১ম লোকসভা নিৰ্বাচনত নেহেৰুৱে চৰকাৰ কৰিছিল ২০.৬ % ভোটত

1853

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২০১৯ লোকসভা নিৰ্বাচনে ইয়াৰ আগত ১৬ টা সাধাৰণ নিৰ্বাচন পাৰ হৈ আহি আজি এপ্ৰিল মাহত ১৭ নম্বৰত প্ৰবেশ কৰিলে ।১৯৫২ চনত প্ৰথম বাৰ স্বাধীন ভাৰতৰ সাধাৰণ নিৰ্বাচন হৈছিল ।মাত্ৰ ২০% সাক্ষৰতা হাৰৰ ভাৰতবৰ্ষত নিৰ্বাচন আছিল অ আ ক খ আওঁৰাই থকা শিশুৰ হাতত বিশ্ব বিদ্যালয়ৰ গৱেষণাৰ পুথি দৰে ।
যোৱা ২০১৪ চনৰ সাদাৰণ নিৰ্বাচনৰ আগে আগে মণিশংকাৰ আয়াৰ , দিগবিজয় সিং আদি নেতাই মন্তব্য ৰাখিছিল যে নৰেন্দ্ৰ মোদী কেতিয়াও প্ৰধান মন্ত্ৰী হব নোৱাৰে । কিন্তু নিৰ্বাচন শেষ হ’ল , ফলাফল আহিল আৰু মোদীয়ে প্ৰধানমন্ত্ৰীৰ শপত ল’লে । বাস্তৱ আৰু এই নেতাসকলৰ ভৱিষ্যত বাণী উল্টা হৈ গ’ল । তেতিয়াই একাংশ বুদ্ধিজীবীয়ে মন্তব্য ৰাখে যে ‘ মোদীয়ে মাত্ৰ ৩০% – ৩৫% ভোট পায়হে প্ৰধানমন্ত্ৰী হৈছে । কিন্তু স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনটোত ৰাইজৰ ভোটদানৰ  হাৰ কিমান আছিল ? জনতাৰ উৎসাহ কি আছিল ?
১ম নিৰ্বাচনটোত ভোটদানৰ হাৰ আছিল ৪৫.৭ % আৰু একক সংখ্যাগৰিষ্ঠ দল আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ । কংগ্ৰেছে ভোট পাইছিল ৪৫ % আৰু আসন পাইছিল ৩৬৪ । বাকী প্ৰায় ১২৫ খন আসন আন দলবিলাকে পাইছিল । অৰ্থাৎ ৫৪.৩ % মানুহে নিৰ্বাচনত ভোট দিয়া নাছিল আৰু ৫৫ % মানুহে দেশ স্বাধীন কৰাত অংশগ্ৰহণ কৰা মুখ্য নেতা আৰু দলটোক ভোট দিয়া নাছিল ।
১৯৫২ প্ৰথম নিৰ্বাচনত প্ৰায় ৫৩ টা ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ ২২ টা দলে কমেও এখন আসন জয়ী হৈছিল । চ’চিয়েলিষ্ট দলে ১০.৬ % ভোটেৰে পাইছিল ১২ খন আসন , আনহাতে চিপিআই দলে ৩.৩ % ভোটেৰে পাইছিল ১৬ খন আসন ।
প্ৰাৰম্ভিক সময়ছোৱাত কংগ্ৰেছৰ প্ৰধান বিৰোধী আছিল বাওঁপন্থী দলবোৰ । সেই সময়ত সোপন্থী দলৰ প্ৰভাব আছিল নাম মাত্ৰ ।  হিন্দু ৰাষ্ট্ৰবাদী ভোটসমুহ বিভক্ত আছিল ।যদি সেই সময়ৰ দলবোৰৰ আদৰ্শগত শ্ৰেণীবিভাজন কৰা যায় , তেন্তে দেখা যায় যে বাওঁপন্থী দলবোৰে ২৩% শতাংশ ভোটৰ সহায়ত মুঠ ৪৮৯ খনৰ আসনৰ ভিতৰত ৫০খন আসন পাইছিল । ১৯৫২ ৰ নিৰ্বাচনত বাওঁ বা সো পন্থী দুয়োটা আদৰ্শৰ দলৰ ভোট বিলাক বিভাজিত আছিল । আজিৰ সময়টো বাওঁপন্থী ভোট কিন্তু বিভাজনৰ পৰা মুক্ত হোৱা নাই । কিন্তু সোপন্থী ভোট কিছু পৰিমাণ একত্ৰিত হৈছে ভাৰতীয় জনতা পাৰ্টী সপক্ষে ।
বাওঁপন্থী ভাৱধাৰা বুলি ক’লে সেই সময়ত জয়প্ৰকাশ নাৰায়নৰ চ’চিয়েলিষ্ট দল । আনহাতে দ্বিতীয় বৃহত্তম দল আছিল চিপিআই
