গোবিন্দ বসুমতাৰী বিধায়ক হৈয়ে থাকিব নে ?

800

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এনডিএফবি(প্ৰ) ৰ প্ৰাক্তণ সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ ইউপিপিএল নেতা গোবিন্দ বসুমতাৰীয়ে বড়োভুমিত শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত বিশেষ ভুমিকা লৈছিল ।ৰাজনীতিত প্ৰবেশ কাৰ আগতেই তেওঁ নিজৰ শান্ত আৰু বিচক্ষণ স্বভাৱৰ পৰিচয় দাঙি ধৰিছিল । প্ৰমোদ বড়োৰ নেতৃত্বৰ দলত যোগদান কৰি বিটিচিৰ পৰিষদীয় নিৰ্বাচনত জয়ী হয় আৰু বিটিআৰৰ উপ মুখ্য কাৰ্য্যবাহী পদত অধিষ্ঠিত হয় । জয়ী হোৱাৰ পিছত অতি সৰল ভাবে তেওঁ কৈছিল যে ৰাজনীতি সাধাৰণ সিধা সাধা মানুহৰ খেল নহয় । বিটিচিৰ পিছতে ২০২১ ৰ বিধান সভা নিৰ্বাচনতো তেওঁ প্ৰতিদন্দিতা কৰি ৰিহন দৈমাৰীক পৰাজিত কৰি বিধায়ক হয় । বিটিচিৰ উপ প্ৰধান পদত থকা ব্যক্তি এজনৰ কাৰণে একমাত্ৰ বিধায়ক পদটো কিমান যুক্তি সংগত সেইয়া মুখ্যমন্ত্ৰীৰ বিচাৰ্য্য বিষয় । তাতে আকৌ মানুহজনৰ সংগ্ৰামী অতীতো আছে তেনেস্থলত সাধাৰণ ৰাইজৰ মনত গোবিন্দ বসুমতাৰী বিষয়ে কিছু কৌটূহল জন্মিছে । তেওঁক মন্ত্ৰীত্ব দিয়া হ’ব নে পুনৰ বিটিআৰ লৈ ঘুৰি যাব । এজন সাধাৰণ মন্ত্ৰীতকৈ বিটিআৰৰ উপ প্ৰধান জনৰ ক্ষমতা এশ গুণ অধিক । সেই পৰিপ্ৰেক্ষিতত গোবিন্দ বসুমতাৰীয়ে কি সিদ্ধান্ত ল’ব তাৰ কাৰণে কিছু মাহ অপেক্ষা কৰিব লাগিব ।