মই এজন অসমীয়া হিন্দু

258
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


“আমি কোনো বিদেশীক নতুনকৈ সংস্থাপনৰ পক্ষত নাই।“
“জয় আই অসম”কেৱল শ্লোগান নহয় ই এক জাতিৰ গৰিমা কঢ়িয়াই ফুৰা অনিৰুদ্ধ ধাৰা।ইয়াৰ অপপ্ৰয়োগ যাতে নহয় সেয়াও অসমীয়াৰ দায়িত্ব।”জয় আই অসম”এক ঐতিহাসিক জাগৰণৰ স্মাৰক যদিওবা ফলাফল যিয়েই নহওক।কিন্তু জয় আই অসম যাতে কোনোৰ দ্বাৰা অপভ্ৰংস হৈ জয় আই অখম বা অহম নহয়।মন কৰিছেনে বাৰু!
কেৱল ছেকুলাৰিজিমৰ চানা চোবাই থাকিলেই নহ’ব?প্ৰয়োজনতঃ নৃশংসতাৰ বিৰুদ্ধে ঐক্যমতত উপনীত হ’ব লাগিব।
আমাৰ তেজৰ প্ৰতি কণিকাত হিন্দু ধৰ্মৰ প্ৰতি উৎসৰ্গা বিৰাজমান।এজন হিন্দু যুৱক হিচাপে আমি আমাৰ সংস্কৃতি আৰু আদৰ্শ ভাল পাওঁ আৰু হিন্দু চেতনাই আমাক দুষ্টক দমন শান্তক পালন কৰিব শিকাইছে।
কোনো হিন্দু গ্ৰন্থত অসহিষ্ণুতা আৰু সাম্প্ৰদায়িক চেতনাৰ সংৰক্ষণ প্ৰশ্ৰয় দিয়া হোৱা নাই।মানৱীয় দৃষ্টি কোণ বিৰোধী কাম প্ৰকৃত হিন্দুৱে নকৰে আৰু যি কৰে সিয়েই হিন্দুত্বক অৱমাননা কাৰী।সমান্তৰালকৈ আনৰ পথ ভেটিব নগৈ স্ব কুল তথা স্ব সংস্কাৰৰ সুৰক্ষাৰ বাবে যত্নপৰ হোৱা কাৰ্যক সাম্প্ৰদায়িকতা আখ্যা দিয়াটো অযৌক্তিক।স্বজনৰ বিপদত পিঠি দেখুওৱা জন প্ৰকৃত হিন্দু হ’ব নোৱাৰে।
।জাতিটোক প্ৰতাৰণাৰ ইতিহাসে বহু পিছুৱাই নিলে।এতিয়াও যেন অসমীয়াই আগুৱাব নিশিকিলে অথবা চলমান সেই অপশক্তি বিলাকেই যেন দশক দশক জুৰি আজিও অসমৰ ভাগ্য নিয়ন্তাৰূপত কলা যাদু কৰি প্ৰগতিৰ বাটত কন্টক হৈছে।
চলিত সময়ত কোনোবাখিনিত কোনোবাই আবেগৰ চিঞৰতোও তুলি থকাটো আমিও বৰ অপছন্দ নকৰো।কিছু ক্ষেত্ৰত কিছু প্ৰাপ্তিৰ বাবে কিছু আবেগৰো দৰকাৰ।পিছে কাৰোবাৰ কান্ধত বন্দুক থৈ কোনোবাই যাতে ৰুটি নেসেকে।এতিয়াও প্ৰভাৱগোষ্ঠী বুলিলে আমিও সেই দুটা এটাকেই সমীহ কৰো বাকী সংখ্যাত শ্ৰীবৃদ্ধি থাওকহে।সেই দুই এটাৰ গুণগত মানৰ বৰ্ধন আৰু পোষণ আমাৰো কাম্য।অৱশ্যে কৰ্মক্ষেত্ৰত আৰু প্ৰভাৱী ভূমিকাত কিছু নতুনত্ব গঠনমূলক ভাৱে বিচাৰো।আন্দোলনবোৰ যদি কৰ্ম সংস্কৃতিৰ হ’ল হয়?ধৃত বিদেশীয়ে কিয় পাচলি খেতি কৰি বজাৰত বিকি আমাক খুৱাব লাগে অসমত এতিয়াও?বিশুদ্ধ বাংলাদেশী এজন যাৰ মুখৰ অহমীয়া ভাষাই প্ৰমাণ তাৰ পৰা পৰম আনন্দেৰে মাছ কিনি থকা সময়ত বৌদ্ধিক পণ্ডিতজন অথবা ঘৰৰ বনকৰা বিশুদ্ধ বাংলাদেশী মিঞা মানুহজনীৰ ওপৰত ভৰষা কৰি চলা টিভিৰ ভাষণৰ বাইদেউ গৰাকীৰ যিদিনা সমস্ত তেজত সমস্ত সত্বাত বাস্তৱতে কাটি মাৰি নহৈ প্ৰকৃত অসমীয়া মানসিকতা গঢ় লৈ উঠিব সিদিনা চাগে সকলোৰে মগজু স্থিৰ হ’ব।শক্তিশালী সময়েহে দেখুৱাই যাব প্ৰকৃত অসমৰ সন্তান কোন?
