সোণোৱালকলৈ মোদী-শ্বাহৰ কি অংক?

564

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


সৰ্বানন্দ সোণোৱাল বিজেপিৰ সংসদীয় বৰ্ডত স্থান পোৱাটো নিশ্চয় এটা গুৰুত্বপূৰ্ণ খৱৰ। প্ৰথমবাৰৰ বাবে অসমৰ এজন নেতাই বিজেপিৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সমিতিত স্থান পালে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক যথোচিত মৰ্য্যাদা প্ৰদান কৰা হ’ল। এইখিনিলৈ সকলো থিকে আছিল। কিন্তু প্ৰশ্ন হৈছে সোণোৱাল এই বৰ্ডত থাকি কিবা কথাত হস্তক্ষেপ কৰিব পাৰিবনে? নিজৰ মত ব্যক্ত কৰিব পাৰিবনে? ইয়াৰ উত্তৰ হ’ল_ নোৱাৰে। বিজেপি সংসদীয় বোৰ্ডৰ সকলো সিদ্ধান্ত মোদী-শ্বাহ-নাদ্দাই গ্ৰহণ কৰে। বৰ্ডৰ সভা খুব কম অনুস্থিত হয়। বহু সময়ত সদস্য সকলক ফোনৰ জড়িয়তে সিদ্ধান্তৰ কথা জনাই দিয়া হয়। এই বোৰ্ডৰ সদস্যৰ ক্ষমতা কিমান সেই কথা এটা উদাহৰণৰ পৰা বুজিব পাৰি। পুৰণি নিৰ্বাচনী কমিতিৰ সদস্য আছিল বিহাৰৰ চৈয়দ শ্বাহনৱাজ হুছেইন। হুছেইনে ২০১৯ৰ লোকসভা নিৰ্বাচনত ভাগলপুৰৰ পৰা টিকট বিচাৰিছিল। কিন্তু তেওঁ টিকট নাপালে। কেন্দ্ৰীয় সমিটিৰ সদস্য হৈ নিজৰ টিকটটোকে যোগাৰ কৰিব নোৱাৰা সকলৰ ক্ষমতা কিমান সেয়া সহজে অনুমেয়। গতিকে সোণোৱালৰ বিজেপি সংসদীয় বোৰ্ডৰ অন্তৰ্ভুক্তি মাত্র সাংকেতিক। এই বোৰ্ডৰ ‍আন সদস্য সকলৰ তালিকাখনলৈ লক্ষ্য কৰিলে গ’ম পাব যে সকলো মোদী-শ্বাহৰ সন্মুখত নিস্তেজ। সুধা যাদৱ, সত্যনাৰায়ন জতিয়া, লক্ষণ, ইকবাল লালপুৰা আদিৰ কথা মানুহে গুগল কৰিহে গম পালে। সোণোৱালক স্থান দি অৱশ্যে হিমন্ত বিশ্ব শৰ্মালৈ এটা মেছেজো দিয়া হ’ল। লগতে উজনিৰ মানুহখিনিক সন্তুষ্ট কৰিবলৈ এটা প্ৰয়াস কৰা হ’ল।