হিজাব বিতৰ্ক আাৰু চাৰিগৰাকী ছাত্ৰী

1012
  • নিপন শইকীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


বহু বিদ্বানে বুজাব বিচৰাৰ দৰে হিজাব বিতৰ্কটো সাধাৰণ ছাত্ৰীকেইগৰাকীমানৰ স্ব-ইচ্ছাৰে আকোৱালি লোৱা স্বতঃস্ফুত ধৰ্মীয় পৰিচয়ৰ উগ্ৰ হিন্দুত্ববাদী প্ৰতিক্ৰিয়া নহয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো বৈশ্বিক ইছলামিক প্ৰসাৰণবাদৰ এটা সুপৰিকল্পিত প্ৰয়োগ। তলৰ তথ্যবোৰে এই কথাখিনি স্পষ্ট কৰিব।
যি চাৰিগৰাকী ছাত্ৰীয়ে হিজাব পিন্ধাক লৈ বিতৰ্কৰ সূত্ৰপাত হয় তেওঁলোক হ’ল মুস্কান জয়নাব, আয়েশা, আলিয়া আৰু আলমাচ। এই চাৰিগৰাকী ছাত্ৰী হিজাবৰ সমৰ্থনত কৰ্নাটক উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা ব্যক্তিসকলৰ অন্যতম। আটাইকেইগৰাকী ছাত্ৰীয়ে উডুপীৰ মহাবিদ্য়ালয়ত ভালেমান দিনৰ পৰা অধ্যয়ণ কৰি আছিল। ২০২১ চনৰ ছেপ্তেম্বৰ মাহৰ আগভাগত এটা উগ্ৰ আৰু অপৰাধিক ছাত্ৰ সংগঠন কেম্পাছ ফ্ৰন্ট অব ইণ্ডিয়া (CFI) ই উডুপীৰ লগতে আন মহাবিদ্য়ালয় সমূহত সদস্য ভৰ্তিৰ অভিযান আৰম্ভ কৰে। চি এফ আই হৈছে পপুলাৰ ফ্ৰন্ট অব ইণ্ডিয়া বা পি এফ আইৰ ছাত্ৰ সংগঠন। পি এফ আই হৈছে কেৰালাৰ পৰা আৰম্ভ হোৱা এটা উগ্ৰ ইছলামিক সংগঠন, যাৰ বিৰুদ্ধে আইছিছৰ বাবে সৈনিক ভৰ্তিৰ পৰা ভাৰত তথা আফগানিস্তানত বোমা বিস্ফোৰণতো হাত থকাৰ অভিযোগ আছে। দেশত হোৱা বিভিন্ন সংঘৰ্ষ আৰু ৰাজনৈতিক হত্যাতো পি এফ আইৰ হাত আছে। ২০১২ চনত কেৰালাৰ চৰকাৰে কেৰালা উচ্চ ন্যায়ালয়ত দিয়া এটা বক্তব্যত কয় যে পিএফআইৰ অস্তিত্ব দেশৰ বাবে বিপদজনক।
কোৱা হয় যে পিএফআই প্ৰকৃততে প্ৰতিবন্ধিত ইছলামিক সংগঠন ষ্টুডেন্টচ ইছলামিক মুভমেন্ট অব ইণ্ডিয়া বা চমুকৈ চিমিৰ নতুন অবতাৰ। ২০০৩ চনত চিমিৰ ওপৰত প্ৰতিবন্ধ লগোৱা হৈছিল আৰু ২০০৬ চনত পিএফআইৰ গঠন হয়। কোৱা হয়, চিমিৰ সমল, সদস্য, যোগসূত্ৰ আৰু হাৱালা পুঁজিকেই পিএফআইৰ গঠনত ব্যৱহাৰ কৰা হৈছিল। কেম্পাছ ফ্ৰন্ট অব ইণ্ডিয়া বা চিএফআই হৈছে পিএফআইৰে ছাত্ৰ সংগঠন।