সমান্তৰাল ভাৱে ভাৰসাম্য প্ৰেক্ষাপটত অসমৰ থলুৱা হিন্দু মূছলমান সকলোৰে স্বাৰ্থত কেইটামান সিদ্ধান্ত হ’ব লাগিব খৰতকীয়াকৈ=
১.অসম ৰাজ্যৰ ৰাজ্য ভাষা অসমীয়া কঠোৰ ভাৱে প্ৰণয়ন হ’ব লাগিব।
২.ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুদ্ধ উন্নীত কৰণ সাপেক্ষে সকলো অবৈধ প্ৰবজন কাৰী নিজ দেশলৈ যাব লাগিব।
৩. ভাৰত-বাংলা সীমান্ত চীলকৰণ শীঘ্ৰে সম্পন্ন কৰণ।
৪.খিলঞ্জীয়াৰ মাটি ভেটি সুৰক্ষাৰ ক্ষেত্ৰত সকলো ধৰণৰ আইনী ব্যৱস্থা তৈয়াৰ ।।
শ্লোগানবাজিত নহয় কৌশলী বাস্তৱবাদ হে প্ৰাসংগিক।শূণ্যত গদা ঘূৰাই আষ্ফালন বহুত হ’ল।ধৰ্মনিৰপেক্ষতাৰ সুস্থ ধাৰণাৰ আৰত সতৰ্পনে ৰচিত একাংশৰ অসুস্থ মানসিকতাৰ নৃত্য নাটিকাই সততে বিপাঙত পেলাই আহিছে হিন্দু প্ৰধান দেশ ভাৰতবৰ্ষক।অন্য ধৰ্মাৱলম্বী ভাৰতীয়সকলক ঢাল বনাই সতৰ্পনে দুষ্কৃতিত লিপ্ত বিদেশী মদতপুষ্ট চক্ৰ।যাৰ কু অভিসন্ধি আৰু ষড়যন্ত্ৰত ভোল গৈছে একাংশ অন্য ধৰ্মাৱলম্বী ভাৰতীয় নাগৰিকো।অথচ সেইসকলৰ সৈতে হিন্দুপ্ৰধান ভাৰতবৰ্ষই সদায় সহনশীলতা আৰু সমভাৱ পোষণ কৰি আহিছে।যি সময়ত সৱল আৱাজেৰে গৰজি উঠে সংখ্যালঘুৰ পক্ষত তথাকথিত মানৱ অধিকাৰ কৰ্মী সকল সেই একেই ভূমিকাত দেখা নাযায় হিন্দু প্ৰধান ভাৰতত হিন্দু নিগৃহীত হ’লে।কিয়?
