চৰকাৰ , ছাত্ৰ নেতা আৰু চৰকাৰী স্কুলৰ ধ্বংসযজ্ঞ …..

2564

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


” এইযে অসমীয়া সমাজখনৰ পৰিৱৰ্তনৰ এই ক্ৰমোন্নতি সাধন হৈছে __also as a logic of sequence আপত্তি কৰিব লগা নাই । অসম সাহিত্য সভাৰ বছৰেকীয়া অধিবেশনৰ ব্যয় যিমানেই আকাশ চুম্বি হৈ আহিছে সিমানেই ইংৰাজী মাধ্যমৰ স্কুলৰ সংখ্যা বাঢ়িছে ” , নিবাৰণ বৰা ।
১৯৯২ চন , মনচুৰ খান পৰিচালিত আৰু আমিৰ খান অভিনিত বলিউদ ব্লকব্লাষ্টাৰ হিট চিনেমা ‘ জো জিতা ৱহি চিকন্দৰ ‘ । দুখন কলেজৰ  ছাত্ৰৰ মাজত চাইক্লিং প্ৰতিযোগিতাক লৈ ঘটনা আগুৱাই যোৱা এখন ক্ৰীড়া ভি্ত্তিক মনোৰঞ্জন ধৰ্মী চিনেমা । ৰাজপুত কলেজ ( ব্যক্তিগত খণ্ডৰ ) যিখনত ধনী মানুহৰ ল’ৰা পঢ়ে আৰু আন খন মডেল কলেজ যিখনত ল’ৱাৰ মিডিল ক্লাছ পৰিয়ালৰ ল’ৰাই পঢ়ে । ৰাজপুট কলেজৰ ল’ৰাৰ খেলৰ সা-সজুলী বিলাক অধিক উন্নত আৰু  মডেল কলেজৰ ল’ৰাৰ খেলৰ সামগ্ৰী বিলাক নিম্ন মানৰ । সেই মৰ্মে প্ৰতিযোগিতা বিলাকটো ৰাজপুত কলেজৰ  ল’ৰাখিনিৰ ফলাফল ভাল আছিল । আজিৰ পৰা ২৭ বছৰ আগতেই বলিউদত শিক্ষানুষ্ঠানৰ ষ্টেটাছকলৈ চিনেমা বনাইছিল ; আৰু আজি ২০১৯ ত চৰকাৰী  শিক্ষানুষ্ঠানৰ ভৱিষ্যতক লৈ (অৰ্থহীন) চিন্তা কৰি আছো ।
প্ৰতি বছৰে শ শ চৰকাৰী স্কুল বন্ধ গৈ আছে অসমত । যিকেইখন স্কুল চলি আছে তাৰো সৰহভাগতেই ছাত্ৰ – ছাত্ৰীৰ সংখ্যা দহকৰ ঘৰৰ কম । বাজেট আহে বাজেট যায় । ইউনিফৰ্ম , নামভৰ্তী বিনামূলীয়া কৰা হয় । মন্ত্ৰী সলনি হয় কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি নহয় । যিবিলাক স্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা নিয়মীয়া সেই স্কুলবোৰত পৰ্য্যাপ্ত শিক্ষক নাই । ১০-১২ বছৰ ধৰি পদবোৰ খালী হৈ আছে । হেডমাষ্টৰ জন অফিচৰ কামত প্ৰায়ে সদৰলৈ যাব লগা হয় । যিকেইখনত আকৌ কেৰাণী আছে , সেই বিলাকত আকৌ প্ৰধান শিক্ষক জনৰ ক্লাচ কৰাৰ সময় বা মন নেথাকে । স্কুল পৰিচালনা সমিতিৰ সভাপতি স্কুলৰ সৰস্বতি পূজাত অনুপস্হিত ; কাৰণ পূজাৰ দিনাখন নিজে কাম কৰা কলেজ খনত ব্যস্ত থাকিব লাগে ; কোনো জনে আকৌ নিজৰ ল’ৰাৰ প্ৰাইভেট