চিএফআইয়ে উডুপীৰ মহাবিদ্য়ালয়সমূহত সদস্যতা আৰু সজাগতা অভিযান আৰম্ভ কৰাৰ এমাহৰ ভিতৰতে চাৰিটা টুইটাৰ একাউন্ট খোলা হয়। এই চাৰিওটা একাউন্ট হিজাব বিতৰ্কত জৰিত হৈ পৰা ছাত্ৰী চাৰিগৰাকীৰ নামত – মুস্কান, আয়েশা, আলিয়া আৰু আলমাচ। যোৱা অক্টোবৰ মাহৰ পৰা তেওঁলোক চিএফআইৰ প্ৰপাগাণ্ডা কৰিবলৈ আৰম্ভ কৰে। ১ নৱেম্বৰ ২০২১ ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰথম হেশ্বটেগ অভিযান আৰম্ভ কৰা হয়। চাৰিওজনী ছোৱালীৰ একাউন্টৰ পৰা একেধৰণৰ টুইট কৰা হয়। এই টুইট সমূহত ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে কানাড়া ভাষালৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি অভিযোগ কৰা হয়। আয়েশাৰ টুইটত আছে, “কেন্দ্ৰীয় চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ৰাজ্যৰ অধিকাৰ খৰ্ব কৰিছে। কানাড়া ভাষাক এতিয়া খৰ্ব কৰা হৈছে।” আলিয়া আছাদিৰ টুইটতো একেখিনি কথাকেই আছে। মুস্কান জয়নাবে টুইট কৰে, “কানাড়া হৈছে আটাইতকৈ সমৃদ্ধ ভাষা। ইয়াৰ স্পন্দন ৰক্ষা কৰাটো সকলোৰে কৰ্তব্য।” মুস্কানৰ আন এটা টুইটত আছে, “কানাড়া কৰ্নাটকৰ গৌৰৱশালী ভাষা। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নামত কোনো গুণ্ডাই ইয়াক হত্যা কৰিব নোৱাৰে।” মুস্কানৰ টুইটাৰ টাইমলাইনৰ পৰা এইটো স্পষ্ট হয় যে এই হেশ্বটেগ অভিযান চিএফআইয়ে আৰম্ভ কৰিছিল।
৮ নৱেম্বৰ ২০২১ ত দ্বিতীয় হেশ্বটেগ অভিযান আৰম্ভ কৰা হয়। এইটো আছিল বাবৰি মছজিদ ধ্বংসৰ বিৰুদ্ধে। হেশ্বটেগ আছিল #BabbriMasjidVictimOfInjustice। চাৰিওজনী ছাত্ৰীৰ টুইটাৰ হেণ্ডলৰ পৰা একেধৰণৰ টুইট কৰা হয়। আলমাচ আৰু মুস্কানে টুইট কৰে, “আদালতৰ ফেচিষ্ট ৰায়ে সত্যক ঢাকিব নোৱাৰে, ন্যায় নিশ্চয় প্ৰদান কৰা হ’ব।” আকৌ মুস্কান আৰু আলিয়াই টুইট কৰে, “বাবৰি মচজিদ ধ্বংসত হিন্দুত্ববাদৰ আদৰ্শ স্পষ্ট। কিন্তু সত্যক কোনেও হেঁচা মাৰি ৰাখিব নোৱাৰে। নিশ্চয় ন্যায় প্ৰদান কৰা হ’ব।”
এই হেশ্বটেগ অভিযানত চিএফআইৰ অধ্যক্ষ এম এছ চাজিদেও অংশ লয়। তেওঁ টুইট কৰে, “#BabriMasjidৰ ভূমি কল্পকাহিনী আৰু অন্ধবিশ্বাসক ভিত্তি কৰি ন্যায়িক ৰায়ৰ দ্বাৰা কাঢ়ি লোৱা হ’ল। #SC য়ে তথ্য আৰু প্ৰমাণক উপেক্ষা কৰিলে। এতিয়া তাত এটা অবৈধ গাঁথনি নিৰ্মাণ কৰা হৈছে। সেই একে ভূমিতে বাবৰিক নিৰ্মাণ কৰাটোৱেই হ’ব ন্যায়। আমি এদিন সেইটো কৰিমেই।”