অন্য ধৰ্মৰ প্ৰতি বিদ্বেষ আমাৰ নাই কিন্তু স্ব ধৰ্মৰ সুৰক্ষা আৰু বিকাশ নৈতিক দায়িত্ব।সংখ্যালঘূ সকলে নিৰাপদ ভাৱে ভাৰতত বসবাস কৰি অহাৰ কথা স্বয়ং সিবিলাকেই স্বীকাৰ কৰাৰ পিছতো সামান্য ক’ৰবাত কিবা ধৰণে কোনো এজন সংখ্যালঘূ নিপীড়িত হ’লেই লাগি যায় হাহাকাৰ।ন্যাৰ্য ক্ষেত্ৰত আমাৰ আপত্তি নাই কাৰণ সকলোৰে মানৱ অধিকাৰৰ ন্যাৰ্যতা আছে। কিন্তু ধৰ্ষণ কাৰী,নাৰী দেহৰ চোৰাং কাৰবাৰী তথা গৰুচোৰ অথবা জোৰকৈ ধৰ্মান্তৰকৰণকাৰীৰ সপক্ষত যেতিয়া মানৱ অধিকাৰৰ বিয়োগোম প্ৰবক্তা,বিৰাট মেডিয়া অথবা ৰাজনৈতিক সুবিধাবাদী সকল থিয় হয় তেতিয়াই অনুভৱ হয় “দাল মে কুছ কালা হ্যায় নহয় পুৰা দাল হী কালা হ্যায়।”তাতোকৈ ভয়ানক কথা যেতিয়া হিন্দু নিপীড়িত হ’লে,ধৰ্ষিতা হ’লে,ধৰ্মান্তৰকৰণৰ জাল অথবা লাভ জেহাদৰ কৱলত পৰিলে এইসকলে গাতত সোমাই থাকে।জিভা চিলাই ওঠত চেল’ টেপ লগাই এনাৰ্জী সংৰক্ষণ কৰে সন্দেহজনক বিদেশীৰ হৈ পৰৱৰ্তী নাটকবোৰত অংশ ল’বলৈ।
এইসকল বুদ্ধিত বৃহস্পতি চয়তানৰ সাধক সকলে কাশ্মীৰি পণ্ডিতৰ দুখৰ সমভাগী হোৱাৰ যুক্তি নেদেখে কিন্তু ৰোহিংগীয়াৰ সংস্থাপনৰ সপক্ষত।এই সকলে হাইলাকাণ্ডিৰ ঘটনাত মৌন।এই সকলে পশ্চিমবংগৰ অবাধ হিন্দু নিগ্ৰহৰ ঘটনাত নিশ্চুপ।মধ্যপ্ৰাচ্যৰ নিৰ্দেশ অনুসৰিহে যেন নিৰ্দিষ্ট কিছু ঘটনাতহে মানৱ অধিকাৰ ভংগৰ বিৰাট যুক্তি বিচাৰি পায় এওঁলোকে।”ভাৰত তেৰে টুকৰে হোংগে”অথবা “হৰ ঘৰ সে আফজল নিকলেংগে” জাতীয় শ্লোগানক অভিব্যক্তিৰ আজাদী ৰূপে সমৰ্থন কৰি যোৱা তথাকথিত মানৱ অধিকাৰৰ ৰক্ষক সকলৰ হাতত কিমান সুৰক্ষিত ভাৰতীয় গণতন্ত্ৰ অথবা তথাকথিত ভাৰতীয় ধৰ্মনিৰপেক্ষতা?ৰাইজে বিবেকেৰে বিচাৰ কৰা উচিত।আমাৰ দৃষ্টিত ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটোৱেই আচলতে ভাৰত ভূমিৰ পটভূমিত সংশোধন যোগ্য।দৰাচলতে হ’ব লাগিছিল ধৰ্মীয় সহাৱস্থান।।সকলোৱে স্ব ধৰ্মীয় চেতনাৰ ব্যুহ সাজি থকা দেশখনত ধৰ্মীয় কঠিনতা (Religious rigidity)স্বাধীনোত্তৰ কালৰে পৰা আছে।তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত ধৰ্ম নিৰপেক্ষতাতকৈ ধৰ্মীয় সহাৱস্থানৰ ধাৰণাহে প্ৰাসংগিক দৃষ্টিভংগী।
