হালাল কিয়?

615
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


খোৱা সামগ্ৰীৰ ক্ষেত্ৰত এফ এছ এছ এ আই (FSSAI) দ্বাৰা প্ৰমাণিত হ’ব লাগে। এতিয়া আমি আহো হালাল চাৰ্টিফিকেচনৰ বিষয়ে জানিবৰ বাবে।
ভাৰতৰ হালাল ইণ্ডিয়া চাৰ্টিফিকেচনৰ বিষয়া
চৈয়দ ইমৰানে কয় যে যি সামগ্রী স্বাস্থ্যসম্মত,
নিৰাপদ, বিষাক্তদ্ৰব্যমুক্ত আৰু উপভোগযোগ্য সেই
সকলো সামগ্রী হালাল চাৰ্টিফিকেচনৰ দ্বাৰা
অনুমোদিত। আই এছ আইৰ দৰে সামগ্ৰীবিধৰ
ফলকত আই এছ আই, ল’গ’ বা এমব্লেম থকাৰ
দৰে ইয়াতো ফলকত হালাল চার্টিফাইড বুলি লিখা
থাকিব। ভাৰতৰ হালাল চাৰ্টিফিকেচন অৱ ইণ্ডিয়া
মালয়েছিয়া, ছিংগাপুৰৰ উপৰি অর্গেনাইজেচন অৱ
ইছলামিক ক’-অপাৰেচনৰ (OIC) দৰে সংস্থাৰ
দ্বাৰা অনুমোদিত। ছিংগাপুৰ যদিও অমুছলিম দেশ,
কিন্তু ইয়াৰ ৮০-৯০ শতাংশ বিক্রেতাই হালালৰ
দ্বাৰা অনুমোদিত সামগ্ৰীহে বজাৰত বিক্ৰী কৰে।
চৈয়দ ইমৰানৰ মতে হালাল চাৰ্টিফাইড সামগ্ৰীসমূহ
বায়োমেডিকেল ছায়েঞ্চ, বায়ো কেমিষ্টী আদিৰ
বিশেষজ্ঞসকলৰ দ্বাৰা পৰীক্ষাগাৰত পৰীক্ষিত।
এই ক্ষেত্ৰত ধাৰ্মিক বিষয়ৰ ঠাইত আধুনিক
বিজ্ঞানকহে আগস্থান দিয়া হয়। জমিয়ত উলেমা-
ই হিন্দ হালাল ট্ৰাষ্টৰ’ মুখ্য কাৰ্যবাহী বিষয়া নিয়াজ
আহমেদে পতঞ্জলি আয়ুর্বেদিকক হালাল
চাৰ্টিফিকেচন দিছিল। পতঞ্জলিৰ দৰে আয়ুৰ্বেদিক
কোম্পানীয়ে কিয় হালাল চাৰ্টিফিকেট ল’বলগীয়া
ইছলাম সম্প্ৰদায়ৰ পৱিত্ৰ গ্ৰন্থ কোৰানত
বিশেষভাবে উল্লেখিত কোনো নির্দেশ বা
বাধ্যবাধকতা নাই যদিও গ্ৰন্থখনৰ ৫৬ আয়াতত
হালাল আৰু হাৰামৰ উল্লেখ আছে আৰু ২১
আয়াতত খোৱা সামগ্ৰীৰ ক্ষেত্ৰত হালাল শব্দৰ
উল্লেখ আছে। হাদিচ বা হাদিথ হ’ল ধৰ্মগুৰু হজৰত
মহম্মদে কোৱা কথাবোৰ বা কাৰ্যবোৰ বা তেওঁ
অনুমতি দিয়া বিষয়সমূহ। কোৰানৰ বহু বছৰৰ
পিছতহে হাদিথৰ সৃষ্টি আৰু হজৰত মহম্মদৰ
শিষ্যসকলেই এই পবিত্র বাণীসমূহৰ ব্যাখ্যা লিপিবদ্ধ
কৰিছিল। হাদিথৰ বাণীসমূহ প্রত্যক্ষ আৰু
পৰোক্ষভাৱে ইছলামধৰ্মীসকলৰ মাজত প্ৰচলিত।
