মাতৃভাষাৰ জ্ঞান আহৰণ প্রতিজন অসমবাসীৰ বাবে জৰুৰী

798
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱ‍া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাষাৰ স্বকীয়তা আৰু স্বাভিমান প্ৰসংগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল ‘বাৰবনিতা এগৰাকীয়ে যেনেদৰে প্ৰচুৰ অৰ্থ-সম্পদ অৰ্জন কৰাৰ পাছতো সমাজত এক সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম নহয়, একেদৰে মাতৃভাষাৰ পৰিৱৰ্তে অন্য ভাষাত গোটেই জীৱনজুৰি লিখিলেও লেখক এজনে আপোন মানুহখিনিৰ মাজতো সমাদৰ নাপায় আৰু যাৰ ভাষাত লিখা হৈছে তেওঁলোকৰ পৰাও যথাযোগ্য স্বীকৃতি লাভ নকৰে। বাহিৰৰ জগতখন জয় কৰাৰ আগতে নিজৰ মানুহৰ অন্তৰ জয় কৰিব পাৰিব লাগে’।”

বিয়াগোম ব্ৰেইনৰ যুক্তি আমি ঢুকি নাপাও।কোন ক’ত পঢ়িলে ভাল বুলি শিশুসকলক ৰাজনৈতিক পৰীক্ষাগাৰলৈ টানিবপৰাকৈ বিদ্যা বুদ্ধি আমাৰ নাই।কবিগুৰুৰ পৰিয়ালৰ মানুহ কি মাধ্যমত পঢ়িছিল তাকো নাজানো।মুঠতে আমি ভোটা বুদ্ধিৰ আবেগেৰে পৰিচালিত কিন্তু আইৰ মুখৰ ভাষাটো সন্দৰ্ভত আমাৰো মত একেই।

হাড়ে হিমজুৱে অসমীয়া হৈয়ো বিশ্ব জয় কৰিব পাৰি ।ভূপেন দাই সেইটো দেখুৱাই থৈ গৈছে । জ্যোতিপ্ৰসাদেও বাৰ্লিনত গৈ শিকি আহি নিজৰ মাটিত কাম কৰিছিল।বিষ্ণুৰাভাইও কলিকতাত বিপ্লৱৰ নিচান উৰুৱাইছিল,বেজবৰুৱা দেৱে উৰিষ্যাৰ ‌সম্বলপুৰলৈ নিজৰ কৰ্মক্ষেত্ৰ বাচি লৈছিল।বৰ্তমান সম‌য়তো বহু অসমীয়া মাধ্যমত পঢ়া ব্যক্তিয়ে বিদেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানকে ধৰি ভিন্ন দিশত ভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ সুপ্ৰতিষ্ঠিত হৈছে।তেওঁলোকে জানিছিল অসমীয়া হৈওঁ ভাল ভাৰতীয় হ’ব পাৰি।আনন্দৰাম বৰুৱা,আনন্দ ৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়াও আছিল সব্যসাচী ব্যক্তিত্ব।তেওঁলোক ইংৰাজী সাহিত্যতো পণ্ডিত আছিল।বহু প্ৰথিতযশা সাহিত্যিকেই ইংৰাজী,অসমীয়াত সমানে দক্ষ আছিল ।‌
বঙালী সকলৰ বিশ্বতে নাম আছে ।কিন্তু তেওঁলোকে নিজৰ ভাষা আৰু সংস্কৃতি কেতিয়াও এৰি নিদিয়ে। মাৰাঠী সকল,পাঞ্জাবী সকলো ভাল ভাৰতীয় কিন্তু নিজৰ স্বাভিমান তেওঁলোকে ৰাখিব জানে।

