অমিত শ্বাহৰ ঈৰ্ষাৰ বলি গাদকাৰী আৰু যোগী

492

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিজেপিত সংসদীয় বৰ্ডৰ ক্ষমতা সকলোতকৈ বেছি। দলৰ সংবিধানমতে সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে সংসদীয় বৰ্ডেহে। সেইবাবেই আগষ্ট মাহত বিজেপিয়ে সংসদীয় বৰ্ডত কৰা সাল সলনিয়ে সংবাদ মাধ্যমত ধুমুহাৰ সৃষ্টি কৰে। সকলোতকৈ চৰ্চিত নাম দুটা হ’ল নিতীন গাদকাৰী আৰু যোগী আদিত্যনাথ। বহুতৰে মনত প্ৰশ্ন উদয় হৈছে কিয় নিতীন গাদকাৰীক বাদ দিয়া হ’ল আৰু কিয় আদিত্যনাথক অন্তৰ্ভুক্ত কৰা নহ’ল? এই দুটা প্ৰশ্নৰ উত্তৰ এটাই_ মোদীৰ উত্তৰাধিকাৰী হিচাপে নিজক প্ৰতিস্থিত কৰিব বিচাৰিছে অমিত শ্বাহে। বৰ্তমান চৰকাৰ আৰু দল দুয়োতাকে নিয়ন্ত্রণ কৰিছে ‍অমিত শ্বাহে। মোদীয়ে নিজৰ বিশ্বাসভাজন শ্বাহৰ মতেই চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ গ্ৰহণ কৰে। আনহাতে দলৰ ভিতৰতো সভাপতি নাদ্দাতকৈ অমিত শ্বাহৰ প্ৰভাব বেছি। স্বাভাবিকতে মোদীৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী হোৱাৰ সপোন পুহি ৰাখিছে শ্বাহে। অমিত শ্বাহ আৰু প্ৰধানমন্ত্রীৰ চকীখনৰ মাজত হেঙাৰ হৈ দেখা দিছে নিতিন গাদকাৰী আৰু যোগী আদিত্যনাথ। মোদী মন্ত্রীসভাৰ সকলোতকৈ সফল মন্ত্রী গৰাকী হ’ল নিতিন গাদকাৰী। বিভিন্ন সমীক্ষামতে তেওঁৰ প্ৰদৰ্শন অমিত শ্বাহতকৈও ভ‍াল। নিজৰ কৰ্মদক্ষতাৰ জড়িয়তে পৰিবহণ বিভাগত চমক দেখুৱাবলৈ সক্ষম হৈছে। অদুৰ ভবিষ্যতে প্ৰধানমন্ত্রীৰ বাবে নিতিন গাদকাৰীৰ নাম আহিব পাৰে বুলি তেওঁৰ নাম সংসদীয় কমিটিৰ পৰা কৰ্তন কৰা হ’ল। তেওঁৰ স্থানত মহাৰাষ্ট্ৰৰে আন এজন ব্ৰাহ্মণ নেতা তথা উপ মুখ্যমন্ত্রী দেবেন্দ্ৰ ফাড়নাভিছক অনা হ’ল। শ্বাহৰ সকলোতকৈ ডাঙৰ বিপদটোৰ নাম হ’ল যোগী আদিত্যনাথ। ভাৰতৰ সকলোতকৈ বৃহৎ ৰাজ্য উত্তৰপ্ৰদেশৰ কত্তৰ হিন্দু মুখ্যমন্ত্রীজন খুবেই জনপ্ৰিয়। তেওঁক ইতিমধ্যে বহু হিন্দুবাদী কৰ্মকৰ্তাই মুকলি ভাবে প্ৰধানমন্ত্রীৰ বাবে সমৰ্থন কৰিছে। সেয়েহে বহুতে ভাবিছিল যোগীক এইবাৰ সংসদীয় কমিটিত স্থান দিয়া হ’ব। কিন্তু অমিত শ্বাহে খেলিলে আন এটা খেলা। কোনো মুখ্যমন্ত্রীকে বৰ্ডত নাৰাখিলে। একমাত্র মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানো বাদ পৰিল। মুঠৰ ওপৰত নিজৰ পথ সুগম কৰিবলৈ অমিত শ্বাহে বেহু ৰচনা কৰিলে।