দাৰুল_উলুম_দেওবন্দৰ_সাম্প্ৰতিক_ফটোৱা

266
  • ড° ক্ষিতীশ চন্দ্ৰ মিশ্ৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


দাৰুল উৰুম দেওবন্দৰ নাম শুনিছেনে? নাই শুনা? তেনেহলে শুনক। দক্ষিণ এচিয়াত একাধিক মুচলীম দেশ থাকিলেও দাৰুম উলুম দেওবন্দ দক্ষিণ এচিয়াৰ সৰ্ব্ববৃহৎ মুচলীম সংগঠন যিয়ে মাদ্ৰাছা শিক্ষাৰ বিষয়ে ভাৰতৰ বেছি ভাগ মাদ্ৰাছাক পৰিচালনা কৰে । এই সংগঠনটো ভাৰতৰ উত্তৰ প্ৰদেশত অৱস্থিত। বৰ্তমান ভাৰতত প্ৰায় ত্ৰিশ হাজাৰ মাদ্ৰাছা আছে । বেছি ভাগ মাদ্ৰাছাই দেওবন্দৰ চিন্তাধাৰাকে তেওঁবিলাকৰ আদৰ্শ বুলি গ্ৰহণ কৰে ।
এই দাৰুম উলুম দেওবন্দে তেওঁলোকৰ ওৱেব চাইটত সম্প্ৰতি ফটোৱা জাৰী কৰি–” গজৱা এ হিন্দ”ক মান্যতা দিছে ( তথ্য আৰু সূত্ৰ— টাইমচ নাও নৱভাৰত)। গজৱা এ হিন্দৰ অৰ্থ হৈছে– হিন্দুস্তান বা ভাৰতৰ ওপৰত আক্ৰমন আৰু দখন কৰি মুচলীম ৰাষ্ট্ৰ নিৰ্ম্মাণৰ মুকলি নিৰ্দেশ । এই ফটোৱাত উল্লেখ কৰা হৈছে যে যদি কোনো মুচলমান ভাৰতৰ বিৰুদ্ধে এই ধৰ্ম্মযুদ্ধত প্ৰাণ হেৰুৱাই তেনেহলে তেওঁ বিশেষ ছহীদৰ সন্মান পাব।
এতিয়া প্ৰশ্ন হৈছে, দাৰুল উলুম দেওবন্দৰ ভাৰতৰ বিৰুদ্ধে এনে মুকলি যুদ্ধ ঘোষণাৰ পিছত ভাৰতৰ আন আন অঞ্চল সমূহত প্ৰতিক্ৰিয়া কেনে হৈছে? মুচলীম সংগঠন হিচাপে দাৰুল উলুম দেওবন্দে সমগ্ৰ পৃথিৱীকেই মুচলীম ৰাষ্ট্ৰ কৰিবলৈ বিচাৰিব– এয়া বাৰু বুজিলোঁ । কিন্তু বাকী ভাৰতে কি ভাবিছে সেয়াই আচল কথা । এই ঘটনাত দাৰুল উলুম দেওবন্দৰ বিৰুদ্ধে যোগী আদিত্য নাথৰ প্ৰশাসনে এফ আই আৰ দিছে। প্ৰশ্ন হৈছে– আনসকল মনে মনে আছে কিয়?? ক’ত‌ আছে ভাৰতৰ ধৰ্ম্মনিৰপেক্ষ ৰাজনৈতিক দল, ধৰ্ম্মনিৰপেক্ষ বুদ্ধিজীৱি, বামপন্থী-প্ৰগতিশীল মানুহবোৰ ?? ক’ত লুকাল তেওঁলোকৰ ধৰ্ম্মনিৰপেক্ষতা?? তেওঁলোকৰ মুখত ফেভিকল আঠা লাগিল কিয়??? এয়াই তেনেহলে তেওঁলোকৰ আচল ধৰ্ম্মনিৰপেক্ষতাৰ চেহেৰা ??? নে তেওঁলোকৰ দৃষ্টিত কেৱল হিন্দুত্বৰ বিৰোধিতাই ধৰ্ম্মনিৰপেক্ষতা? প্ৰকৃততে এয়াই হৈছে ধৰ্ম্মনিৰপেক্ষতাৰ নগ্ন স্বৰূপ ! কেৱল হিন্দুত্বক আক্ৰমন আৰু বিৰোধিতা কৰাটোৱে এই সকলৰ তথাকথিত ধৰ্ম্মনিৰপেক্ষতা! আৰ-এচ-এচ, বিশ্ব হিন্দু পৰিষদ, বজৰঙ দল এওঁলোকৰ দৃষ্টিত মহা সাম্প্ৰদায়িক সংগঠন! বিপৰীতে দাৰুম উলুম দেওবন্দ, জৈচ মহম্মদ, লস্কৰ ই তৈবা,‌ অল কায়দাৰ দৰে সংগঠনবোৰ এওঁলোকৰ দৃষ্টিত একো একোটা সমাজসেৱী সংগঠন !!!
ভাৰতত নিজকে ধৰ্ম্মনিৰপেক্ষ ৰাজনৈতিক দল, ধৰ্ম্মনিৰপেক্ষ বুদ্ধিজীৱি, বামপন্থী-প্ৰগতিশীল মানুহ বুলি জাহিৰ কৰা সকলে বহলভাৱে প্ৰচাৰ কৰা এই “ধৰ্ম্মনিৰপেক্ষতা” আচলতে এটা অতি ভ্ৰান্ত, সুবিধাবাদী , ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ধাৰণা যাৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ বুকুৰ পৰা হিন্দু জীৱন দৰ্শনক সমুলঞ্চে ধ্বংস কৰি তাৰ ঠাইত এক বিজতৰীয়া ৰাজনৈতিক ক্ষমতাক প্ৰতিষ্ঠিত কৰা । এই চৰম সত্যটোক পথভ্ৰষ্ট হিন্দু সকলৰ লগতে প্ৰতিজন দেশপ্ৰেমিক ভাৰতীয়ই যিমান সোনকালেই বুজি পাব সিমানেই মংগল ।