সুপৰিকল্পিত বাস্তৱ পৰিকল্পনাবোৰক বাধা দি অসমখনকো বহু বছৰ পিছুৱাই নিয়াটো একাংশৰ জেনেটিক আসোঁৱাহ।মন কৰিব আজিৰ সচেতন অসমীয়াই তাহানিৰ বাংলাদেশী খেদা অসম চুক্তিৰ বিৰোধিতা কৰা সকল আজি নাগৰিকত্ব সংশোধনৰ বিৰোধী অৰ্থাৎ তেতিয়া আনিলে এমুঠি হিন্দু আৰু মুঠি মুঠি মূছলমান এতিয়া হিন্দু বাংলাদেশীৰ ফেন্টাচীক লৈ সংকটত পৰি চিন্তিত এইসকল স্বয়ং দ্বিধাগ্ৰস্ত পিতামহ।কেবা লক্ষাধিক সন্দেহজনক পূৰ্ববংগীয় মূছলমানৰ ক্ষেত্ৰত নিশ্চুপ সকলে কিয় অপবাখ্যা কৰি আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ?ইতিপূৰ্বেই শৰণাৰ্থী এমুঠি হিন্দু বঙালীয়ে অসমীয়া ভাষা গিলিব বুলি সন্ত্ৰস্ত সকলে অসমৰ বহুকেইখন জিলাত জনগাঁথনি সলাই পেলোৱা সকলৰ ক্ষেত্ৰত কিয় ধৃতৰাষ্ট্ৰৰ ভাওঁ লৈছে?বাংলাদেশী মূছলমানৰ প্ৰব্ৰজনত মূল অৰিহণা যোগোৱা ৰাজনৈতিক দলসমূহে বাংলাদেশী বিতাড়নৰ কথা আহিলে কেৱল এমুঠিমান হিন্দু শৰণাৰ্থীৰ কথা কয় কিন্তু লক্ষ লক্ষ অবৈধ বাংলাদেশীক মাটি ভেটি দি গজগজীয়া কৰা সেইসকলে বিশাল হাৰত ছানি ধৰা বাংলাদেশী মূছলিমৰ কথা সজোৰে নকয় কিয়?ৰাইজে বিচাৰ কৰিব।
আমাৰ স্বাভাৱিক কৌতুহল হঠাৎ সতেজ ৰূপত জাতিৰক্ষকৰ ভাও লোৱা সকল কোন? ন প্ৰজন্মক স্বাৱলম্বীতা আৰু কৰ্ম সংস্কৃতি তথা কৃষি বিপ্লৱৰ সপক্ষে সচেতনতা সৃষ্টিত তথাকথিত বুদ্ধিজীৱিৰ সংগঠকৰ ভূমিকা কি?
ৰাজনৈতিক লাভৰ বাবে হঠাৎঅপবাখ্যাৰে বাংলাদেশী হিন্দুৰ নাম লৈ ৰাজনীতি কৰা বিজেপি বিৰোধী সদ্য ক্ষমতাচ্যুত দলটো যিয়ে আজি অসমৰ জনগাঁথনি সলাই পেলোৱা অবৈধ মূছলমানক অসমত নিগাজিকৈ স্থাপিত কৰিলে?ৰহিংগীয়াৰ সমৰ্থক সকল নে নেতা হোৱাৰ কুচকাৱাজ কৰা সকল?আদৰ্শ শিথিল বামপন্থী নে সুবিধাবাদী বুদ্ধিজীৱি অথবা গ্লেমাৰ পিয়াসী শিল্পীৰ বাস্তৱ ভূমিকা কি?
আকৌ এবাৰ হয়তো বহুতৰ শিক্ষাবৰ্ষ নষ্ট হ’ব।অসম পিছপৰি ৰ’ব আৰু বহুদিনলৈ।তাকে দেখি দুষ্কৃতিৰ পৃষ্ঠপোষক সকলে কুটিল হাঁহি মাৰিব।
অসম দেশৰ বিষম কথা।আমাৰ সংস্কৃতি আমাৰ মাটিত প্ৰকৃততে বেদখল কাৰ?নব্বৈ শতাংশ অপৰাধী কোনসকল?অসম তথা ভাৰতৰ ভিন্ন ঠাইত জনগাঁঠনিত প্ৰভাৱ বিস্তাৰ কৰা বিশেষ সম্প্ৰদায়ৰ অবৈধ বিদেশীৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ উমান পাই এচাম চতুৰ মগজুৱে উলিয়াই দিছে এটা শব্দ “হিন্দু বাংলাদেশী।”আৰু সেই শব্দটোৰ পিছত দৌৰিছে কোনোবাই আবেগেৰে কোনোবাই সুবিধাবাদেৰে স্ব স্বাৰ্থ পূৰণৰ তাড়নাত।মাজতে অৱস্থা তথৈবচ সাধাৰণ সচেতন মানুহৰ।আচলতে হৈছে কি?আপুনি মই দেখিছো ভূমি নীতিৰ বিৰোধিতা কৰিছে কোনে?।1951 ভিত্তবৰ্ষৰ দাবী সঠিক বুলি মানি নলয় কোনে?আপাতঃ সৰল ভিতৰি কি পক্ষপাত দুষ্ট চৰিত্ৰ।মন কৰিব।কেনেকৈ এইসকল অসমীয়াৰ শুভ চিন্তক হ’ব পাৰে?