স্কুল খনত যোৱাটো নিয়মত পৰিণত হৈছে । প্ৰাইভেট স্কুলৰ পূজাত হাজাৰ মানুহ ; আনহাতে চৰকাৰী স্কুলৰ পূজাত ছাত্ৰ – ছাত্ৰী আৰু শিক্ষকখিনিৰ পৰিয়ালৰ দুই এজন আৰু স্কুলৰ কাষৰ দোকানীখিনি । ৰাজনৈতিক দলৰ সদস্যক স্কুল কলেজৰ পৰিচালনা সমিতিত স্থান নিদিবলৈ চৰকাৰে নিৰ্দেশ উলিয়াইছিল । কিন্তু বাস্তৱ ক্ষেত্ৰত ধোৱাচাংত পৰিণত হৈছে সেই নিৰ্দেশ । নিজৰ সন্তানক , নাতি পুতিক প্ৰাইভেটত পঢ়ুৱাই ডাক্তৰ- ইঞ্জিনিয়াৰ , প্ৰফেচাৰ ইত্যাদী ব্যক্তিসকল আজি স্কুল মেনেজিং কমিতিৰ প্ৰচিডেন্ট । স্কুল সপ্তাহৰ বঁটা বিতৰণী , গুণোৎসৱত ফটো উঠা আৰু স্কুলৰ মেৰামতিৰ সময়ত ঠিকাদাৰ লগত আলোচনা কৰোতেই দায়িত্ব শেষ । স্কুল খনত পঢ়ি থকা ছাত্ৰ- ছাত্ৰীৰ অভিভাবকৰ পৰা পৰিচালনা সমিতিৰ সভাপতি চৰকাৰে নাপাতে । কিয় বুজা নাযায় । চৰকাৰ মৌণ । ‘ মন্ত্ৰী হ’বলৈ প্ৰথমে বিধায়ক হ’ব লাগিব ‘ নিয়মটো থিকেই আছে ; কিন্তু স্কুল পৰিচালনাৰ সভাপতি হ’বলৈ দৰকাৰ নাই স্কুলৰ লগত ব্যক্তিজনৰ বৰ্তমান সম্পৰ্ক কি ?এতিয়াও যিকেইজন ছাত্ৰ চৰকাৰী স্কুলত পঢ়ি আছে তেওঁলোকৰ দায়িত্ব বহুত । ক্লাচ ক্ষতি কৰি ৰাষ্টাত চৰকাৰৰ বিৰুদ্ধে সমদল কৰিব লাগিব , গাওঁৰ উৎসৱ পাৰ্বনত সাংস্কৃতিক শোভাযাত্ৰা কৰিব লাগিব , গাওঁলৈ থিয়েটাৰ আহিলে শ্ৰেণী ক্ষতি কৰিব লাগিব ; অজস্ৰ দায়িত্ব ।
ছাত্ৰৰ কৰ্তব্য ৰচনাৰ প্ৰথম বাক্য __ ‘ আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত ; আজিৰ ছাত্ৰ নেতা কাইলৈ দেশৰ মন্ত্ৰী ‘ । আজিৰ চৰকাৰী স্কুলৰ ছাত্ৰৰ কি নাই ? নিজৰ এটা জাতীয় সংগঠন আছে । ছাত্ৰৰ পৰাই সিধাই মুখ্যমন্ত্ৰী হৈছিল , মন্ত্ৰী হৈছিল আৰু আজি পৰ্য্যন্ত হৈয়ে আছে । আজিৰ সময়টো ছাত্ৰ সংগঠনৰ কৰ্মী বিলাকে প্ৰত্যক্ষ ভাবে গৃহমন্ত্ৰী লগত কথা পাতে , দেশৰ সাংসদ সকলৰ লগত আলোচনাত মিলিত হ’ব পাৰে , আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰীকো জাতি ৰক্ষাৰ স্বাৰ্থত সমালোচনা কৰিব পাৰে । সকলো সম্ভৱ হৈ উঠিছে অসমৰ ক্ষেত্ৰত । ইমানৰ পিছতো অসমৰ বাহিৰৰ মানুহ এজনক যদি অসমৰ চৰকাৰী খণ্ডৰ স্কুলৰ অৱস্থাৰ কথা কোৱা যায় তেন্তে বিশ্বাস জানো কৰিব ?