বহুভাষিকতা আৰু ভাষাৰ শক্তিৰ বিষয়ে উল্লেখ কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুসৰি ৪.১১. দফাত উল্লেখ আছে যে- সকলোৰে অৱগত যে ল’ৰা-ছোৱালীয়ে নিজৰ ঘৰুৱা বা মাতৃভাষাতহে অগতানুগতিক ধাৰণাবোৰ আয়ত্ত কৰিব পাৰে। স্থানীয় সমাজত ঘৰুৱা ভাষাকেই মাতৃভাষা হিচাপে কথিত ৰূপত ব্যৱহাৰ হয়, তথাপি বহুভাষিক পৰিয়ালত পৰিয়ালৰ অন্য সদস্যই ব্যৱহাৰ কৰা ভাষাও ঘৰুৱা ভাষা হিচাপে প্ৰয়োগ হ’ব পাৰে, যিটো মাতৃভাষা বা স্থানীয় ভাষাতকৈ পৃথক হ’ব পাৰে। য’ত সম্ভৱ হয়, কমেও ৫ম স্তৰলৈ শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে, কিন্তু ৮ম স্তৰ আৰু তাৰ ওপৰলৈ ঘৰুৱা ভাষা/মাতৃভাষা/স্থানীয় ভাষা/আঞ্চলিক ভাষাত শিক্ষা প্ৰদান কৰাত অগ্ৰাধিকাৰ দিব লাগে। ইয়াৰ পৰৱৰ্তী স্তৰত সম্ভৱপৰ ঠাইসমূহত ঘৰুৱা/স্থানীয় ভাষাক এটা বিষয় হিচাপে পঢ়োৱাৰ ব্যৱস্থা চলি থাকিব লাগে। এই নিয়ম ব্যক্তিগত আৰু চৰকাৰী উভয় প্ৰকাৰৰ বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ’ব। বিজ্ঞানকে ধৰি উচ্চ মানসম্পন্ন পাঠ্যপুথি সকলো ঘৰুৱা ভাষা/মাতৃভাষাত উপলব্ধ কৰোৱা হ’ব। শিশুৱে কোৱা ভাষা আৰু শিকণৰ ভাষাৰ মাজত থকা সকলো পার্থক্য নোহোৱা কৰাটো নিশ্চিত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা সোনকালেই গ্রহণ কৰা হ’ব৷ ঘৰুৱা/মাতৃভাষাত পাঠ্যপুথিৰ অনুপলব্ধতাৰ ক্ষেত্ৰত, যিমান দূৰ সম্ভৱ, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ যোগাযোগৰ ভাষা ৰূপে ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা ভাষা ব্যৱহাৰ কৰিব লাগিব। শিক্ষকসকলক দ্বিভাষী শিক্ষণ-শিকণ সমল সংযোগ কৰি দ্বিভাষী পদ্ধতি প্রয়োগ কৰাত উৎসাহ যোগোৱা হ’ব। সকলো ছাত্র-ছাত্রীকে সকলো ভাষাৰ উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হ’ব৷ ভাষা এটা শিকিবলৈ বা শিকাবলৈ ই শিক্ষাৰ মাধ্যম নহ’লেও হয়৷

ল’ৰা ছোৱালী কি মাধ্যমত পঢ়ে জাতীয় টুলুঙা যুক্তিৰে আইৰ মুখৰ ভাষাটোক অপমান কৰি তৈলমৰ্দনৰ সীমা চেৰাই যাব নাপায়।কথাটো হ’ব লাগিছিল অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰাইমেৰী শ্ৰেণীৰ পৰাই অসমীয়াৰ সমান্তৰালকৈ ইংৰাজী বিষয়টোক অধিক সন্তুলিত আৰু মনোগ্ৰাহীকৈ শিক্ষণ আৰু বিজ্ঞানসন্মত পাঠ্যক্ৰম প্ৰস্তুত।সমান্তৰালকৈ বিবিধ জ্ঞানৰ ইংৰাজী আহৰণৰ অৰ্থে সাধাৰণ জ্ঞানৰ পাঠ্যক্ৰম এটা ইংৰাজী-অসমীয়া দ্বৈত ভাষাত শিক্ষণ বাধ্যতামূলক বিষয়ৰূপে অষ্টমমানলৈ অন্তৰ্ভুক্ত কৰা।।

আনহাতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষা প্ৰাইমেৰী শ্ৰেণীৰ পৰা এটা বিশেষ পৰ্যায়লৈ বাধ্যতামূলক বিষয় ৰূপে সন্নিবিষ্ট কৰাৰ সমান্তৰাল ভাৱে চলিত সাধাৰণ জ্ঞান বিষয়টোও বাধ্যতামূলক বিষয়ৰূপে শক্তিশালী গৱেষণা লব্ধ ৰূপত নতুন পাঠ্যক্ৰমেৰে অষ্টমমানলৈ অন্ততঃ দ্বৈত ভাষাত প্ৰতিষ্ঠা কৰা।

