সমুখ সমৰত গৌৰৱ-ৰকিবুল- প্ৰদ্যুত

413
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমৰ মুঠ লোকসভা সমষ্টিৰ সংখ্যা ১৪টা। ইয়াৰ ভিতৰত মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি তিনিটা হ’ল ধুবুৰী, নগাঁঅ আৰু কৰিমগঞ্জ। সমষ্টি পুনৰনিৰ্ধাৰনৰ পিছত বৰপেটা আৰু কলিয়াবৰ(কাজিৰঙা) ত মুছলমানৰ আধিপত্য কমিল। কংগ্ৰেছ যিহেতু মুছলমানৰ ভোটৰ ওপৰত নিৰ্ভৰশীল সেয়েহে এই তিনিটা সমষ্টিতে টিকট প্ৰত্যাশীৰ সংখ্যা সৰহ। ইয়াৰ ভিতৰতে আকৌ ধুবুৰী আৰু কৰিমগঞ্জৰ কথা অলপ সুকীয়া। ধুবুৰীত বংগ মূলৰ মুছলমানৰ সংখ্যা প্ৰায় ৮৫% আৰু ইয়াৰ বৰ্তমানৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল। কোনো অসমীয়া হিন্দু বা মুছলমানে ধুবুৰীত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱাৰ সম্ভাবনা খুব কম। কৰিমগঞ্জত বংগভাষী মুছলমান প্ৰায় ৬০%। ইয়াতো টিকটৰ দাবীদাৰ মুলত পমুৱা মুছলমান সকল। গতিকে কংগ্ৰেছৰ ডাঙৰ হিন্দু নেতাসকলৰ এটা মাত্র সুৰক্ষিত সমষ্টি আছে সেয়া হ’ল নগাঁঅ। নগাঁঅত যদিও ৬০% মান মুছলমান ভোটাৰ আছে , তাত অসমীয়াভাষী হিন্দু আৰু কিছু অসমীয়া মুছলমানো আছে। সেয়েহে বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ লগতে গৌৰৱ গগৈৰো চকু নগাঁঅত। অকল মাত্র নগাঁঅত প্ৰাৰ্থীত্ব বিচাৰিলে বেয়া দেখি বাবে গগৈয়ে যোৰহাট আৰু কাজিৰঙাৰ নামো ফৰ্মত উল্লেখ কৰিছে। ৰকিবুল হুছেইনে কেবল মাত্র গৌৰৱ গগৈৰ কথামতে নিজৰ মনোনয়ন দিছে। হাইকামাণ্ডৰ ওচৰত হুছেইনে গৌৰৱ গগৈক সমৰ্থন কৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব। গৌৰৱ গগৈ যিহেতু কংগ্ৰেছ ৱৰ্কি কমিটিৰ মেম্বাৰ আৰু লগতে ৰাহুল গান্ধীৰ ঘনিষ্ঠ সেয়েহে টিকট বিতৰণত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। বৰ্তমান সময়ত এটা কথা ক’ব পাৰি যে গৌৰৱ গগৈয়ে নগাঁঅত টিকট পোৱাটো ১০০% নিশ্চিত আৰু তাৰ পৰা জয়ী হৈ তৃতীয়বাৰ সাংসদ হোৱাটোৱো প্ৰায় নিশ্চিত।