গেৰুৱা হ’বলৈ সাজু প্ৰদ্যুত আৰু দিগন্ত

586

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


কংগ্ৰেছ হাইকামাণ্ডৰ দুৰ্বলতাই দলৰ নেতা কৰ্মীৰ মাজত নিৰাশাৰ সৃষ্টি কৰিছে। ২০২১ বিধানসভা নিৰ্বাচনৰ পিছতে সুশান্ত বুঢ়াগোহাঁই আৰু ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ এৰি বিজেপিত যোগদান কৰিলে। শশীকান্ত দাসে বিধায়ক পদ এৰা নাই যদিও মুকলিকৈ বিজেপিক সমৰ্থন কৰি আছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত আকৌ এবাৰ প্ৰমাণ হ’ল যে কংগ্ৰেছৰ বহু বিধায়ক ভিতৰি ভিতৰি বিজেপিৰ সম্পৰ্কত আছে। তাৰ ভিতৰত মুখ্যমন্ত্রীৰ আটাইতকৈ ঘনিষ্ঠ বৰাকৰ চিদ্দিক আহমেদ। তৰুণ গগৈ মন্ত্রীসভাৰ পৰা ইস্তফা দিবলৈ যাওতে চিদ্দিকে শৰ্মাৰ সংগ দিছিল। কিন্তু বিজেপিত যোগদান কৰিলে নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বাবে কংগ্ৰেছতে থাকি গ’ল। ২০২৬ৰ আগে আগে চিদ্দিক আহমেদে অগপত যোগদান কৰিব বুলি জনা গৈছে। ৰেকিবুদ্দিন আহমেদৰো একেই পৰিকল্পনা। অগপত থাকি ড° শৰ্মাৰ বিশ্বাসভাজন হোৱাই এই দুজনৰ লক্ষ্য। ‍আন বহুত কংগ্ৰেছ নেতা-বিধায়কৰ লগত বিজেপি নেতৃত্বৰ মন্থন চলি আছে। কিদৰে এওলোকক সংস্থাপিত কৰিব পাৰি, সেয়াই মূল কথা। এই লিষ্টত থকা দুটা নাম হ’ল প্ৰদ্যুত বৰদলৈ আৰু দিগন্ত বৰ্মন। প্ৰাক্তন মুখ্যমন্ত্রীৰ পুত্র দিগন্তক বৰক্ষেত্রী এৰি দিবলৈ সাজু নহয় শক্তিশালী বিজেপি নেতা নাৰায়ণ ডেকা। ফলত দিগন্তক ২০২৬ত ধৰ্মপুৰৰ পৰা টিকট দিয়াৰ যো জা চলিছে। ভূমিধৰ বৰ্মনেও প্ৰথমতে ধৰ্মপুৰৰ পৰাই নিৰ্বাচন খেলিছিল। কিন্তু সেইসময়ৰ প্ৰবল প্ৰতাপী অগপ নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ হাতৰ পৰাজয়ৰ শংকা দেখি সংখ্যালঘু বসতি প্ৰধান বৰক্ষেত্রীলৈ ঢাপলি মেলিছিল। এইবাৰ বিজেপিত পাটোৱাৰীৰ পাখি কাটি দিগন্তক অনাটো প্ৰায় খাটাং হৈছে। ২০২৬ৰ ঠিক আগে আগে বৰ্মন বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ ভিতৰুৱা সুত্রই আমাক জানিব দিছে। প্ৰদ্যুত বৰদলৈ আৰু বিজেপি নেতৃত্বৰ মাজত কথা বতৰা প্ৰায় অন্তিম পৰ্য্যায়ত আছে। সেয়েহে কেইদিনমান আগতে চৰকাৰী স্কুলত এলুমুনিৰ দান বৰঙণিক লৈ তেওঁ বিজেপিৰ সপক্ষে মন্তব্য দিছিল। বৰদলৈয়ে নগাওঁৰ পৰা লোকসভাৰ প্ৰাৰ্থীত্ব বিচাৰিছিল। প্ৰথম অবস্থাত মুখ্যমন্ত্রীয়ে ইয়াত সন্মতি দিয়া নাছিল। বৰদলৈক কলিয়াবৰ লোকসভাৰ পৰা নিৰ্বাচন খেলিবলৈ কোৱা হৈছিল যদিও বৰদলৈ ৰাজী হোৱা নাই। শেষত নগাওঁৰ টিকট দি বৰদলৈক দলত আদৰাৰ প্ৰস্তুতি কৰিছে গেৰুৱা দলে। নাম ওলাইছে ভূপেন বৰা আৰু দেবব্ৰত শইকাৰো। যদি সচাকে এনে হয় তেন্তে অসমত কংগ্ৰেছৰ অস্তিত্ব বিলুপ্ত হ’ব।