৮৫% হিন্দু বসতিৰ চিয়ালকোট আৰু বটদ্ৰব‍া

837
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


জম্মুৰ পৰা মাত্ৰ ৪০ কিলো মিটাৰ দূৰত্বত অৱস্থিত চিয়ালকোট চহৰ। ভাৰত বিভাজনৰ আগত চিয়ালকোট চহৰখনত বহুতো ধনী হিন্দু সম্ভ্ৰান্ত লোকে বাস কৰিছিল। সেই সময়ত পাঞ্জাৱৰ মূখ্য ধনী চহৰ কেইখনৰ ভিতৰত চিয়ালকোটৰ স্থান আছিল দ্বিতীয় ।

কপাহ, কুহিয়াৰ, গেহু,ধান আৰু বিভিন্ন শস্য,ফলৰ বাগান,নানান উদ্যোগ ,বিশেষকৈ কপাহী বস্ত্ৰ উদ্যোগ ইত্যাদি সকলো ক্ষেত্রতে এই চিয়ালকোট চহৰখনে এক মহত্বপূৰ্ণ স্থান দখল কৰিছিল। চামড়াৰ বেপাৰ ,চামড়াৰ পৰা বনোৱা জোতা চেণ্ডেল ইত্যাদি বিশ্বৰ সকলো প্ৰান্তলৈ ৰপ্তানি কৰিছিল। চিয়ালকোটত উৎপাদন কৰা হৈছিল কৃষি ক্ষেত্রত ব্যৱহাৰ বাবে প্ৰয়োজন অতি উচ্চমানৰ মেচিনআৰু যন্ত্ৰ পাতি।

চিয়ালকোট চহৰৰ ৮৫ শতাংশ আছিল হিন্দু আৰু বেপাৰো আছিল১০০ শতাংশ হিন্দুৰ হাতত।এই চিয়ালকোটত বাহিৰৰ পৰা অহা কিছু সংখ্যক মুচলমানে কাম কৰিছিল। বেংকিং চেক্টৰ আছিল কিছু সংখ্যক হিন্দু ব্ৰাহ্মণৰ হাতত । সেই সময়ত চিয়ালকোট আছিল পাঞ্জাৱ প্ৰভিন্সৰ সকলোতকৈ বেছি ৰাজহ আদায় দিয়া চহৰ।

ভাৰত বিভাজনৰ সময়ত সকলোৱে বিশ্বাস কৰিছিল যে চিয়ালকোট ভাৰতৰ লগত থাকি যাব।কিন্তু ৰেডক্লিফে অতি অদূৰদৰ্শিতাৰে চিয়ালকোট চহৰখন পাকিস্তানৰ লগত চামিল কৰে ।সেই সময়ত চিয়ালকোটৰ হিন্দু আৰু শিখ সকলে সাম্ভাব্য বিপদৰ কোনো চিন্তা নকৰি, নিজৰ বেপাৰ বানিজ্যতে পূন্যোদ্দমে নিয়োজিত কৰি ৰাখিলে ।
দূৰ্ভাগ্যৱবশত ভাৰত বিভাজন হ’ল আৰু পাঞ্জাৱৰ আধাতকৈ বেছি অংশ পাকিস্তানৰ হাতলৈ গ’ল আৰু পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা পাঞ্জাৱৰ অংশত হিন্দুৰ ওপৰত নৰসংহাৰ চলোৱা হ’ল। হিন্দু সকলৰ নগৰ, গাঁও, বস্তি, জিহাদী সকলে দখল কৰিলে । প্ৰায় ৩০ লাখ হিন্দু ইয়াৰ ফলত মৃত্যু বৰণ কৰে। কেইবালাখ হিন্দু নাৰীক অপহৰণ কৰি সিহঁতে নিজৰ গোলাম বনালে। বাকী যি সকল বাচি থাকিল, তেঁওলোকে কোনোৰকমে নিজৰ প্ৰাণ বচাই ভাৰতলৈ পলাই আহিল।

