উৎসৱক লৈ ব্যস্ত চৰকাৰ..ৰাইজ বিমোৰত

1455
  • মৃণাল মিহিৰ গোস্বামী

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


নৱেম্বৰৰ ১৭ তাৰিখ। এটা বিশেষ কামত উত্তৰ গুৱাহাটীৰ পৰা খানাপাৰলৈ আহি আছিলো;  সন্ধিয়া ৬ বজাত। সাধাৰানতে ৩০ মিনিটৰ পৰা ৪৫ মিনিট সময় লয়। কিন্তু সেইদিনা সময় ললে প্ৰায় দুঘন্টা। লখৰাৰ চিগনেলত প্ৰচণ্ড ট্ৰেফিক জাম। প্ৰথমতে অলপ হায়ৰান হ’লো যেতিয়া এ.এছ.টি.চিৰ সন্মুখৰ bridgeৰ  পৰা গাড়ীৰ লাইন দেখিলো। জামৰ মাজেৰে গৈ দেখিলো লখৰাৰ চিগনেলৰ কাষতে ৰাস উজ্জাপন কৰা হৈছে। সেই কাৰণে প্ৰায় ডেৰ ঘন্টা সময় জামত ফচি থাকিব লগীয়া হৈছিল। লখৰা চিগনেল পাৰ হৈ দেখিলো বিপৰীত ফালৰ পৰা অহা গাড়ীবোৰোৰো একে অবস্থা। কিমান যে মানুহৰ অসুবিধা হৈছে ; কিমানে নিজৰ ফ্লাইট মিছ কৰিছে। একমাত্র হাইৱেৰ কাষত উজ্জাপন কৰা ৰাসৰ বাবে। কেইদিনমান আগতেই আমি দুৰ্গা পূজা উজ্জাপন কৰিছো। তাৰ পিছত দিৱালী। ইংৰাজী নতুন বছৰ আৰু মাঘ বিহু আহি আছে। তেনে অবস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিতেই কাষত ৰাস উজ্জাপন কৰাৰ অনুমতি দিয়াৰ অৰ্থ কি আছিল? উৎসৱ পাৰ্বনত ব্যস্ত থকা চৰকাৰ খনৰ  বাবে এইটো চাগে সাধাৰান কথা আছিল। কিন্তু ৰাইজে যে ইয়াৰ বাবে দুৰ্ভোগ ভূগিছে চৰকাৰৰ কোনো ভ্ৰক্ষেপ নাই। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনে অনুষ্ঠানৰ অনুমতি দি ৰাইজৰ বাবে দুৰ্ভোগ নানিব। আমাৰ কাতৰ অনুৰোধঁ….