কংগ্ৰেছৰ ৫ টা ভুল

311
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০১৯তকৈ ২০২৪ত কংগ্ৰেছে নিজৰ প্ৰদৰ্শন উন্নত কৰাৰ কোনো সম্ভাবনা নাই। ইণ্ডিয়া মৰ্চা গঠন কৰি তেওঁলোকে কিছু তৎপৰতা দেখাইছে যদিও বিজেপিৰ নিচিনা শক্তিশালী দলৰ বিৰূদ্ধে এয়া যঠেষ্ট নহয়। আমি আজি আলোচনা কৰিম কংগ্ৰেছৰ ৫টা ভুল যাৰ বাবে ২০২৪ত তেওঁলোক পৰাজিত হ’বঃ

১) কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। কিন্তু ভাৰত যাত্রা কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধী কংগ্ৰেছৰ এজন সাংসদ মাত্র। হয়তো মল্লিকাৰ্জুন খাৰ্গেই ভাৰত জোড়ো কৰিব লাগিছিল নাইবা ৰাহুল গান্ধীয়ে দলৰ সভাপতিৰ পদ ল’ব লাগিছিল। এতিয়া দলৰ তথা ইণ্ডিয়াৰ মাজতে কনফিউজন_কোন সভাপতি,কোন প্ৰধানমন্ত্রী হ’ব ইত্যাদি।
২) ভাৰত জোড়ো কৰিব লাগিছিল দুবছৰ আগতে। ঠিক নিৰ্বাচনৰ আগত গান্ধীয়ে মুখ্য কাৰ্য্যালয়ত বহি দলৰ দিশ নিৰ্ণয় কৰিব লাগিছিল। ইমান কেইটা বিৰোধী দলৰ লগত সামঞ্জস্য ৰাখিবলৈ সবল নেতৃত্বৰ খুব প্ৰয়োজন।
৩) ইণ্ডিয়া এলায়েন্স কৰোতে পলম হ’ল। ভাৰতৰ দৰে এখন বৃহৎ ৰাজ্যত নিৰ্বাচনৰ চাৰিমাহ আগত মৰ্চা গঠন কৰি বিজেপিক পৰাভুত কৰা সহজ নহয়। এবছৰ আগতে মৰ্চা গঠন হোৱা হ’লে দলবিলাকৰ মাজৰ মতানৈক্য দুৰ কৰাত সহায়ক হ’লহেতেন।
৪) বিজেপিৰ সকলোতকৈ ডাঙৰ ইউ.এছ.পি হ’ল নৰেন্দ্ৰ মোদী। কংগ্ৰেছে যোৱা ৫ বছৰে মোদীৰ ব্যক্তিত্যক প্ৰতিহত কৰাৰ বাবে কোনো পৰিকল্পনা নকৰিলে। ফলত মোদীৰ ইমেজ ক্ৰমান্বয়ে ডাঙৰ হৈ গৈ থাকিল।
৫) তৃণমূল, ৱাই.এছ.আৰ কংগ্ৰেছ , এন.চি.পি আদি দল কংগ্ৰেছৰ বুকুৰ পৰাই জন্ম হোৱা। কংগ্ৰেছে এই সকলোবোৰ দলক নিজৰ দলৰ লগত বিলীন কৰিবলৈ চেষ্টা কৰিব লাগিছিল। এই সকলো নেতা কংগ্ৰেছলৈ ঘুৰি আহিলে কংগ্ৰেছ মজবুত হৈ বিজেপিৰ বিৰূদ্ধে যুঁজ দিব পাৰিলেহেতেন।