কিন্তু চিয়ালকোট চহৰৰ হিন্দু সকলে জাগ্ৰত নহ’ল ।তেঁওলোকে ভাবিলে ৮৫ শতাংস হিন্দু বাস কৰা চহৰ খনত তেঁওলোকক কোনেও একো কৰিব নোৱাৰা।সেই সকল হিন্দুৱে, হিন্দু মুচলিম ভাই ভাই কৰি মূৰ্খৰ দৰে বহি থাকিল কিন্তু ১৫শতাংশ মুচলিমে এনেয়ে বহি নাথাকিল।তেঁওলোকে হিন্দু সকলৰ লগত এফালে কামত লাগি থাকিল আৰু অন্যদিশে হিন্দু সকলৰ সকলো খবৰ জিহাদী সকলক যোগান ধৰি গ’ল ।এইদৰে এদিন চিয়ালকোট চহৰক বেলুচ সৈন্যই ঘেৰি ধৰে আৰু তেওঁলোকে হিন্দু সকলক ৰক্ষা কৰিবলৈ অহা বুলি প্ৰচাৰ কৰে। হিন্দু সকলৰ লগত থকা সকলো ধৰণৰ অস্ত্র-সস্ত্ৰ সৈন্য সকলৰ ওচৰত জমা কৰিবলৈ আদেশ দিয়ে আৰু যি সকলে সেই আদেশ নামানে তেঁওলোকক কঠোৰ শাস্তি দিয়া হব বুলি ঘোষণা কৰে।

দুদিনৰ ভিতৰতে হিন্দু সকলে নিজৰ অস্ত্র শস্ত্ৰ, তলোৱাৰ, বন্দুক, ষাঠি জোং আদি বেলুচ সৈন্যক জমা দিয়ে। ১৯৪৬ চনৰ ১৯ নৱেম্বৰৰ ৰাতি প্ৰায় ৯.০০বজাত এক বুজন সংখ্যক জিহাদীযে চিয়ালকোট চহৰখন আক্ৰমণ কৰে। তেঁওলোকক সহায় কৰে বেলুচ সৈন্যই। হিন্দু লোক সকলৰ পৰা বেলুচ সৈন্যই সংগ্ৰহ কৰা অস্ত্র বিলাক লৈ জিহাদী সকলে এফালৰপৰা পৰা হিন্দুৰ ওপৰত আক্ৰমণ কৰিব আৰম্ভ কৰে। এই সকল জিহাদীক সহায় কৰে ১৫ শতাংশ মুচলমানে,যি সকলে হিন্দুৰ খেতি- বাতি, কল- কাৰখানাত কাম কৰিছিল।সেই ৰাতি ১ লাখতকৈ বেছি জনসংখ্যা থকা চিয়ালকোট চহৰত কেৱল ধুৱাঁই ধুৱাঁ, চাৰিওফালে জুই আৰু য’তে ত’তে বিখৰিত মানুহৰ আৰু পশুৰ মৰাশৰ দম।
মন্দিৰ, গুৰুদ্বাৰ সকলোতে জুই লগাই দিয়া হৈছিল, দোকান ঘৰ লুটপাট চলোৱা হৈছিল আৰু জিহাদী সকলে সেই ঘৰবোৰ অধিকাৰ কৰি লৈছিল। ডাঙৰ ডাঙৰ দোকান বিলাক সিহঁতে কব্জা কৰি লৈছিল। ৫৬ টা বেংক লুট কৰিছিল সিহঁতে যাৰ মালিক আছিল হিন্দু সকল। বহু সংখ্যক হিন্দু আন্ধাৰৰ সুযোগ লৈ পলাবলৈ সক্ষম হৈছিল । যি সকল ব্যক্তি এসময়ত লেখত লব লগীয়া ধনী হিচাপে পৰিচিত আছিল, তেঁওলোকে নিজৰ ভোক নিবাৰণ কৰিবলৈ ৰেলৰ পোৰা কয়লা খাবলৈ বাধ্য হৈছিল।
গুৰুজনাৰ পবিত্ৰ স্থান জেহাদীৰ দ্বাৰা দখল কৰাৰ সুপৰিকল্পনাত বটদ্ৰবা আজি আঘাত প্ৰাপ্ত । গুৱাহাটীৰ পৰা ১০০ কিলোমিটাৰ দুৰত্বত থকা বটদ্ৰবাৰ পৰিচয় সলনি কৰা চক্ৰান্তক ৰাষ্ট্ৰবাদী সমাজে বুজি উঠাৰ আঠ দশক আগত জম্মুৰ পৰা চল্লিশ কিলোমিটাৰ দুৰত থকা চিয়ালকোট পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল ।

ইতিহাসৰ পৰা শিক্ষা লোৱাৰ সময় নে ইতিহাস পাহৰি নিজে ইতিহাস হোৱাৰ প্ৰয়াস কৰিব আজিৰ সমাজে ?