১৯৫৭ কেৰেলাত চৰকাৰ গঠন কৰা চিপিআই দলে ৫২’ৰ নিৰ্বাচনত মাদ্ৰাজ , বংগ , উৰিষ্যা , ত্ৰিপুৰা আদিত ভাল প্ৰদৰ্শন কৰিছিল ।কিন্তু চ’চিয়েলিষ্ট দলৰ প্ৰদৰ্শন কিন্তু ৮-৯ ৰাজ্যত ভাল আছিল । আচাৰ্য্য কৃপালানিৰ কৃষক মজদুৰ দলে পাইছিল ৬% ভোট । নিৰ্বাচনৰ পিছতে জয়প্ৰকাশ নাৰায়নৰ দলৰ লগত কৃষক দলটো শামিল হৈ যায় ।
অন্যহাতে হিন্দু সোপন্থী দল হিচাপে  জনসংঘই পাইছিল মাত্ৰ ৩% ভোট । আনহাতে হিন্দু মহাসভা , ৰাম ৰাজ্য পৰিষদ সকলো মিলি পাইছিল ৭ খন আসন । জনসংঘৰ প্ৰভাব আছিল বংগত । কিন্তু অতি আচৰিত যে সোপন্থী দলৰ প্ৰভাৱ আজি বংগত অতি সীমিত ।
বি আৰ আম্বেদকাৰৰ দল আছিল অনুসূচিত জাতি পৰিষদ । কিন্তু স্বয়ং আম্বেদকাৰ নিৰ্বাচনত পৰাজিত হৈছিল কংগ্ৰেছ প্ৰাৰ্থীৰ হাতত ।
এতিয়া আহিছো ৫২ ‘ ৰ জয়ী দল কংগ্ৰেছলৈ । ৩৬৪ খন আসন আৰু ৪৫% ভোটৰ হাৰত কংগ্ৰেছ দলে পাইছিল একক সংখ্যাগৰিষ্ঠতা ।বিশেষকৈ হিন্দী বেল্টত কংগ্ৰেছে অতি ভাল প্ৰদৰ্শন কৰিছিল । আজিৰ সাধাৰণ নিৰ্বাচনৰ লগত এটা ডাঙৰ পাৰ্থক্য আছিল ১৯৫২ ৰ নিৰ্বাচনৰ । সেইটো হ’ল ৪৮৯ খন যদিও আসন আছিল , সেইসময়ত কিন্তু সমষ্টি আচিল ৪০১ টা । ৮৬ টা সমষ্টিত দুখন আসন আছিল __ এখন সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আৰু আনখন সংৰক্ষিত শ্ৰেণীৰ বাবে । বাকী এটা সমষ্টিত আছিল ৩ খন আসন । উদাহৰণ স্বৰূপে তেতিয়াৰ দিনতে জৱাহৰলাল নেহেৰুৱে প্ৰতিদন্দিতা কৰা সমষ্টিটোত দুখন আসন আছিল , এখন সাধাৰণ শ্ৰেণীৰ আৰু আনখন অনুসূচিত জাতিৰ বাবে । এলাহাবাদ পুবৰ পৰা সাংসদ আছিল ক্ৰমে নেহেৰু(GEN) আৰু মাচুৰিয়া দিন ( SCপ্ৰাৰ্থী) । ২০১৯ ত যিদৰে আমেঠি ৰাহুল গান্ধীৰ কাৰণে সহজ হৈ নথকাৰ বাবে কৰ্ণাটক বা কেৰেলাৰ পৰাও প্ৰতিদন্দিতা কৰিব পাৰে ; সেই একেদৰে নেহেৰুৱে ও কিন্তু এনে এটা সহজ সমষ্টি বাচি লৈছিল য’ত দুখন আসনৰ এখন সংৰক্ষিত আছিল ।
১৯৫২ ৰ নিৰ্বাচনৰ ফলাফল চালে ধাৰণা হয় যে বাওঁপন্থী শক্তি দিনক দিনে কমি আহিছে । ৫২’ত ভোট পাইছিল ২৩% আৰু ২০১৪ ত পাইছিল প্ৰায় ৫% ।
হিন্দু সোপন্থী ভোট তিনি চাৰিটা দলৰ মাজত বিভক্ত আছিল আৰু অতি কম আসন পোৱা সোপন্থী দলে সংসদত বিশেষ প্ৰভাব পেলাব পৰা নাছিল। শেষত অতি আচৰিত লাগিলেও সচাঁ যে স্বাধীনতাৰ থিক পিছৰ নিৰ্বাচনটো কংগ্ৰেছৰ সমৰ্থন দেশত আশানুৰূপ নাছিল । একমাত্ৰ বাওঁপন্থী আৰু সোপন্থীৰ ভোট বিভাজনৰ ফলতহে কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিছিল । আৰু সেইকাৰণেই হয়টো  সুপৰিকল্পিত ভাবে আৰম্ভ হৈছিল ধৰ্মীয় সংখ্যালঘূ তুষ্টিকৰণৰ ৰাজনীতি ।