ভূগোল পণ্ডিতৰ আচামী, বেংগলী

1601

■দিগন্ত কুমাৰ ভট্টাচাৰ্য্য


‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


 সোমবাৰে ৰাতিপুৱা অ’ফিচত সুখৰ দেওবাৰৰ কথা মনত পেলাই হামিয়াই বহি আছো| এনেতে আহিল কুমাৰ|
‘আৰে বাবুমশাই, আই.পি.এল আপলোগো নে জীতা পৰ চেহৰে মে খুশী নেই’| সেই আইডিয়াৰ এডটোত ৰাছিয়ানজনে যে অভিষেক বচ্চনক সোধে, “টি-২০ চালু পৰ জন্নত মে টিভি ‘নাই'”, ঠিক একেই সুৰ!
‘হাম নে জীতা? ক’লকাতাই হে জিকিছে|’
‘আৰে দাদা, বাত তো এক হি হ্যে না| আপোনালোক ‘আচামী’, বেংগলী একেই না| ইণ্ডিয়াৰ মেপখন চাওঁকচোন| অসম আৰু ক’লকাতাৰ মাজৰ ‘ডিস্টেন্চ’ এক আঙুলিও নহ’ব| হে: হে:|’
মই ভাবিলো ভূগোল পণ্ডিতক কি নো বুজাম|
‘আৰে কুমাৰ, তই ঘৰ গৈছিলি নহয়? লুধিয়ানা?’, সুধিলোঁ মই|
‘হা, কালি আহিলো’|
‘লুধিয়ানাত কিজানি মস্ত বতৰ ন’ এতিয়া?’
‘ক্যা মস্ত? গৰমত পাগল হৈ কুকাৰৰ দৰে হুচেইল মাৰিব লাগে মাজে মাজে|
‘কিয়? কাশ্মীৰত চুয়েটাৰ পিন্ধে বোলে এতিয়াও মানুহে| তহঁতৰ লুধিয়ানা আৰু কাশ্মীৰ একেই নহয় জানো? মেপত চা না, এক আঙুলিৰ দূৰত্ব!”
ooooo
‘অসম-দিছপুৰ, মেঘালয়-ছিলং,…..অন্ধ্ৰপ্ৰদেশ-বাংগালোৰ..’, চেটেপ কৈ ভাগৱতী ছাৰৰ বেতৰ মৃদু কোব এটা আহি তপিনাত পৰেহি|
‘অলগৰ্দ্ধ, অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী বাংগালোৰ?’
‘নহয় ছাৰ, হায়দৰাবাদ’|
আমাক ভূগোলৰ শ্ৰেণীত প্ৰায়ে এনেকৈ ভাৰতৰ ৰাজ্য আৰু ৰাজধানীৰ মুখস্থ লৈছিল ছাৰে| তেখেতে আমাক সদায় খেল এটা খেলিবলৈ কৈছিল ঘৰত| সেয়া হ’ল ভূচিত্ৰাৱলীৰ পৰা এখন এখন মেপ বাছনি কৰি ‘ঠাই বিচৰা খেল’| এজনে এখন ঠাইৰ নাম ক’ব, আনজনে দুই মিনিটৰ ভিতৰত ঠাইখন মেপৰ ক’ত আছে বিচাৰি উলিয়াব লাগিব| বৰ মজাৰ খেল এইটো| বৰষুনৰ দিনত ঘৰৰ বাহিৰ ওলাব নোৱাৰিলে বা ৰাতি ভাত খাই উঠি দাদাহঁতৰ লগত প্ৰায়ে খেলিছিলোঁ এই খেল|
এটা কথা মন কৰিছো, অসমৰ প্ৰায় সকলো শিক্ষিত লোকৰেই দেশৰ ৰাজ্য-ৰাজধানীৰ সম্পৰ্কে ভাল জ্ঞান আছে, যিটো ভাৰতৰ আন ৰাজ্যৰ লোকসকলৰ (সকলো নহয় কিন্তু সৰহসংখ্যকৰ) নাই| চেন্নাই তামিলনাডু নে কেৰালাত আছে, ভাবি নখ কামুৰিবলগীয়া নহয় অসমৰ মানুহৰ| আন ৰাজ্যৰ লোকক সোধক, আগৰতলা ক’ত? দুটা উত্তৰ অহাটো খাটাং| প্ৰথম- ক’লকাতা, দ্বিতীয় – অসম|
কুমাৰৰ দৰে মানুহৰ কথা শুনিলে ভাগৱতী ছাৰলৈ মনত পৰে| তাৰ জ্ঞান দেখি ছাৰৰ হাতৰপৰা ওলোৱা বেতৰ কোবে মেপত ৰেলপথ বুজাবৰ বাবে দেখুওৱা ৰেখাডালৰ দৰে তাৰ পিছ অংশত যে দীঘল ৰেখা এডালৰ সৃষ্টি কৰিলেহেতেন, সেয়া নিশ্চিত| কুমাৰে এনেয়েও ককাঁলৰ পৰা পাঁচ ইঞ্চি তলত পেন্ট পিন্ধে|