বাঘজানৰ আবেগ

1398
  • কমল বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভালদৰে কথাবোৰ বিশ্লেষণ নকৰি মাত্ৰ কিছুমান পাবত গজা নেতা তথা স্বয়ম্ভু পণ্ডিতৰ কথাত পতিয়ন গৈ ৰাজপথ লৈ  ওলাই আহি প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰাৰ স্বভাৱটোৱে নেতাৰ বেংক বেলেঞ্চ বৃদ্ধি কৰিছে আৰু বহু দুখীয়া পৰিয়ালে নিজৰ সন্তান হেৰুৱাইছে ।
আই এম ডি টি ( IMDT ) আইন খন বুকুত সাৱতি লৈ অসম চুক্তি স্বাক্ষৰ কৰি  এচামে ৰাইজক ধাৰণা দিছিল যে অসম অবৈধ বিদেশী মুক্ত হ’ব আৰু আন্দোলনত জ্বলি যোৱা কাঠৰ দলং বোৰ সোনৰ দলংলৈ ৰূপান্তৰ হ’ব । গুগুল আৰু ইনটাৰনেটৰ অভাবত  ৰাইজে জুইৰ জুমুঠি লোৱস ছাত্ৰক বিশ্বাস  কৰি  নিশাৰ ভিতৰতে  ৰাজ্য শাসনৰ বাঘজৰী প্ৰদান কৰিছিল । বিশ্বাসৰ ফলাফলৰ আলোচনা এতিয়া অৰ্থহীন বুলি ৰাইজেই প্ৰমাণ কৰিছে । আদালতৰ জড়িয়তে IMDT বাতিল হ’ল ,  সৰ্বানন্দ সোণোৱালক ৰাইজে নায়ক বনালে ।  অসম চুক্তিৰ লগে লগে IMDT অনা সকলো এসময়ত নায়ক আছিল আৰু IMDT ভংগৰ আইনী প্ৰক্ৰিয়াত জড়িত জনো নায়ক হ’ল ।
এনেকুৱা আচৰিত অসমৰ বাহিৰে আন প্ৰদেশত হৈছে নে তথ্য পোৱা নেযায় । এটা বিষয়ক ভাল বুলি কোৱাজনো নায়ক, আকৌ একেটা বিষয়কে বেয়া বুলি কোৱাজনো নায়ক। আবেগৰ  প্ৰৱাহত উটি যাৱাৰ প্ৰৱণতাৰ বাবেই নাটক প্ৰতিটো দৃশ্যতে নায়কৰ জন্ম হৈ গৈ থাকে ।
এতিয়া প্ৰায় একেধৰণৰ ঘটনা দেখিবলৈ পোৱা গৈছে বাঘজানৰ গেছ নিৰ্গমন তথা অগ্নিকাণ্ডৰ ঘটনাত। দুৰ্ঘটনাটো ঘটাৰ লগে লগে সকলোৱে আবেগত উঠলি অইল ইণ্ডিয়াক লুণ্ঠনকাৰী, ৰাইজৰ শত্ৰু সাজিবলৈ লাগি গ’ল। এটা দুৰ্ঘটনাৰ বাবেই লাখ লাখ পৰিয়ালৰ জীৱিকাৰ বাবে দায়বদ্ধ কোম্পানীটোৰ অৰিহনাবোৰ যেন নিমিষতে শুন্য হৈ গ’ল । এতিয়া অইলৰ খনন বন্ধ কৰিবলৈ উদাত্ত ভাষণ দিয়া সকলে  কিন্তু অইলৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰা আন্দোলনতো নামিছিল। দুৰ্ঘটনাৰ ফলত অইলৰ বিস্তৰ ক্ষতি হৈছে আৰু দুৰ্ঘটনা স্থলীৰ ওচৰ পাজৰৰ অঞ্চল বিলাকৰ ক্ষতি হৈছে । অইলে ৰাইজক ক্ষতি পুৰণ দিব লাগিব , সেই ক্ষতিপুৰণ কাৰ্য্যক অসম চৰকাৰে তদাৰক কৰিব লাগিব । কিন্তু অইল গ’ বেক ধ্বনি দি পকেট গৰম কৰিব বিচৰা এচাম নেতাৰ প্ৰৰোচনাত পৰি ৰাইজ উত্তেজিত হ’লে ক্ষতি কাৰ হ’ব ?   অইল বন্ধ হৈ গলেও তাত কাম কৰা  উচ্চপদস্থ বিষয়ে সকলৰ কোনো ক্ষতি নহয়। কাৰণ তেওঁলোকৰ হয়টো চাকৰি স্থান পৰিৱৰ্তন কৰিলেই সমস্যা শেষ । কিন্তু নিম্নস্তৰৰ কৰ্মীসকল, যিসকলৰ প্ৰায় ৯০% ই সম্পূৰ্ণ থলুৱা লোক সেই সকলক ভলেন্টেৰী অৱসৰ দিব । কিন্তু অইল বন্ধ হলে নামৰূপ, কঁঠালগুৰি তাপবিদ্যুত প্ৰকল্প চলি থাকিবনে? পেট্ৰৰাসায়নিক প্ৰকল্প চলি থাকিবনে? গেছ ক্ৰেকাৰ প্ৰকল্প ?  দুৰ্ঘটনাত অইলত কৰ্মৰত সুদক্ষ ফুটবল খেলুৱৈ এজন নিহত হৈছে । অতি হৃদয় বিদাৰক । কিন্তু এই কথা জানো আমি পাহৰি যাম যে __অইলে চলায় থকা ফুটবল দলটোৱে কিমান অসমীয়া যুবকক নিয়োগ প্ৰদান কৰিছে বা অসমৰ ফুটবলক প্ৰাণ দি আছে ? অসমত থকা হাজাৰ হাজাৰ চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানৰ কিমানটা প্ৰতিষ্ঠানে খেলক প্ৰাধান্য দিছে ?
অইল তথা বাঘজানবাসীৰ এনে এক জটিল ক্ষণত সকলোৰে ভালৰ বাবেই অইলক তেওঁলোকৰ উদ্ধাৰ আৰু সাহাৰ্য্য কাৰ্য্যসূচী সুকলমে চলাই যাবলৈ সকলোৱে সহায় কৰিব লাগে । অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ আইনা ভাঙিলে নিউজ চেনেলত হিৰো হ’ব পাৰি কিন্তু নিজৰ অঞ্চলটোক বিপদৰ পৰা ৰক্ষা কৰিব নোৱাৰি । অইলৰ  উচ্চ পদস্থ বিষয়া আৰু অসম চৰকাৰে  যিহেতু ইতিমধ্যেই সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিছেই সেইবাবে এই ক্ষতিপূৰণ কাৰ্য্য সুকলমে সমাধা কৰাত সংগঠন সমুহে সহায় কৰক আৰু   তীক্ষ্ণ দৃষ্টি ৰাখক  যাতে এই সাহাৰ্য্য কোনো মধ্যভোগীয়ে গ্ৰাস কৰিব নোৱাৰে ।  আন্দোলন সমাধান নহয় , আলোচনা মানেই সমাধান । আন্দোলনে নেতা সৃষ্টি কৰিব আৰু আলোচনাই নীতি সৃষ্টি কৰিব ।