৬২% লোকে সাধুবাদ দিলে চৰকাৰৰ ড্ৰাগছ বিৰোধী যুঁজক

768

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আঢ়ৈ মাহ সময় অতিক্ৰম কৰিলে। কম দিনৰ ভিতৰত চৰকাৰখনে ৰাইজে দেখাকৈ কেইবাটাও যুগান্তকাৰী কাম কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছৰ বিৰূদ্ধে জেহাদ, ১ লাখ চাকৰি, বালৎকাৰীক শাস্তি, অপৰাধীলৈ গুলিছালনা আদি বিভিন্ন কাম কৰি ৰাইজৰ অন্তৰ চুবলৈ যত্ন কৰিছে। আমাৰ অ’পিনিয়ন প’লৰ যোৱা মাহৰ প্ৰশ্ন আছিল _ নতুন চৰকাৰৰ কি কামত আপুনি সকলোতকৈ বেছি আনন্দিত? ৬২.৫% ৰাইজে ড্ৰাগছৰ বিৰূদ্ধে চৰকাৰে লোৱা পদক্ষেপক সকলোতকৈ ওপৰত স্থান দিছে। ২৫% ৰাইজৰ মতে ১ লাখ নিবনুৱাক চাকৰি ঘোষণা  হ’ল চৰকাৰৰ সকলোতকৈ ডাঙৰ উপলব্ধি। ১২.৫% লোকে জনসংখ্যা নীতিৰ ওপৰত চৰকাৰে লোৱা স্থিতিক সমৰ্থন কৰিছে।

অতি স্বাভাবিক ভাবে চৰকাৰৰ ড্ৰাগছ বিৰোধী কাৰ্য্যই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই ড্ৰাগছে এটা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল। অভিভাবক সকল নিজৰ সন্তানক লৈ চিন্তিত আছিল। কিন্তু বৰ্তমান চৰকাৰখনে এওঁলোকক কিছু হ’লেও আস্বস্ত কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছৰ বিৰূদ্ধে চৰকাৰখনৰ সংগ্ৰাম যেন আৰু অধিক জোৰদাৰ হয় তাৰেই কামনা কৰে সাধাৰণ ৰাইজে।