আৰ.টি.আই আইনৰ গোপন উদ্দেশ্য

1523

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০০৪ চনৰ ৪ জুন , প্ৰধানমন্ত্ৰী মনমোহন সিং ৰ নেতৃত্বত এন এ চি ( ৰাষ্ট্ৰীয় মাৰ্গ দৰ্শক মণ্ডলী ,  National Advisory Council)  গঠন কৰা হয় । কংগ্ৰেছে বাওঁপন্থী দলৰ সমৰ্থনত ক্ষমতা হস্তগত কৰে আৰু বিখ্যাত অৰ্থনীতিবিদ মনমোহন সিং ৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হয় । চৰকাৰ গঠনৰ পিছতেই ছোনিয়া গান্ধীৰ সভাপতিত্বত এন এ চি গঠন হয় । প্ৰায় ১৫-২০ জনীয়া  বুদ্ধিজীৱীৰ দল এটাৰে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা সমিতি এখন গঠন হয় । এই দলটোৰ এজন আছিল অৰুণা ৰয় । সম্পুৰ্ণ বাৰ মাহ পিছত সংসদত তথ্য জনাৰ অধিকাৰ বিল খন সংসদত পাছ হৈ আইনত পৰিণত হয় আৰু ১২ অক্টোবৰ তাৰিখৰ পৰা আইন খন কাৰ্য্যক্ষম হয় ।
Freedom of Information Act, 2002. ৰ স্থানত বিখ্যাত আৰ টি আই আইন সংসদত পাছ হয় । আৰ টি আই কৰ্মী আৰু লগতে ভাৰতৰ জনতাৰ কাৰণে এটা ঐতিহাসিক দিন হিচাপে জ্ঞন্য কৰা হয় । দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ এই আইন খনে শক্তিশালী ভুমিকা ল’ব বুলি সকলোৱে বিশ্বাস কৰিছিল আৰু বহু ক্ষেত্ৰত দুৰ্নীতি উদঘাটনত বিশেষ ভুমিকা লৈছিল । আৰ টি আই আইন খন জন্ম হোৱাৰ পোন্ধৰ বছৰ হৈ গ’ল আৰু এই পোন্ধৰ বছৰত বহু জন আৰ টি আই কৰ্মী হত্যাৰ স্বীকাৰ হৈছে আৰু বহু আৰ টি আই কৰ্মী দুৰ্নীতি আৰু দালালীৰ অভিযোগত অভিযুক্ত হৈছে । ২৮ নৱেম্বৰত এখন অৰ্ডাৰ ( Number 177326 )  জাৰি কৰে মিলিটাৰী  চেক্ৰেটাৰী ব্ৰাঞ্চৰ কৰ্ণেল অজয় শ্বাহে  । মিলিটাৰী চেক্ৰেটাৰী বিভাগে জাৰি কৰা এই পত্ৰ খনক সেনাৰ মুখ্য সেনাধ্যক্ষ কাৰ্যলয়ে এই খন পত্ৰত মঞ্জুৰী প্ৰদান কৰে । পত্ৰখন The Indian Express কাকতৰ ১ ডিচেম্বৰ ২০০৫ চনৰ পুণেৰ পৰা প্ৰকাশিত সংখ্যাটোত কাকত খনে দাবী কৰা মতে উক্ত পত্ৰ খনৰ এটা কপি কাকতৰ হাতত মজুত আছে । ইণ্ডিয়ান এক্সপ্ৰেছ কাকত খনত  প্ৰকাশিত তথ্য মতে সেনাৰ  তৰফৰ পৰা জনোৱা হৈছিল যে আাৰ টি আইৰ অধিনত সেনাই সকলো তথ্য জনাবলৈ প্ৰস্তুত নহয় কাৰণ সেনাৰ তথ্যৰ লগত দেশৰ সুৰক্ষা জড়িত হৈ থাকে । যেতিয়া প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাঁতা সমিতিৰ সদস্য অৰুণা ৰয়ক ইণ্ডিয়ান এক্সপ্ৰেছৰ সাংবাদিকে প্ৰতিক্ৰিয়া বিচাৰিছিল তেতিয়া অৰুণা ৰয়ৰ মন্তব্য আছিল ‘ ……the armed services are no more sanctified than any other agency in the government . This is taxpayers money we are talking about .’   অৰুণা ৰয়ে সেনা সম্পৰ্কে কৰা এই উক্তিৰ পৰাই বুজা যায় যে আৰ টি আই আইনৰ গোপন উদ্দেশ্য কি আছিল । সেই সময়ত ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ আছিল জে জে সিং । আৰু অৰুণা ৰয় আছিল আৰ টি আইনৰ জন্মৰ মুল ব্যক্তি । আজিৰ তাৰিখত সেনাৰ অধিকাংশ বিষয় আৰ টি আই আইনৰ আওতাত পৰে  পোন্ধৰ বছৰ আগৰ আৰ টি আই কৰ্মী অৰুণা ৰয় এতিয়া ‘কা ‘ আন্দোলনৰ নেত্ৰী আৰু ধাৰা ৩৭০ ভংগ হোৱাৰ পিছত ভাৰত চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কৰা ব্যক্তি সকলৰ অন্যতম ।
১৯৬২ চনৰ চীনা যুদ্ধৰ সময়ত অবিভক্ত  চিপিআই দলে ভাৰতীয় সৈন্যৰ ৰক্তদান কৰিবলৈ দলৰ কেডাৰ সকলক বাধা দিছিল আৰু মুকলি ভাবে চীনা সৈন্যক সমৰ্থন কৰিছিল ।দলটোৰ এই স্থিতিৰ বিৰুদ্ধে তেতিয়াৰ নেহেৰু চৰকাৰে বহু চিপিআই সদস্য আৰু নেতাক গ্ৰেপ্তাৰো কৰিছিল ।