এন আৰ চিৰ সংশোধনৰ কথা শুনিলেই আতংকিত একাংশই আজি জাতি মাটিৰ শ্লোগান দিয়ে!ইমানেই ধৃষ্টতা?বিয়োগোম পণ্ডিত সকল আৰু এচাম বুদ্ধিজীৱি আৰু বিগত চৰকাৰৰ লালন পালনত নোদোকা কোন কোন বঙালীয়ে ইছ্যুৰ আৰ লৈ অসমক বিভক্ত কৰাৰ কথা কয়?ভাষিক তথা সাংস্কৃতিক সম্বন্বয়ৰ প্ৰসাৰত কোনোকালেই গুৰুত্ব কিয় নিদিলে জনা বুজা নেতৃস্থানীয়ই?কাষলতিৰ তলত বাঁহ সাজি কেবাখনো ৰাষ্ট্ৰৰ নতুন প্ৰত্যাহ্বান ইছলামিক সন্ত্ৰাসবাদে আমাৰো বৰঘৰত চোং তৈয়াৰ কৰি বহিছে।আমি মাথো নিৰ্বাক দৰ্শক হৈ হিন্দু বাংলাদেশীৰ ফেন্টাচী আৰু সংশয়ত ব্যস্ত।এনে বহু দিশৰ আলোচনা উন্মুক্ত হৈ ৰ’ল।কৌশলগত প্ৰভাৱ কৰি আমি কাহানিও অসমীয়া হ’ব নোৱাৰিলো।মাত্ৰ অসমীয়া জাতিৰ নাম লৈ বীৰ লাচিতৰ নাম লৈ হুংকাৰি হিন্দুবাংলাদেশী আহিব আৰু অসম গোটে গোটে খাব জাতীয় ফেন্টাচীৰ আৰত অসমৰ হিন্দুৱে হিন্দুক কামুৰি নেলু চিঙিব উদ্যত হ’লো।এন আৰ চি বিফল কৰি পুনৰ খাপ পিটি ৰোৱা স্বয়ম্ভূ কোনোবা জাতিৰ অভিভাৱকৰ বুকুৰ কুটুম সকল আকৌ এবাৰ সাজু।
প্ৰসংগত উল্লেখ কৰিব বিচাৰো যে ভাষিক জাতীয়তাবোধ আৰু শৰণাৰ্থীক নাগৰিক ৰূপে সংস্থাপন দুটা একে বিষয় নহয়।হয় জানো ?