ইয়াৰ পাছৰ হেশ্বটেগ অভিযানটো আৰম্ভ কৰা হয় ১১ নৱেম্বৰত। এই হেশ্বটেগটো আছিল #NationalEducationDay। ২০০৮ চনৰে পৰা প্ৰতি বছৰে ১১ নৱেম্বৰৰ দিনটো স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনৰ সোঁৱৰণত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হৈ আহিছে।  মৌলানা আবুল কালাম আজাদৰ কোনো আধুনিক শিক্ষা নাছিল, তেওঁ আছিল ইছলামিক ডিগ্ৰীধাৰী। হিজাব বিতৰ্ক আৰম্ভ কৰা চাৰিওজনী ছাত্ৰীয়ে এই হেশ্বটেগ অভিযানত অংশ লয়। আলমাচে টুইট কৰে, “দেশৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা সেই মহান নেতালৈ জন্মদিনৰ শুভেচ্ছা, যি ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ দাঙি ধৰিছিল আৰু শিক্ষাৰ ক্ষেত্ৰলৈ প্ৰকৃত বিপ্লৱ আনিছিল।” মুস্কানৰ টুইটো অনুৰূপ আছিল। মুস্কানৰ আন এটা টুইটত আছে, “আবুল কালাম আজাদ গান্ধীজীৰ প্ৰিয় ৰাষ্ট্ৰবাদী আছিল যি যুৱকসকলক ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ উদ্বুদ্ধ কৰা তেওঁৰ লিখনিসমূহক প্ৰেৰিত কৰিছিল।” একে টুইট আলমাচেও কৰে।
১৯ নৱেম্বৰ ২০২১ত চিএফআইয়ে আৰম্ভ কৰা আন এটা হেশ্বটেগ অভিযানৰো তেওঁলোক অংশ আছিল। #StudentsNotSafeInKarnataka আৰু #SaveKarnatakaFromFascists এই হেশ্বটেগ ব্যৱহাৰ কৰি দিয়া টুইটবোৰ চালেই গম পোৱা যায় যে এইবোৰ একেটা টুলকিটৰ অংশ। এটা টুইটত আছে, “কৰ্নাটকৰ ছাত্ৰসকলৰ ওপৰত আক্ৰমণ অতি নিন্দনীয়। @CMoKarnataka এ সংঘ পৰিবাৰৰ গুণ্ডাবোৰৰ ওপৰত শীঘ্ৰে পদক্ষেপ লওক।” আন এটা টুইটৰ ভাষা এনে, “এনে অত্যাচাৰৰ ঘটনাই ছাত্ৰ-ছাত্ৰীৰ হৃদয় আৰু মনত বেয়া প্ৰভাৱ পেলাব, ই তেওঁলোকৰ মাজত থকা একতা ভংগ কৰিব পাৰে যিটো প্ৰকৃততে এই সংঘৰ গুণ্ডাবোৰৰ প্ৰকৃত লক্ষ্য আৰু ইয়াক বাধা দিয়াৰ প্ৰয়োজন।”
২১ নৱেম্বৰ ২০২১ ত চিএফআইৰ ৰাজ্যিক সভাপতি আথাভুল্লা পুঞ্জিকট্টেই আজানক লৈ এটা হেশ্বটেগ অভিযান আৰম্ভ কৰে। #AzaanEkBehtareenAwaaz নামৰ এই হেশ্বটেগ অভিযানৰ আৰম্ভ কৰি পুঞ্জিকট্টেই এইবুলি টুইট কৰে, “আজান ইছলামৰ আটাইতকৈ হৃদয় উদ্বেলিত কৰা বিশিষ্ট প্ৰতিক। ব্যাঘাট আজানৰ পৰা হোৱা নাই, এই দেশৰ সৌন্দৰ্য নাশ কৰা সংঘ পৰিয়ালৰ বিষাক্ত আদৰ্শৰ পৰাহে হৈছে। বিশ্বৰ কোনো শক্তিয়ে আজানক বাধা দিব নোৱাৰে।” চাৰিওগৰাকী ছাত্ৰীয়ে এই টুলকিটৰ পৰা প্ৰায় শাব্দিক কপি-পেষ্ট কৰি টুইট কৰে। টুইটবিলাকৰ ভাষা এনেধৰণৰ, “সংঘীবোৰৰ সমস্যা আজানক লৈ নহয়, মুছলমানক লৈ। মছজিদৰ মাইকৰ পৰা যে আজান দিয়া হৈছে সেইটোৱেহে সংঘীবিলাকক ক্ষুণ্ণ কৰিছে। ভাৰতবৰ্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ। যদি আজানে কাৰোবাক আহত কৰিছে তেওঁলোকে নেপাললৈ পলাই যাব পাৰে।” যদি কাৰোবাৰ এতিয়াও টুলকিটৰ পৰা