ভাৰত বিভাজন আৰু কংগ্ৰেছৰ ৮ টা মহাভুল

865
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯৪০ চনত সাৱৰকাৰে অসমত মুছলমান অনুপ্ৰৱেশৰ সতৰ্কবাণী দিছিল। সেই সময়ত জৱাহৰলাল নেহৰুৱে এই বিষয়টোক তুচ্ছজ্ঞান কৰি কৈছিল যে প্ৰকৃতিয়ে শূন্যতাক ঘৃণা কৰে। সাৱৰকাৰে উত্তৰ দিলে যে শূন্যস্থান বিষাক্ত গেছও দখল কৰিব পাৰে ! ২০০৮ চনলৈ ভাৰতত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সংখ্যা আনুমানিক চল্লিশৰ পৰা পঞ্চাশ নিযুত।
বৃটিছে কৰা সম্প্ৰদায় ভিত্তিত ১৯৪১ চনৰ লোকপিয়ল কংগ্ৰেছে বৰ্জন কৰিছিল। সাৱৰকাৰে আঙুলিয়াই দিয়ে যে অহা দহ বছৰৰ সাংবিধানিক অগ্ৰগতি এই লোকপিয়লৰ তথ্যৰ ভিত্তিত হ’ব আৰু ইয়াৰ বৰ্জন বিপৰ্যয়জনক হ’ব। কংগ্ৰেছৰ আহ্বানক অধিকাংশ হিন্দুৱে সমৰ্থন কৰি তথ্য দিয়া নাছিল । অন্যহাতে জিন্নাৰ আহ্বানত প্ৰতিজন মুচলমানে লোকপিয়লত অংশগ্ৰহণ কৰিলে । বিভাজনৰ সময়ত পাকিস্তান আৰু ভাৰতীয় সংঘৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল এইটোৱেই ১৯৪১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত।

বীৰ সাৱৰকাৰে বিচ্ছিন্নতাবাদী মুছলমান ৰাজনীতিৰ সঠিক বিশ্লেষণ কৰি সকীয়াই দিছিল যে গান্ধীৰ মুছলমান সন্তুষ্টিৰ নীতি আত্মহত্যামূলক বুলি প্ৰমাণিত হ’ব। ১৯৪৬ চনৰ ০৬ অক্টোবৰত হৰিজনৰ এটা প্ৰবন্ধত গান্ধীয়ে হিন্দু-মুছলমান ঐক্যৰ ক্ষেত্ৰত নিজৰ পৰাজয় স্বীকাৰ কৰিছিল।

১৯৪০ চনৰ পৰাই সাৱৰকাৰে পাকিস্তানৰ আগমনীয়া ছাঁৰ বিৰুদ্ধে সতৰ্ক কৰি দিছিল। আনহাতে, ১৯৪৫ চনৰ শেষৰ ফালে জৱাহৰলাল নেহৰুৱে, পাকিস্তান কেতিয়াও বাস্তৱায়িত নহ’ব বুলি বিশ্বাস কৰিছিল।

ভাৰতীয় সেনাবাহিনীৰ অংশগ্ৰহণ অবিহনে স্বাধীনতা সংগ্ৰাম সফল নহ’ব বুলি সাৱৰকাৰৰ এই ধাৰণাটোক ১৯৪৭ চনত ভাৰতীয় জাতীয় সেনাবাহিনী আৰু নৌসেনাৰ বিদ্ৰোহৰ পিছত ক্ষমতা হস্তান্তৰ কৰি ন্যায্যতা প্ৰদান কৰা হয়।

স্বাধীনতাৰ কেইসপ্তাহমানৰ ভিতৰতে অৰ্থাৎ ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত সাৱৰকাৰে পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰাৰ লগতে নিজামৰ বিদ্ৰোহৰ বিষয়ে সতৰ্ক কৰি দিয়ে। তেওঁ বাৰে বাৰে শক্তিশালী, আধুনিক ভাৰতীয় সেনাবাহিনী, সীমান্তত সজাগতা আৰু পাৰমাণৱিক অস্ত্ৰৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আনহাতে, প্ৰধানমন্ত্ৰী নেহৰুৱে ভাৰতীয় সেনাৰ প্ৰথম সেনাধ্যক্ষক কৈছিল যে ভাৰতক সেনাৰ প্ৰয়োজন নাই আৰু পুলিচ যথেষ্ট!

তিব্বতৰ ওপৰত চীনা ডিজাইনৰ বিৰুদ্ধে সকীয়াই দিছিল বীৰ সাৱৰকাৰে যেতিয়া দেশখন নেহৰুৰ পঞ্চশীল আৰু হিন্দী-চিনি ভাই ভাই ভাইৰ দ্বাৰা নিস্তব্ধ হৈ পৰিছিল ।
সাৱৰকৰ আৰু আম্বেদকাৰে ইছলামিক ৰাজনীতিৰ বিচ্ছিন্ন আদৰ্শক মুকলিকৈ বিৰোধ কৰিছিল । কিন্তু গান্ধীৰ ছত্ৰছায়াত থাকি নেহৰুৱে সকলো বিষয় আওকান কৰি ক্ষমতা দখল কৰি চৰকাৰ চলাই গ’ল ।