেশলৈ গৈ টকা উপাৰ্জন কৰিব বিচাৰে। ঘৰত খুব আৰ্থিক অনাটন হ’লে পঞ্জাব আদি প্ৰদেশত বিদেশ যোৱাৰ প্ৰবণতা আছে। দ্বিতীয় কাৰণটো হ’ল ঈৰ্ষা। প্ৰতিবেশী বা বন্ধুৱে যদি নিজতকৈ বহু ধনী হৈ যায় তেতিয়াও কিছু লোকে বিদেশত গৈ ধন উপাৰ্জন কৰিব বিচাৰে। মুঠৰ ওপৰত কাৰণ যিয়ে নহওক বেআইনী ভাবে অন্য দেশত প্ৰবেশ কৰা কামটোত জীৱনৰ ৰিক্স বহুত আৰু সকলোৱে ইয়াৰ পৰা বিৰত থকাই মংগল।