কপি-পেষ্ট কৰা উগ্ৰ শব্দাৱলীত সন্দেহ আছে তেন্তে মুস্কান আৰু আলমাচৰ এই টুইটকেইটা চাওক—“আপুনি যদি #Azan ৰ অৰ্থ বিচাৰে তেন্তে আপোনাৰ স্পষ্ট হ’ব। কেইটামান শাৰীৰ অৰ্থ চাওক … ‘আল্লাহু আকবৰ’ৰ অৰ্থ হৈছে ‘আল্লা সবাতোকৈ মহান’। ‘লা ইলাহা ইল্লাল্লাহ’ৰ মানে হৈছে ‘আল্লাৰ বাহিৰে কোনো উপাস্য নাই’।” মুস্কান আৰু আলিয়াৰ আন এটা টুইটত আছে, “ভাৰতৰ আটাইতকৈ বেছি বায়ু প্ৰদূষণ কৰে আৰএছএছ আৰু বিজেপিয়ে পৃষ্ঠপোষকতা কৰা বিক্ৰী যোৱা সংবাদ মাধ্যমে। আনৰ কাঁহিত এন্দুৰ বিচৰাতকৈ ভক্তসকলে নিজৰ ভিতৰৰ দুঃখজনক ঘটনাবোৰ চোৱা উচিত। ইছলাম বা আজানক উগ্ৰবাদীসকলৰ পৰা কেতিয়াও উপদেশৰ আৱশ্যক নহয়।”
অথচ বিবিচিক দিয়া এটা সাক্ষাৎকাৰত এই ছাত্ৰীকেইগৰাকীয়ে চিএফআইৰ লগত কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰে। তেওঁলোকে কয় যে যেতিয়া তেওঁলোকে শ্ৰেণীকোঠাত হিজাব পিন্ধিব নিদিয়াৰ প্ৰতিবাদ কৰে, তেতিয়াহে চিএফআইয়ে তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে সহায় কৰিবলৈ আগবাঢ়ি আহে।
চিএফআইয়ে ১২ ডিচেম্বৰ ২০২১ ত কা-বিৰোধী আন্দোলন আৰু দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযুক্ত ৰাউফ শ্বৰীফৰ সমৰ্থনত আন এটা হেশ্বটেগ অভিযান আৰম্ভ কৰে। এই অভিযানতো চাৰিওগৰাকী বিপ্লৱী ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।
উডুপী মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুদ্ৰে গৌড়াই কয়, “যোৱা ৩৫ বছৰে মহাবিদ্যালয়ত কোনো হিজাব নাছিল। আমি তেওঁলোকক হিজাব পিন্ধাৰ অনুমতি দিওঁ, কিন্তু শ্ৰেণীৰ ভিতৰত নহয়। শ্ৰেণীত সোমালে তেওঁলোকে হিজাব খুলি ইউনিফৰ্মত থাকে। যোৱা ডিচেম্বৰ মাহত শ্ৰেণীকোঠাত হিজাব পিন্ধাৰ অধিকাৰ বিচাৰি এই ছাত্ৰীসকলে প্ৰতিবাদ কৰে। সিহঁতে কেম্পাচ ফ্ৰন্ট অব ইণ্ডিয়াৰ লগত আহিছিল।”
এতিয়া এই সন্দেহ কাৰো মনত থাকিব নালাগে যে হিজাব বিতৰ্ক এটা বৃহৎ ইছলামিক প্ৰপাগাণ্ডাৰ অংশ যাৰ বীজ সোমাই আছে কোৰানৰ এই আয়াতৰ মাজত — “[Believers] fight them until there is no more persecution, and all worship is devoted to Allah alone: If they desist, then Allah sees all that they do.” (কোৰান ৮:৩৯, আব্দুল হালিম)
অতিৰিক্ত: গুপ্তচৰ বিভাগৰ তথ্য অনুসৰী অসমৰ বাংলাদেশী মুছলমান অধ্যুষিত অঞ্চলসমূহত পিএফআই আৰু চিএফআইএ পূৰ্ণগতিৰে কাম কৰি আছে।