কমলা পলাশবাৰী, জয়ন্ত দিছপুৰৰ পৰা

1857

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব প্ৰয়াসী সকলে ভিৰ লগাইছেই। বিভিন্নজনে টিকট পোৱাৰ আশাত নিজৰ সমষ্টিত কাম কৰিবলৈ আৰম্ভ কৰিছে। ক’ৰোনা শাম কটাৰ পিছতেই আৰু অধিক নেতাৰ খদম-দম লাগিব। ক্লাব , নামঘৰ, অনুষ্ঠান আদিত অনুদান বৃদ্ধি পাব।
বহুতে আকৌ ইলেকট্ৰনিক মিডিয়াক মেনেজ কৰি নিজৰ নিজৰ নাম জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছে । বৰ্তমানৰ বিধায়ক সকলৰ টিকট কটা যাব বুলি আশা কৰি বহু বিজেপি নেতাই সমষ্টিয়ে সমষ্টিয়ে প্ৰচাৰ আৰম্ভ কৰিছে। বৰ্তমান দুটা লবীত বিভক্ত বিজেপিৰ কোনে টিকট পায় আৰু কাৰ টিকট কটা যায় এয়া লাহে লাহে পৰিস্কাৰ হ’ব,  যদিও আমাৰ হাতত কেইটামান খবৰ আহি পৰিছে। কমলা কলিতাই এইবাৰ পলাশবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাবনা আছে। এনে ক্ষেত্রত অগপ-বিজেপিৰ মিত্রতা হ’লে বিজেপিয়ে এইখন আসন অগপক এৰি দিব। সেয়েহে টিকট লাভৰ পৰা বঞ্চিত হ’ব বৰ্তমানৰ বিধায়ক প্ৰণব কলিতা। একেদৰে দিছপুৰৰ পৰা অতুল বৰাৰ নাম কটা যোৱাটো প্ৰায় খাটাং। দিছপুৰৰ দাবীদাৰ অনেক জন যদিও সকলোতকৈ আগত আছে জয়ন্ত দাস আৰু জয়ন্তমল্ল বৰুৱা। উল্লেখযোগ্য যে যোৱাবাৰৰ টিকট বঞ্চিত বৰুৱাই তিনিটা সমষ্টি ক্ৰমে পাটাছাৰকুছি, নলবাৰী আৰু দিছপুৰৰ যিকোনো এটাৰ পৰা নিৰ্বাচন খেলিব বিচাৰিছে। পাটাছাৰকুছিৰ পৰা ৰঞ্জিত দাসে যিহেতু খেলিব বিচাৰিছে আৰু নলবাৰীত যিহেতু অশোক শৰ্মাৰ ভেটি সবল সেয়েহে বৰুৱাই এতিয়া দিছপুৰত মনোনিবেশ কৰিছে। বিধায়ক ৰূপে অতুল বৰাৰ হয়তো এইটোৱে শেষ কাৰ্য্যকাল। বৰাকৰ দুজন বিধায়কৰ টিকট কটা যাব বুলি খবৰ ওলাইছে। তেওলোক হ’ল বৰখোলাৰ বিধায়ক কিশোৰ নাথ আৰু কাটিগৰাৰ বিধায়ক অমৰচান্দ জৈন।
আন দুজন বিধায়কৰো টিকট কটা যোৱাৰ সম্ভাবনা আছে। লামডিংৰ শিবু মিশ্ৰ আৰু ৰহাৰ ডিম্বেশ্বৰ দাসৰ টিকটকলৈ শেষ মুহুৰ্তলৈ অ‍ালোচনা বিলোচনা হ’ব পাৰে। জানিব পৰা মতে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে মাজুলী সমষ্টি এৰি মৰাণ বা ডিব্ৰুগড় সদৰৰ পৰা নিৰ্বাচন খেলিবলৈ ইচ্ছা কৰিছে। তেনেহ’লে প্ৰশান্ত ফুকন আৰু চক্ৰধৰ গগৈৰ আসন সলনি হ’ব পাৰে। সময় যোৱাৰ লগে লগে ছবিখন আৰু অধিক স্পষ্ট হ’ব।