মানুহে কি খাদ্য গ্রহণ কৰিলে পাপ হয় আৰু সেই
পাপৰ প্ৰায়চিত্ত কেনেকৈ হয়, তাৰ উল্লেখ হাদিথত
আছে। ইয়েই হালাল অৰ্থনীতিৰ ভেটিস্বৰূপ আৰু
ইছলামধৰ্মী গুৰুসকলৰ বাবে এক নির্দেশস্বৰূপ।
হালাল উদ্যোগে উৎপাদনথলীৰ পৰা
উপভোক্তা পর্যন্ত বিতৰণ বিধিৰ নিৰ্দেশ দিছে।
হ’ল, চিন্তা কৰিছেনে বাৰু? আজি কিছুদিনৰ এই হালাল অৰ্থনীতিৰ পৰা হোৱা লাভালাভ,
আগতে এটা গুজব ওলাল যে পতঞ্জলিৰ
সামগ্ৰীসমূহত গো-মূত্ৰ ব্যৱহাৰ কৰে। এই গুজব
বা মিছা অপপ্ৰচাৰেৰে উপভোক্তাসকলৰ মাজত
পতঞ্জলিৰ বিৰুদ্ধে বিৰূপ প্রতিক্রিয়া হ’ল আৰু
পতঞ্জলিৰ সামগ্ৰীৰ বজাৰত সমাদৰ নোহোৱা হ’ল।
হালাল চাৰ্টিফেকে চৰ পিছত পতঞ্জলিয়ে
মালয়েছিয়া, ছৌদি আৰবীয়াকে ধৰি প্ৰায় ১৩খন
দেশত বর্তমানে সমাদৰ পাবলৈ সক্ষম হৈছে।

ইছলাম ধৰ্মৰ প্ৰাৰ্থনা বা আজানক পরিত্র
বুলি আগস্থান দিয়া হয় আৰু তাৰ বিপৰীতে
লাউদ স্পীকাৰেৰে আজান দিয়াতো অপৱিত্ৰ বুলি
গণ্য কৰা হৈছিল। কিন্তু সময়ত লাউড স্পীকাৰেৰে
গণ্য কৰা হ’ল। হালাল উদ্যোগক প্রাধান্য দি বৰ
বাবে আৰু ইয়াৰ শ্ৰীবৃদ্ধি ঘটাবৰ বাবে আগৰ
আজান দিয়াতো পৱিত্ৰই নহয়, অপৰিহাৰ্য বুলি
উদাহৰণস্বৰূপে সৌন্দর্যবর্ধক সামগ্ৰীৰ ব্যৱহাৰ
আওপুৰণি নিয়মক আঁতৰাই পোলোৱা হ’ল।
অপৱিত্ৰ বুলি গণ্য কৰা হৈছিল যদিও হালাল
উদ্যোগৰ অধীনত নির্মিত সৌন্দর্যবর্ধক সামগ্র
এতিয়া সকলোতে সহজেই উপলব্ধ।

ইচলাম হালাল
উদ্যোগৰ মতে কচাইখানাত যিজনে জন্তু বা
পক্ষীটো বধ কৰে, তেওঁ মুছলিম হোৱাতো
একান্তই প্রয়োজন। আজিকালি জন্তু মাংস
উদ্যোগত ডাঙৰ ডাঙৰ অটোমেটিক মেচিন
ব্যৱহাৰ কৰি খাদ্যৰ উপযোগী মাংস তৈয়াৰ কৰা
বহুতো সামগ্রী হয়। তেনে উদ্যোগতো মুছলিম কৰ্মীৰ নিয়োগ বাধ্যতামূলক ।
ইয়াৰ ফলত কচাই খানাত
নিয়োজিত বহুতো হিন্দু সম্প্ৰদায়ৰ দলিত লোকে
কৰ্মসংস্থান হেৰুৱাইছে। হালাল নিয়ন্ত্রিত বিলিয়ন
ডলাৰৰ মাংসৰ উদ্যোগত একমাত্র এটা সম্প্ৰদায়ৰ
লোকেহে কর্মসংস্থান লাভ কৰিছে। হালাল
অর্থনীতি এতিয়া অকল মাংসৰ উদ্যোগতে সীমাবদ্ধ