২০১৯ চনৰ ডিচেম্বৰ মাহত চিপিআই(এম) দলৰ সীতাৰাম য়েচুৰীয়ে  সেনাপ্ৰধান বিপিন ৰাৱতৰ বিৰুদ্ধে কৰা অপমান জনক মন্তব্যই তেওঁৰ দলৰ স্থিতি সম্পৰ্কে এটা স্পষ্ট ধাৰণা দিয়ে ।
“This is politicisation happening (in) armed forces. A dangerous trend.. If it continues, ours will also deteriorate, like the role of Army in Pakistan.” __এইয়া আছিল য়েচুৰীৰ মন্তব্য ।

‘Talk less work more …………………

কংগ্ৰেছৰ লোকসভাৰ নেতা অধিৰ ৰঞ্জন চৌধুৰীয়ে এই বছৰ জানুৱাৰী মাহত  বৰ্তমানৰ সেনাপ্ৰধান মনোজ মুকুন্দ নৰৱানেক তাচ্ছিল্য কৰি এই মন্তব্য কৰিছিল ।
Army operations kill more civilians than terrorists: Ghulam Nabi Azad

‘ সেনাবাহিনীয়ে কাশ্মীৰত সন্ত্ৰাসবাদীতকৈ সাধাৰণ জনতাকহে লক্ষ কৰি লয় । ‘
২০১৮ চনত সেনাৰ বিৰু্দ্ধে কংগ্ৰেছৰ ৰাজ্যসভাৰ নেতা গুলাম নবি আজাদৰ এই মন্তব্য ।

“Ours is not a mafia Army like Pakistani army which makes statements like goons on the street. It looks bad when our Army chief gives a statement like a sadak ka goonda.”

২০১৭ চনত কংগ্ৰেছৰ  প্ৰাক্তন সাংসদ আৰু দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষিতৰ পুত্ৰ   সন্দিপ দিক্ষিতে বৰ্তমানৰ চিফ অৱ ডিফেন্স ষ্টাফ আৰু প্ৰা: সেনাপ্ৰধান বিপিন ৰাৱতক ৰাষ্টাৰ গুণ্ডা বুলি কোৱা ভাৰতৰ মানুহে দেখিছিল ।

Indian army waging war against its own people: Arundhati Roy
এন আৰ চি – এন পি আৰ – কা বিৰোধী  আৰু ধাৰ ৩৭০ সমৰ্থক আন্দোলনৰ নেত্ৰী , বিখ্যাত লেখিকা আৰু অৰুণা ৰয়ৰ সহযোগী অৰুন্ধতী ৰয়ে ভাৰতীয় সেনাৰ বিৰুদ্ধে কৰা মন্তব্যই ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত সমাদৰ পাইছিল ।

‘চীনৰ সৈন্যৰ আক্ৰমণত ভাৰতীয় সেনা ধৰাসায়ী হৈছে সীমান্তত ………..’
লাদাখৰ কংগ্ৰেছ নেতা আৰু লাডাখৰ কাউন্সিল’ৰ জাকিৰ হুছেইনৰ মন্তব্য ।