সতীৰ্থ আৰু সংবাদ মাধ্যমৰ আক্ৰোশৰ বলি জয়ন্ত মল্ল বৰুৱা

850
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


১৯৪৮ চনত আৰ এছ এছৰ কৰ্মী বলৰাজ মাধোকৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) ১৯৪৯ চনৰ ৯ জুলাইত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হয়।প্ৰতিষ্ঠা হোৱাৰ সময়ত ইয়াৰ উদ্দেশ্য আছিল বিশ্ববিদ্যালয়ৰ চৌহদত কমিউনিষ্টৰ প্ৰভাৱ প্ৰতিহত কৰা। বোম্বাইৰ এজন প্ৰবক্তা যশৱন্ত ৰাও কেলকাৰ ১৯৫৮ চনত ইয়াৰ মূল সংগঠক হৈ পৰে।এবিভিপিৰ ৱেবছাইটত  তেওঁক ‘এবিভিপিৰ জন্মদাতা বুলি উল্লেখ আছে। এবিভিপিৰ আদৰ্শ ব্যক্তি হৈছে স্বামী বিবেকানন্দ ।

জে পি __জয় প্ৰকাশ নাৰায়ন আন্দোলনৰ সময়ত ১৯৭০ চনৰ আন্দোলনমূলক ৰাজনীতিত এবিভিপিয়ে আগশাৰীৰ ভূমিকা পালন কৰিছিল। ইয়াৰ ফলত গুজৰাট আৰু বিহাৰৰ ছাত্ৰ কৰ্মীসকলৰ মাজত সহযোগিতা আৰম্ভ হয়। জৰুৰীকালীন অৱস্থাৰ পিছত এনে প্ৰচেষ্টাৰ পৰা এবিভিপিয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু সদস্য সংখ্যা বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছিল।

১৯৭৪ চনলৈকে ৭৯০টা চৌহদত এবিভিপিৰ ১ লাখ ৬০ হাজাৰ সদস্য আছিল আৰু ছাত্ৰ নিৰ্বাচনৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশিষ্ট বিশ্ববিদ্যালয়ৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিছিল। ১৯৮৩ চনলৈকে সংগঠনটোৰ ২ লাখ ৫০ হাজাৰ সদস্য আৰু ১১০০ শাখা আছিল।১৯৯০ চনৰ সময়ছোৱাত এবিভিপি জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছিল । যিটো সময়ত ৰাম মন্দিৰ আন্দোলন আৰম্ভ হৈছিল ।
সংঘৰ বিবিধ ক্ষেত্ৰ মানে কি সেয়া সাধাৰণ অসমীয়া মানুহৰ মাজত এতিয়াও জনপ্ৰিয় হৈ উঠা নাই । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ আৰ এছ এছ ৰ দ্বাৰা স্বীকৃত বহু সংগঠনে ভাৰতৰ লগতে বিদেশত কাম কৰি আছে । সামাজিক ক্ষেত্ৰত বিশ্ব হিন্দু পৰিষদ , ৰাজনীতিত বিজেপি , ছাত্ৰ সংগঠন এবিভিপি ।  যিবিলাক আৰ এছ এছৰ দ্বাৰা স্বীকৃত ।
এতিয়া আহিছো বৰ্তমান চলি থকা বিতৰ্কলৈ । জয়ন্ত মল্ল বৰুৱাই এবিভিপি সম্পৰ্কে কৰা মন্তব্যৰ পিছতেই মন্ত্ৰীজনে এবিভিপিক ক্ষমা খুজিলে । আমি টিভিত জয়ন্ত মল্লৰ এবিভিপি সম্পৰ্কে যি বক্তব্য দেখিলো তাক দেখি ক’ব পাৰি ..It was not in a good taste.    মিডিয়াই তেওঁৰ মন্তব্য বিকৃত কৰা বুলি যি অভিযোগ আনিছে সেই অভিযোগৰ সত্য অসত্য আজিৰ ইলেকট্ৰনিক যুগত বিচাৰ কৰা কঠিন । কিন্তু তাৎপৰ্য্যপুৰ্ণ ঘটনাটো ঘটিল যেতিয়া জয়ন্ত মল্ল বৰুৱাক ৰক্ষা কৰাৰ স্বাৰ্থত স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া দিলে । জয়ন্ত মল্ল বৰুৱাক কিছু সকাহ দিয়াৰ কাৰণে তেওঁ বিজেপি আৰু এবিভিপিক দুটা সম্পুৰ্ণ পৃথক সংগঠন বুলি দোহাৰে । এবিভিপি বিজেপিৰ ছাত্র সংগঠন নহ’লেও দুয়োতা একে মাতৃৰে সন্তান।  তেন্তে কি কাৰণত মুখ্যমন্ত্ৰীয়ে এই স্থিতি ল’লে ? এক বিশেষ সুত্ৰৰ খৱৰ মতে জয়ন্ত মল্ল বৰুৱা এজন সতীৰ্থ  মন্ত্রীৰ আক্ৰোশৰ চিকাৰ হৈছে । সেইজন মন্ত্রীয়ে মিডিয়াৰ যোগেদি ঘটনাটো হাইলাইট কৰিছে । তেওঁ জয়ন্ত মল্লক নিজৰ প্ৰতিদ্বন্দ্বী বুলি ভাবে সেয়ে বৰুৱাক অস্বস্তিত পেলোৱাটোৱে আছিল মন্ত্রীজনৰ মুল উদ্দেশ্য। জয়ন্ত মল্ল বৰুৱাৰ জনপ্ৰিয়তাত ক্ষুন্ন হৈ দলৰ ভিতৰে বাহিৰে বহু নেতাই বেহু ৰচনা কৰি থকা বুলিও সুত্ৰৰ পৰা জানিব পৰা গৈছে । যুব মন্ত্ৰী ৰাজনৈতিক আক্ৰোশৰ বলি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই যদু কুল ধ্বংসৰ উমান পাইছে । তাৰ পিছতে তাৎক্ষণিক ভাবে তেওঁ জয়ন্ত মল্ল বৰুৱাৰ কাষত থিয় হৈছে । পৰৱৰ্তী সময় এই অন্ত:কলহ নোহোৱা হব নে নহয় সেইয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ।