এদভানটেজ কেজৰীৱাল

460

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


দিল্লী বিধানসভা নিৰ্বাচনত একেৰাহে তিনিবাৰ জয়ী হৈ কেজৰীৱালে প্ৰমাণ কৰিছিল তেওঁৰ ৰাজনৈতিক পৰিপক্বতা। ২০২২ চনত আকৌ এবাৰ সুযোগ পালে তেওঁঁ। এইবাৰ অবশ্যে নিৰ্বাচনত নহয়। দিল্লীত নতুন ৰাজ্যপাল নিযুক্ত হোৱাৰ লগে লগে আমি অনুমান কৰিছিলো যে বিজেপিয়ে আপ চৰকাৰক বিপদত পেলাবলৈ চেষ্টা কৰিব। সুৰাৰ দোকানৰ পাৰ্মিট কেলেংকাৰীকলৈ কেন্দ্ৰীয় সংস্থা চিবিআয়ে দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ চিচোদিয়াৰ বিৰূদ্ধে অনুসন্ধান আৰম্ভ কৰিছে। চিচোদিয়াৰ লেপটপ পৰ্য্যন্ত চিল কৰা হৈছে। কোনদিনা চিচোদিয়া গ্ৰেপ্তাৰ হয় তাৰ কোনো নিশ্চয়তা নাই। তেওঁ দোষী হয়নে নহয় সেইটোৰ বিচাৰ পিছত হ’ব কিন্তু চিচোদিয়াৰ বিৰূদ্ধে অহা অভিযোগৰ ফলত বিপাংত পৰিছিল কেজৰীৱাল।দিল্লী চৰকাৰৰ আন এজন মন্ত্রী সত্যেন্দ্ৰ জৈনো জেলত আছে। দুৰ্নীতিৰ বিৰূদ্ধে জেহাদ কৰি গঠন হোৱা দলটোৰ দুজন নেতাৰ বিৰূদ্ধে দুৰ্নীতিৰ অভিযোগ খুব উদ্যেগজনক। কিন্তু কেজৰীৱালো লাহে লাহে ৰাজনীতিত নিপুণ হৈছে। তেওঁৰ ফালৰ পৰা প্ৰচাৰ কৰা হ’ল যে তেওঁৰ দলৰ বিধায়কক ২০ কৌটি টকা দি বিজেপিয়ে কিনিব বিচাৰিছে। কেইজনমান বিধায়কে সংবাদ মেল কৰিলে। অদিঅ’ টেপ থকা বুলি খৱৰ ওলাল। গান্ধীৰ মুৰ্ত্তিৰ আগত গৈ প্ৰতিবাদ কৰিলে। মহাৰাষ্ট্ৰত কেইদিনমান আগতে বিজেপিয়ে উদ্ধৱ চৰকাৰৰ পতন ঘটাইছিল। নীতিশ কুমাৰেও বিজেপিৰ বিৰূদ্ধে বিধায়ক ক্ৰয়ৰ অভিযোগ উত্থাপন কৰিছিল। যদি কেজৰীৱালৰ অভিযোগ মিছাও হয় তথাপি তেওঁ ৰাইজৰ মাজত এটা ধাৰণা দিবলৈ সক্ষম হৈছে যিটো ৰাইজে বিশ্বাসত লৈছে। আৰু কোৱা হয় Politics is all about Perception. বিজেপিয়ে আৰু এটা ভুল কৰিলে। আনকি অসমৰ মন্ত্রী পিযুষ হাজৰিকায়ো আপে দিল্লীত কৰা চৰকাৰী স্কুলৰ সংস্কাৰৰ সমালোচনা কৰিবলৈ লজ্জাবোধ নকৰিলে। দিল্লীৰ চৰকাৰী স্কুলৰ সুন্দৰ প্ৰদৰ্শনক ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন মুৰব্বী কোফী আন্নানে স্বীকৃতি দিছে। দেশ বিদেশত কেজৰীৱালক আমন্ত্রণ কৰিছে ভাষণ দিবলৈ। পিযুষৰ দৰে নেতাৰ বাবেই বিজেপিয়ে কেজৰীৱালৰ জালত ভৰি দিলে। যিমানে দিল্লীৰ চৰকাৰী স্কুলৰ বিতৰ্ক হ’ব সিমানে কেজৰীৱালৰ লাভ হ’ব। খুব কৌশলেৰে সুৰাৰ অবৈধ লাইচেন্সৰ পৰা বিষয়টো লৈ গৈছে বিধায়ক কিনা বেছা আৰু দিল্লীৰ চৰকাৰী স্কুললৈ।ক’ব লাগিব_ এদভান্টেজ অৰবিন্দ কেজৰীৱাল।