লণ্ডনৰ সকলোতকৈ গৰম দিন

554
  • ৰূপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯ জুলাই, মঙলবাৰ আছিল ব্ৰীটেইনৰ ইতিহাসৰ সকলোতকৈ গৰম দিন। লণ্ডনত সিদিনা পাৰা ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল। চাৰিওফালে ৰাইজৰ অবস্থা নাজল-নাথল। তীব্ৰ গৰমৰ বাবে মানুহ অসুস্থ হৈ পৰিছিল বহুতো। চাৰিওফালে কেবল এমবুলেঞ্চৰ চাইৰেনৰ শব্দ। এই গৰম দিনটো হঠাতে অহা নাছিল। ব্ৰীটেইনৰ বতৰ বিজ্ঞানী সকলে খুব সঠিক পুৰ্ব‍ানুমান কৰে। আজি ১৫ দিন মানৰ পৰাই শুনি আছিলো গৰম দিন আহি আছে। ডাঙৰ শ্বপিং মল বিলাকত সোমালেই দেখা যায় টেবুল ফেনৰ বৃহৎ ষ্টক। ময়ো ভয়তে ফেন এখন কিনিলো। যোৱা ১২ বছৰে লণ্ডনত আছো কিন্তু ফেন ব্যৱহাৰ কৰিবলগীয়া হোৱা নাছিল। অবশেষত সেই দিনটো আহিল। ১৯ জুলাই। ৰাতিপুৱাই ঘৰৰ পৰা অফিছলৈ ট্ৰেইন ধৰিলো। ট্ৰেইন লাইনত জুই লাগিছে। ট্ৰেইন লাইনৰ সামগ্ৰীবোৰ ইমান গৰম সহ্য কৰিব পৰাকৈ নিৰ্মান কৰা নাই। ট্ৰেইনখন বাৰে বাৰে ৰখিছে, চলিছে আৰু ৰখিছে। বহু ট্ৰেইন বাতিল কৰা হৈছে। প্ৰায় ১ ঘন্টা পলমকৈ অ’ফিছ পালো। অফিছত অবশ্যে এয়াৰ কণ্ডিছন আছিল বাবে গধুলি ৬ বজালৈ আৰাম পালো। খবৰ পোৱা মতে ‍ব্ৰীটিছ সকলে এই গৰমত সকলতকৈ বেছি অসুবিধা পাইছে। আমি ভাৰতীয় সকলৰ বাবে ই সাধাৰণ কথা। বহু স্কুল বন্ধ দিছে, বহু মানুহ সাগৰত জল ক্ৰীড়া কৰিবলৈ গৈছে। বহু উদ্যানত আনকি মানুহৰ ঘৰতো হেনো বনজুই লাগিছে। মই ৰাতি ৮ বজাত ঘৰ পালো। তেতিয়াও ইয়াত বেলি ডুবা নাই। ভাত খাই ৰাতি ৯ বজাত শুবলৈ গ’লো। ইয়াৰ ঘৰবোৰতো ঠাণ্ডা দিনৰ বাবে হিটাৰ ‍আছে। কিন্তু এনেকুৱা গৰম মোকাবিলা কৰিবলৈ কোনো ব্যৱস্থা কৰা নাই। ফেনখন চলালো যদিও বহু দেৰিলৈ টোপনি নাহিল। মই সাক্ষী হৈ ৰলো এই দেশখনৰ সকলোতকৈ গৰম দিনটোৰ।