মন কৰিবলগীয়া কথা যে বিগত সময়ৰ ভুলৰ বাবে অসমত ভাষিক জাতীয় চেতনা পৈণত ৰূপত সংস্থাপন নহ’ল বৰঞ্চ এশ এবুৰি সংঘাত মুখী হ’ল।ঐতিহাসিক প্ৰেক্ষাপটত ক্ষোভ আৰু বঞ্চনাই পীড়া কৰা জাতি টোৰ ভয়ংকৰ দুৰ্ভাগ্য যে স্বয়ং ভূমি পুত্ৰস্বৰূপ সকলেই আজি ইটো কালি সিটোকৈ বিভিন্ন দাবীত চিঞৰিব লগীয়া হৈ আহিছে আৰু একাংশ বড়ো জনজাতীয় সংগঠনৰ উত্থাপিত DIVIDE ASSAM 50-50 দাবীৰ প্ৰসংগও অন্যতম।অসমীয়া জাতি গঠন প্ৰক্ৰিয়া যেন সম্পূৰ্ণ নৌহওঁতেই স্থবিৰ?আন্দোলন সংস্কৃতি,পৰমুখাপেক্ষী হীনমণ্যতা বা অন্য যি কাৰণে নহওক অসমীয়া জাতিৰ জাতীয় চৰিত্ৰৰ সামূহিক উত্থানত বাধাস্বৰূপ বৰবিহ সদৃশ বিচ্ছিন্নতা বাদী চিন্তা চৰ্চাৰ গতি কোনোৱেই ৰোধ কৰিব পৰা নাই।এই ক্ষেত্ৰত তদানীন্তন জাতি হৈতেষী চিন্তা বিদ আৰু অসমপ্ৰেমীয়ে ঐক্যমত হৈ এক সুস্থ আৰু গঠন মূলক পাঠোদ্ধাৰ কৰি মূল্যায়ন কৰিলে অন্ততঃ জাতি মাটি ভেটিৰ বাবে অধিক ফলপ্ৰসু হ’লহেতেন।অসমত বাস কৰা মাৰোৱাৰী,বিহাৰী,বঙালী ভাষী মানুহ গৰিষ্ঠ সংখ্যকেই অসমৰ ভাষা আচাৰ আচৰণ আদি পূৰ্বপূৰুষৰ পৰাই আহৰণ কৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অংশ হৈছে আৰু প্ৰতিপন্ন হৈছে যে এক বৃহৎ ভাষিক সাংস্কৃতিক বিনিময় আৰু বিতৰণৰ অন্তৱৰ্তী প্ৰৱাহ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া।যি সময়ে সময়ে বাধাগ্ৰস্থ হৈছে বৌদ্ধিক বিলাসীতা,উত্তেজক দিক দৰ্শনৰ ফলত।স্ব ভাষা সংস্কৃতিক শিখৰলৈ নিয়াৰ লগতে আনকো সামৰি বৃহৎ পৰিসৰত প্ৰতিষ্ঠা লাভৰ প্ৰতিযোগিতা মূলক সামূহিক আদান প্ৰদানৰ ইতিবাচক উন্মাদনা সৃষ্টিৰ প্ৰয়াস হয়তো জাতিৰ স্বাস্থ্যৰ বাবে অধিক উপযোগী হ’লহেতেন।বড়ো,ৰাভা,গাৰো,তিৱা, মিছিংআদি জনজাতি-জনগোষ্ঠীয়ে অসমীয়া বুলি পৰিচয় দিব নুখুজিলে ই হ’ব জাতিৰ বুকুত কুঠাৰাঘাত।
বৰাক উপত্যকাৰ বঙালী ভাষী সকলেও সমীহ কৰে সচেতন অসমীয়া চেতনাক।তাহানিতে চাতুৰিৰ গোড়া খেল নেখেলি সম্বন্বয়ত গুৰুত্ব দিলে আৰু অধিক সহনশীলতাৰে বৰাক ব্ৰহ্মপুত্ৰৰ চহকী সংস্কৃতিয়ে ভাৰতীৰ নুমলীয়া জীয়ৰী অসমক সমাহিত কৰি তুলিলেহেতেন।কুটিল পাশা আৰু উচটাই জোল খোৱা নিকৃষ্ট ৰাজনীতি বহুত হ’ল।জনতাই সকলোকে দেখিছে।সকলো জানে আৰু বুজিব।ৰাইজক নিজৰ মগজুৰে ভবাৰ সুবিধাকণ দিয়ক।অন্য অৰ্থত জাতি ভাইৰ একতা সুদৃঢ় হ’লে অসম ত্ৰিপুৰা নহয় কেতিয়াও।কাশ্মীৰ যাতে হ’ব নোৱাৰে সেই দিশত ঐক্যমতৰ প্ৰৱল প্ৰয়োজন।যদিহে আমি বিশ্বাস ৰাখো স্ব প্ৰাচুৰ্য আৰু একতাৰ ওপৰত দেখিবলৈ পোৱা যাব ই আনকো সাঙুৰি পেলাইছে।বিশাল বাহু অসমীয়া পৰিচয়ে উদ্ভাসিত আমি বিৰাট ভাৰতৰ পোৱালমণি সদৃশ হ’ব পাৰিমনে?