মুখ্যমন্ত্রী পত্নীৰ ব্যক্তিগত বিদ্যালয় স্থাপন কিমান যুক্তিকৰ?

578
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


মুখ্যমন্ত্রীৰ পত্নীয়ে অসমত এখন বৃহৎ ইন্টাৰনেছনেল স্কুল খুলাকলৈ বিতৰ্ক আৰম্ভ হৈছে। ড° হিমন্ত বিশ্ব শৰ্মা শিক্ষা মন্ত্রী হৈয়ে দক্ষতাৰ ভিত্তিত শিক্ষক নিযুক্তি দি ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। ক্ৰমাৎ মৃতপ্ৰায় হ’ব ধৰা চৰকাৰী স্কুলত মেধাবী শিক্ষক দেখি দুখীয়া মানুহবিলাক আনন্দিত হৈছিল। শিক্ষকৰো প্ৰায়বোৰ সমস্যা ড° শৰ্মাই সমাধান কৰিছিল। মুখ্যমন্ত্রী হোৱাৰ পিছত ৰাইজে শৰ্মাৰ পৰা শিক্ষাখণ্ডত আৰু বহু বেছি সংস্কাৰ আশা কৰিছিল। ইংৰাজী মাধ্যমৰ চৰকাৰী স্কুলৰ ঘোষণাকো বেছিভাগ ৰাইজে সমৰ্থন কৰিছিল। কিন্তু মুখ্যমন্ত্রী পত্নীৰ ব্যক্তিগত স্কুল খোলা সিদ্ধান্তটো ৰাইজে কোনোপধ্যে মানি ল’ব পৰা নাই। এছ.এম কৃঞ্চাৰ সময়ত কৰ্ণাটকত আৰু শীলা দিক্ষিতৰ সময়ত দিল্লীত বহুটো মন্ত্রী পত্নীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিবেশ কৰিছিল। ফলত চৰকাৰৰ শিক্ষা মন্ত্রীবিলাকে জানি বুজি চৰকাৰী স্কুলবোৰ ধ্বংস কৰিছিল। তেওঁলোকৰ ওপৰত বাকী মন্ত্রীসকলে তীব্ৰ হেচা প্ৰয়োগ কৰিছিল। চৰকাৰী স্কুলবোৰ যদি উন্নত হৈ যায় তেন্তে মন্ত্রীপত্নীৰ ব্যৱসায়ৰ কি হ’ব? এই দুখন ৰাজ্যৰ বাহিৰে আন ৰাজ্যটো এনে ঘটনা হৈছে। এতিয়া প্ৰশ্ন হ’ল ৰণোজ পেগুৱে গুৱাহাটীত চৰকাৰী স্কুলৰ ওপৰত কিয় মনোনিবেশ কৰিব? তেওঁ মুখ্যমন্ত্রী পত্নীৰ ৰোষত নপৰিবনে? সেয়েহে আমি ভাবো যিকোনো মন্ত্রী বা বিধায়কৰ পত্নীৰ দ্বাৰা ব্যক্তিগত স্কুল খোলা এটা গৰ্হিত কাম। আমি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰোধিতা নকৰো। চহকী মানুহবোৰে নিজৰ টকা খৰছ কৰি নিজৰ সন্তানক ব্যক্তিগত স্কুলত পঢ়াব বিচৰাটো বেয়া কথা নহয়। ব্যক্তিগত স্কুলত আন্তঃ গাঠনি উন্নত আৰু লগতে চাফ চিকুণতাৰ ওপৰতো নজৰ ৰখা হয়। ব্যক্তিগত শিক্ষানুষ্ঠানবোৰত বহু নিবনুৱাই চাকৰি পাইছে। এটা উদ্যোগ গঢ়ি উঠিছে, ভাল কথা। চৰকাৰৰো নতুন স্কুল খুলাৰ প্ৰয়োজন হোৱা নাই যাৰ ফলত কৰ ৰাহি হৈছে। এতিয়া চৰকাৰী স্কুলবিলাক উন্নত কৰাৰ প্ৰয়োজন। দিল্লী পাব্লিক স্কুলৰ দৰে ব্যক্তিগত খণ্ডৰ বিদ্যায়লৰ লগত চৰকাৰে ফেৰ মাৰিব নোৱাৰে। কিন্তু প্ৰত্যেক জিলাতে মডেল স্কুল কিছুমান খুলি দুখীয়া আৰু নিম্ন  মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক সকাহ দিব পাৰে। কিন্তু তাকে নকৰি মুখ্যমন্ত্রীৰ পত্নীয়ে নিজে যদি ব্যক্তিগত স্কুল স্থাপন কৰে তেওঁ আনক কি আদৰ্শ দেখুৱাব? কালি তেওঁক দেখি  পিযুষ হাজৰিকা, জয়ন্ত মল্ল বা ড° ৰণোজ পেগুৰ পত্নীয়েও যদি ব্যক্তিগত বিদ্যালয় স্থাপন কৰে ? মুখ্যমন্ত্রীয়ে জানো তেওঁলোকক বাধা দিবৰ নৈতিক অধিকাৰ থাকিব? চৰকাৰে পলিচি বনাওতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি এটা অহেতুক দৰদ নাথাকিবনে? সেয়হে মুখ্যমন্ত্রী পত্নীৰ ব্যক্তিগত বিদ্যালয় স্থাপন কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ৰাষ্ট্ৰীয় মিডিয়াত খৱৰটো প্ৰকাশ পালে মুখ্যমন্ত্রী বদনাম হোৱাৰো সম্ভাবনা আছে।