চিনিয়ৰ চিটিজেনৰ আচ্ছে দিন

399

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


দুটা প্ৰেম কাহানীয়ে এই সময় সকলোৰে মন মগজুত খেলা কৰি আছে। আই.পি.এলৰ প্ৰাক্তন ছেয়াৰমেন ললিত মোদী আৰু সুস্মিতা সেনৰ ছবি চছিয়েল মিডিয়াত ভাইৰেল হৈছে। বৰ্তমান ভাৰতৰ পৰা পলাই গৈ লণ্ডনত থকা ললিত মোদীয়ে বিশ্বসুন্দৰীক নিজৰ গাৰ্লফ্ৰেণ্ড কৰা দেখি চকুচৰহা সকল জ্বলি পুৰি মৰিছে। ৫৮ বছৰীয়া ললিত মোদীকো পিছ পেলাইছে পশ্চিম বংগৰ এজন মন্ত্রী পাৰ্থ চেটাৰ্জীয়েঁ ৬৯ বছৰীয়া বৃদ্ধ মন্ত্রীজনৰ আছে অৰ্পিতা নামৰ সুন্দৰী গাৰ্লফ্ৰেণ্ড। অৰ্পিতাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কৌটি কৌটি টকা। এই ঘটনাৰ পিছৰে পৰা চিনিয়ৰ ছিটিজেন সকলৰ উৎসাহ দুগুনে বাঢ়িছে। বহুতো চিনিয়ৰ চিটিজেনৰ লগত কথা পাতি আমি জানিব পাৰিলো তেওঁলোকে এই প্ৰেমৰ বিষয়ে কি ভাবে।

১) বয়স মাথো এটা সংখ্যা
২)কপালত থাকিলে ৬৯ বছৰতো জীৱনলৈ সুন্দৰী আহিব পাৰে।
৩) পুৰুষ আৰু ঘোঁৰা কেতিয়াও বুঢ়া নহয়।
৪) কলা চালৰ মানুহৰ প্ৰতি বঙালী সুন্দৰীৰ আকৰ্ষন বেছি হয়।
৫) ক্ষমতাশালী লোকৰ প্ৰেমিকাৰ Final destination হয়তো লণ্ডন নহ’লে জেল।