মণিপুৰৰ মহাগণিত

1457

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ড° হিমন্ত বিশ্ব শৰ্মাই ২৪ জুনৰ সন্ধিয়া এটা টুইট কৰিলে আৰু সেইটো প্ৰায় প্ৰতিখন ৰাষ্ট্ৰীয় অ’নলাইন কাকতৰ হেডলাইন হ’ল। মণিপুৰৰ ৰাজনীতিকলৈ ৰাষ্ট্ৰীয় মিডিয়াৰ ৰাপ নিশ্চয় উৎসাহজনক। ১৭ জুনত উপমুখ্যমন্ত্রী সহিতে ৯জন বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰ। বহু দিনৰ পৰা উমি উমি জ্বলি থকা মণিপুৰৰ জুইকুৰাই  হঠাৎ যেন তীব্ৰতা পায়। ৰাজ্যত ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত স্বাস্থ্য মন্ত্রীক মণিপুৰলৈ তলব কৰা হ’ল। নাৰাজ বিধায়কক লৈ শৰ্মা মণিপুৰৰ পৰা গুৱাহাটী হৈ দিল্লী পালে। সুযোগ বুজি গৌৰৱ গগৈ আৰু অজয় মাকনো গৈ ইম্ফলত উপস্থিত হয়।চৰকাৰ গঠনক লৈ কুচ-কাবাজ। এনতে টুইট আহিল। শৰ্মাৰ টুইটে বিজেপি প্ৰেমীক নিশ্চিত কৰিলে যে মণিপুৰত চৰকাৰ থাকিব।
মণিপুৰত আচলতে কি হৈছে?
মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিৰ কথা বুজিবলৈ যাব লাগিব ২০১৭ চনলৈ যেতিয়া মণিপুৰত বিধানসভাৰ নিৰ্বাচন হৈছিল। মুঠ আসন ৬০; ফলাফল আছিল এনে ধৰণৰ
কংগ্ৰেছ ২৮
বিজেপি ২১
এন.পি.প ৪
এন.পি.এফ ৪
অন্য ৩
বিজেপিয়ে কংগ্ৰেছক বাদ দি আন সকলো দলৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰে। চৰকাৰত মন্ত্রী হয় কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা বিধায়ক শ্যামকুমাৰ। বিধায়কৰ শপত নোলোৱাকৈ চিধাই তেওঁ হয় মন্ত্রী। ২০২০ চনত সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁক মন্ত্ৰী পদৰ পৰা অব্যাহতি দিয়া হয়। বিধানসভাৰ অধ্যক্ষই বিধায়কৰ পদো খাৰিজ কৰে। বিধানসভাৰ মুঠ বিধায়কৰ সংখ্যা হ্ৰাস পায় ৫৯ জনলৈ। ৯ জুন ২০২০ত ৭ জন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰে। মণিপুৰ উচ্চ ন্যায়ালয়ে এই ৭ বিধায়কক বিধানসভালৈ অহাৰ ক্ষেত্রত নিশেধাজ্ঞা আৰোপ কৰিছে। এই ৭ জনকো বাদ দিলে মুঠ সংখ্যা হয় ৫২। ইয়াৰ ভিতৰত বিজেপিৰ সমৰ্থনত ৩২ আৰু কংগ্ৰেছৰ সমৰ্থনত ২০। এনেতে আহিল আন এটা খবৰ।  ১৭ জুনত উপ মুখ্যমন্ত্রী সহ মুঠ ৯ বিধায়কে চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। উপ মুখ্যমন্ত্রী এন.জয়কুমাৰে কয় যে মুখ্যমন্ত্রীয়ে কৰোণাৰ সময়ত সকলোকে ৫ কে.জিকৈ চাউল দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁ এই কথাটো উত্থাপন কৰাত তেওঁৰ বিভাগ কাটি দিয়া হয়। এন.পি.পিৰ নেতাজনে দাবীকৰে যে ১৯ জুনত হবলগা ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছত এন.পি.পিৰ বিধায়ক সকলক মন্ত্রীসভাৰ পৰা বাদ দিব বুলি তেওঁ খবৰ পাইছে। বিজেপিৰ ৩২ ৰ পৰা ৯ বিয়োগ কৰিলে হয় ২৩। বিজেপি ২৩ বনান কংগ্ৰেছ ২০। খেল প্ৰায় সমান সমান। সমৰ্থন প্ৰত্যাহাৰ কৰা ৯ জন বিধায়কৰ ভিতৰত বিজেপিৰ ৩ জন, ৪ জন এন.পি.পিৰ আৰু ২ জন অন্য। বিজেপিৰ ৩ জন বিধায়কৰ সদস্যতা খাৰিজ হ’লেও বাকী ৬ জনৰ কংগ্ৰেছক সমৰ্থন কৰাত কোনো বাধা নাই। তেতিয়া সংখ্যা হ’ব বিজেপি ২৩ বনাম কংগ্ৰেছ ২৬। প্ৰাক্তন মুখ্যমন্ত্রী ইব’বি সিংএ ৰাজ্যপাল নাজমা হেপটুল্লাক বিধানসভাৰ বিশেষ অধিবেশনৰ বাবে অনুৰোধ কৰিছে যাতে বিৰেণ সিংৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাব আনিব পাৰে। চৰকাৰ বচাবৰ বাবে অমিত শ্বাহৰ মনত পৰিল বিশ্বাসভাজন হিমন্ত বিশ্ব শৰ্মালৈ। খবৰ পোৱা মতে এন.পি.পিৰ ৪ বিধায়ক আৰু বিজেপিৰ তিনি বিধায়ক মুখ্যমন্ত্রী সলনিৰ দাবীত আকোৰগোজ। উপায়হীন হৈ দিল্লীত শ্বাহৰ লগত সাক্ষাত কৰালে এন.পি.পিৰ চাৰি বিধায়কক। বিভাগ সালসলনিৰ প্ৰতিশ্ৰুতি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলালে শ্বাহে। বিজেপি ২৭ ; কংগ্ৰেছ ২২ । অনাগত দিনত মণিপুৰৰ গণিত কেনেকুৱা হয় সময়ত গম পোৱা যাব কিন্তু এটা কথা ঠিক যে সাম্ভাব্য পতনৰ পৰা বিৰেণ সিং চৰকাৰক উদ্ধাৰ কৰি ড° শৰ্মা আকৌ হৈ পৰিল অমিত শ্বাহৰ হিৰো।