সংযোজন স্বৰূপে ক’ব পাৰি যে অসমৰ ক্ষেত্ৰত যদি বিশেষ কিবা কৰিব বিচৰা হয় তেন্তে নৱম-দশম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে হিন্দী,সংস্কৃতৰ উপৰিও জনজাতীয় ভাষা আৰু অন্ততঃ দুটা বিদেশী ভাষাৰ মাজৰ পৰা Choice কৰিবপৰা ব্যৱস্থা লাগে চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান সকলোতে।অৱশ্যে সেই অনুপাতে বহুত নতুন বিষয়ৰ শিক্ষকৰ ব্যৱস্থা লাগিব ফুল টাইম হওক অথবা পাৰ্ট টাইমাৰ হিচাপে।

প্ৰসংগত: উল্লেখ কৰা ভাল যে, অমুকৰ পুতেক-তমুকৰ জীয়েক ক’ত পঢ়িছিল,ভাষা আন্দোলনৰ শ্বহীদৰনো কি অৱদান জাতীয় বাহুল্য তেলীয়ামিৰে নিজৰ জ্ঞানহীনতা জাহিৰ কৰাৰ পৰিৱৰ্তে এনে কিছু বিজ্ঞানসন্মত চিন্তা কৰা ভাল।ব্যক্তিগত লাভালাভতকৈ ছাত্ৰ-ছাত্ৰীৰ কথা ভাল।এইটো কাটি সিটো লগাই দিলে কি ধনী-কি গৰীৱ সৱৰে শিক্ষা গৈ চিক্ষাহে হ’লে কোনে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব?

আমি ইংৰাজী ভাষা বিদ্বেষী নহয়।ব্যক্তিগত খণ্ড অথবা ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ যি সকলে পাৰদৰ্শিতা দেখাইছে সেইসকলৰো আমি বিৰোধ নকৰো। আমি প্রয়োজনীয় নৈতিক সংশোধন সমূহো বিৰোধ নকৰো।আধুনিক চিন্তা আৰু আধুনিক মানসিকতাৰে আমাৰ কোনো বিৰোধ ভাৱ নাই।আমি জানো প্রতিযোগিতামূলক ক্ষেত্রখনত টিকি থাকিবলৈ হ’লে ইংৰাজী ভাষা শিক্ষণ আৰু আয়ত্বকৰণ জৰুৰী।কিন্তু আমি সমান্তৰাল ভাৱে অসমৰ লৰা-ছোৱালীয় অসমীয়া ভাষাৰ কথন আৰু পঠনতো সমান্তৰাল দক্ষতা প্রদর্শন কৰাটো বিচাৰো।
আমাৰ আহ্বান বিশেষকৈ অসমৰ শিক্ষানুষ্ঠান সমূহ যাতে ইংৰাজী-অসমীয়া দুইটা ভাষা শিকাৰ এটা পৰিবেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ হয়।আধুনিক- উচ্চশিক্ষিত অভিভাৱক সকলেও যেন অনুভৱ কৰিবলৈ সক্ষম হয় যে সমান্তৰাল ভাৱে মাতৃভাষাৰ জ্ঞান আহৰণ প্রতিজন অসমীয়াৰ বাবে জৰুৰী।সাম্প্রতিক সময়ত অনাহক মাধ্যম বিতর্ক নহয় বৰঞ্চ অসমীয়া ভাষাটোৰ সুস্থ আৰু প্রক্ৰিয়াগত বিকাশৰ সমান্তৰালকৈ সৰ্বভাৰতীয় বিকাশ সাধন প্ৰয়োজনীয়।আপাত: দৃষ্টিত বহুভাষিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ যি বিজ্ঞানসন্মত প্ৰয়োগ তাৰ সঠিক ৰূপায়নৰ আধাৰতেই সামগ্ৰিকভাৱে ইতিবাচক হ’ব বুলি ধাৰণা।ইয়াৰ বিপৰীতে অতিবাস্তৱিক সম্পৰীক্ষণজনিত সংশোধিত প্ৰয়োগ অসমৰ ক্ষেত্ৰত পৃথকে কৰাটো সম্ভৱত: সুবিধাজনক নহ’ব।পুনৰ কৈছো সমাজ-ৰাজ্য-দেশ আৰু জনহিতৰ স্বাৰ্থত ক্ষুদ্ৰ স্বাৰ্থৰ উৰ্ধত কিছুমান উমৈহতীয়া ক্ষেত্ৰত সামুহিক ঐক্যমতৰ প্ৰয়োজন আছে।আমি আশাবাদী এজন দূৰদৰ্শী আৰু অভিজ্ঞ ৰাজনীতিবিদ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও সামগ্ৰিক পটভূমিত বিষয়টো সন্দৰ্ভত যথাৰ্থ মতক অগ্ৰাধিকাৰ দিব।

প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