হৈ থকা নাই। আমি ব্যৱহাৰ কৰা প্ৰায় সকলো
সামগ্ৰীয়েই হালাল উদ্যোগৰ চাৰ্টিফিকেচনৰ
অধীনত আহিছে। ইয়াৰ ফলত এটা সমান্তৰাল
অর্থনীতিয়ে গা কৰি উঠিছে। হালাল উদ্যোগৰ
চাৰ্টিফিকেচনৰ ক্ষেত্ৰত সকলোতকৈ পুৰণি সন্থা হিচাপে জমিয়ত-
উলেমা-ই হিন্দ নামৰ সংস্থাটোৰ নাম জড়িত আছে, উগ্ৰপন্থীক
আইনী সাহায্য আগবঢ়োৱাৰ ক্ষেত্ৰত প্ৰায়ে সংবাদ
মাধ্যমত চৰ্চিত হয় জমিয়ত । গতিকে হালাল চাৰ্টিফিকেচনৰ
দৰে এটা পৱিত্ৰ কামত নিয়োজিত থকা সংস্থাই
উগ্রপন্থীক সহায় আগবঢ়োৱা বাবে এতিয়া এই
সংস্থাটো সন্দেহৰ আৱৰ্তত আছে।
এইবিলাক হৈছে ডাঙৰ ডাঙৰ অনুষ্ঠান , ডাঙৰ ব্যৱসায়ীৰ লগত জড়িত কথা । আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত ঘটা দুই এটা ঘটনালৈ প্ৰত্যক্ষ কৰো । এজন মুচলমান দৈনিক হাজিৰা কৰা মানুহে হিন্দু ঘৰত মাংস নাখায় , হিন্দু পৰিয়ালৰ লগত একান্ত সম্পৰ্ক থকা ড্ৰাইভাৰ নাচেৰ , কৰিমহঁতে মালিকৰ লগত বিয়া গলে মাংস নাখায় । স্কুল , কলেজত কাম কৰা চাকৰিয়াল সকলে অভিজ্ঞতাৰ সন্মুখিন হয় , যেতিয়া স্কুলত খানা আয়োজন । বিশজন হিন্দুৰ লগত এজন মুচলমান শিক্ষকেও মাংস অনা দোকানখনৰ খৱৰ ৰাখে । যদি মাংসৰ বেপাৰীজন হিন্দু হয় তেওঁ নাখায় । তেতিয়া বহু সময়ত বাকী ১৯ হিন্দুৱে মুচলমান বেপাৰীৰ পৰা মাংসখিনি আনিবলৈ মান্তি হয় বন্ধুত্বৰ খাতিৰত । হিন্দুৰ বিয়াত মোবাৰক , হজৰত কচাই হঁতে মাংস যোগান ধৰে । কিন্তু মুচলমান বিয়াত কোনো হিন্দু বেপাৰীৰ পৰা জানো মাংস লয় । হিন্দুৱে যদি মুচলমান বেপাৰীজনক হালাল নকৰা মাংস দিবও কয় তেন্তে তেওঁ দিবলৈ ৰাজি নহয় । মুচলমান ডাক্তৰ , প্ৰফেচাৰেও মুচলমান মুৰ্গী বেপাৰী নাথাকিলে হিন্দু বেপাৰীৰ পৰা মুৰ্গী কিনিলে নিজেই হালাল কৰি
লয় । ক্লাচ চেভেনত পঢ়া সাধাৰণ মুছলমান লৰা এজনেও হালাল নকৰা মাংস নাখায় । তথাপি আজি বহু অমুচলমান সমাজত এইসকল হালাল প্ৰেমী ব্যক্তিক চেকুলাৰ বুলি জনপ্ৰিয় । কোনে শিকায় এইবিলাক কথা ?
এবাৰ অমুচলমান মানুহে ভাবি চাইছেনে ?