ভাৰতে ভেকচিন কিয় ৰপ্তানি কৰিলে ?

1183
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এতিয়া ভাৰতৰ বিভিন্ন স্থানত, চচিয়েল মিডিয়া আদিত ভাইৰেল হৈছে বিৰোধীৰ এখন পোষ্টাৰ। “আমাৰ লৰা-ছোৱালীৰ ভেকছিন বিদেশক কিয় দিলে?” দিল্লীত বিজেপি চৰকাৰে ইয়াৰ লগত জড়িত থকা কিছুমানক গ্ৰেপ্তাৰো কৰিছে। কৰোনাৰ দ্বিতীয় ঢৌৱে ভাৰতক বাৰুকৈৱে ক্ষতিগ্ৰস্থ কৰিছে। চিনাকী বহু মুখ চিৰদিনৰ বাবে নোহোৱা হৈ গৈছে। ভেকছিন লবলৈ গৈ বহু লোক লোক নিৰাশ হৈ উভতি আহিছে। দেশত পৰ্য্যাপ্ত পৰিমানে ভেকছিন নাই। এই সময়ত স্বাভাবিকতে দেশবাসীৰ মনত প্ৰশ্নৰ উদয় হৈছে_ ভেকছিনৰ ৰপ্তানি মোদী চৰকাৰৰ ঐতিহাসিক ভুল আছিল নেকি? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মোৰ দুজন বন্ধু যি বিদেশত থাকে সিহতৰ ভেকছিন লোৱাৰ অভিজ্ঞতাৰ বিষয়ে ক’ব বিচাৰিছো। নবজ্যোতি ডেকা,বয়স ৪০ বছৰ, আমেৰিকাৰ বষ্টোন চহৰৰ বাসিন্দা। সি ১৫ মে তাৰিখে ফাইজাৰৰ দ্বিতীয়টো টিকা ল’লে। অ’নলাইন এপইন্টমেন্ট লৈ মাত্র ১৫ মিনিটত ভেকছিন লৈ আহিল। অনুৰূপ ঘটনা লণ্ডনত থকা পাৰ্থৰ লগত। পাৰ্থই ২৮ এপ্ৰিলত এষ্ট্ৰাজেনিকাৰ প্ৰথম ড’জ ল’লে। ১৫ জুনত দ্বিতীয়টো ল’ব। অ’নলাইন এপইন্টমেন্টত দুয়ো জনে দেখিলে যে প্ৰায় ৫০% শ্লট খালী। ইয়ে প্ৰমাণ কৰে যে বিকশিত দেশ সমূহত প্ৰয়োজনতকৈ বহু বেছি ভেকছিন মজুত আছে।  এতিয়া আহো ভাৰতৰ কথালৈ। ভাৰতে জানুৱাৰী মাহলৈ খুৱ ভেকছিন ৰপ্তানি কৰিলে। বিদেশ মন্ত্রীয়ে আনকি ইয়াক সমৰ্থন কৰি সদনত ক’লে _বাসুদেবম কুতুম্বম। ফেব্ৰুৱাৰীৰ পৰা ভাৰতত কৰোনা কিছু বৃদ্ধি পাবলৈ ধৰিলে। ভাৰতৰ ৰপ্তানি নীতি সলনি হ’ল। এপ্ৰিল পোৱাৰ লগে লগে দ্বিতীয় ঢৌৱে ভাৰতক গ্ৰাস কৰিলে। সমালোচনা কৰা হ’ল মোদী চৰকাৰৰ ভেকছিন নীতিক। এইবাৰ সলনি হ’ল মোদী চৰকাৰৰ সুৰ। কোম্পানীবোৰে হেনো আগতীয়াকৈ উন্নত দেশবোৰৰ লগত চুক্তি সম্পাদন কৰিছিল। ভেকচিন বনোৱাৰ কেচা মাল আৰু গৱেষণাৰ বাবে পুজি দিয়া বাবে আগতীয়াকৈ উন্নত দেশবোৰে ভেকছিন বুকিং কৰিছিল। যদি এয়াই সচা তেন্তে জানুৱাৰী মাহত চৰকাৰে এই কথা জনোৱা নাছিল কিয়? কিয় বাসুদেৱম কুতুম্বম বুলি কৈ বাঃ বাঃ লোৱাৰ চেষ্টা কৰিছিল? এতিয়া আহো আচল কথালৈ। ভাৰতৰ ভেকছিন নিৰ্মান কৰা কোম্পানীবোৰে বিদেশৰ উন্নত ৰাষ্ট্ৰৰ লগত চুক্তি সম্পাদন কৰা কথাটো সচা। কিন্তু এই চুক্তি ভাৰত চৰকাৰৰ বিনা অনুমতিত হ’ব নোৱাৰে। এই চুক্তি সম্পাদন কৰাৰ সময়ত ভাৰত চৰকাৰে কিয় নিজৰ বাবে প্ৰয়োজনীয় ভেকছিন ৰখাৰ চৰ্ত আৰোপ কৰিব নোৱাৰিলে?  ভাৰতৰ জনগনে ভেকছিনৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। আমি পোৱা খৱৰ অনুসৰি আমেৰিকা আৰু ইংলেণ্ডে নিজৰ সকলো নাগৰিকক ভেকছিন দিবলৈ যিমান ড’জৰ প্ৰয়োজন তাতোকৈ বহু বেছি জমা কৰি ৰাখিছে।

সমান্তৰাল ভাবে ভেকচিন দিয়া আৰম্ভ কৰাৰ সময়ছোৱাত ভেকচিন বিৰোধী স্থিতি লোৱা একাংশ ৰাজনৈতিক দল বা ব্যক্তিৰ প্ৰৰোচনামুলক কৰ্মকাণ্ডইও ভেকচিন দিয়া প্ৰক্ৰিয়াক লেহেমিয়া কৰিছিল। নিৰ্বাচনৰ ডিউটিত থকা ৪৫ বছৰৰ অনুৰ্ধ ব্যক্তিক যেতিয়া চৰকাৰে ভেকচিন গ্ৰহণ কৰিবলৈ বিশেষ সুবিধা প্ৰদান কৰিছিল সেই সময়টো সিংহভাগ ব্যক্তিয়ে বিভিন্ন পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ কথা চিন্তা কৰি ভেকচিন লোৱা নাছিল । চৰকাৰী চাকৰী কৰা মানুহ এজনেও যদি এনেকুৱা চিন্তা কৰে তেন্তে হোজা গাৱলীয়া সমাজত ভেকচিন সম্পৰ্কে কি প্ৰতিক্ৰিয়া হৈছিল সেয়া অকল্পনীয় । চচিয়েল মিডিয়াত কিছুমান ধৰ্মীয় নেতাই ভেকচিন লোৱা কাৰ্য্যক হাৰাম আখ্যা দিয়া ঘটনাৰ ফলটো বহু মানুহে ভেকচিন লোৱাৰ পৰা আতৰি থকা বুলি বাতৰি ওলাইছিল ।
ডাক্তৰ সত্যকাম ফুকনৰ দৰে বহু ব্যক্তি আৰু ৰাজনৈতিক নেতাই কভিদক নাটক বুলি কথা বিলাকৰ প্ৰভাবৰ পৰা সমাজ আজিও সম্পুৰ্ণৰূপে মুক্ত নহয় । যোৱা বছৰ ৰোগীৰ বাবে যেতিয়া অসমত স্বাস্থ্য বিভাগে ঘৰ নিৰ্মাণ কৰি আছিল, তেতিয়া একাংশ নেতা আৰু শিক্ষাবিদে স্বাস্থ্য মন্ত্ৰীক ঠিকাদাৰ বুলি সমালোচনা কৰিছিল । তেওঁলোকৰ মতে কভিদ একো বেমাৰ নহয় আৰু ঘৰত থাকিলেই ইয়াৰ লক্ষণৰ পৰা মুক্ত হব পৰা যায় । ঐইবাৰ কিন্তু সেই সকলেই চিঞৰিছে যে হস্পিতলত কিয় বিচনা নাই ? বিশ্বৰ যিকোনো দেশৰ কাৰণেই ১০০% নাগৰিকক একেলগে চিকিৎসা সেৱা প্ৰদান কৰা সম্ভৱ নহয় । ২০২১ চনতেই যে সম্ভৱ নহয় সেয়া নহয় , ২০৫১ চনতো সম্ভৱ নহ’ব । কাৰণ মহামাৰী সদায় নাথাকে । কভিদ মহামাৰী ৰোধ কৰিবলৈ সামজিক দুৰত্ব মানি চলিব লাগিব আৰু সজাগ হোৱাটো বাঞ্চনীয় । এই সময়ছোৱাত নৰেন্দ্ৰ মোদী বা কেজৰিৱালক ৰাজনৈতিক দৃষ্টিকোণেৰে সমালোচনা কৰা উচিত নহয় । সকলোৰে সন্মিলিত প্ৰচেষ্টাত কভিদ পৰাস্ত হ’ব আৰু ভাৰত জয়ী হ’ব ।