২০২৪ৰ পিছত বিজেপিৰ একনায়কত্ববাদ?

372
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


This will be the last opportunity for the people to save democracy in India. If Narendra Modi wins another election there will be dictatorship in India. এয়া হ’ল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কিছুদিন আগত কৰা মন্তব্য। এই কথাৰ পৰা এটা কথা স্পষ্ট যে তেওঁ মানি লৈছে যে বিজেপিয়ে ২০২৪ত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাবনা প্ৰবল। এয়া যেন ৰাইজৰ প্ৰতি এক কৰুণ আহ্বান_ তেওঁলোক জিকিলে কিন্তু ডেমোক্ৰেছী খটম। অনুৰূপ মন্তব্য শশী ঠৰুৰে কৰিছিল ২০১৯ত। এনেকুৱা মন্তব্য আকৌ কোনোবাই কৰিব ২০২৯ত। কিন্তু ভাৰতৰ গণতন্ত্ৰ খুব মজবুত আৰু ইয়াক খহাই পেলোৱা কাৰোপক্ষে ইমান সহজ নহয়। কংগ্ৰেছ দেশৰ প্ৰধান বিৰোধী দল। তিনিখন ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে। এতিয়াও দেশৰ প্ৰায় প্ৰতিটো পঞ্চায়তত তেওঁলোকৰ সদস্য আছে। নৰেন্দ্ৰ মোদী চৰকাৰে যদি যোৱা ১০ বছৰত বহুত ভাল কাম কৰিছে আন বহু ক্ষেত্রত কিন্তু বিফলো হৈছে। দুৰ্নীতি ৰোধ বা ৰাষ্ট্ৰীয়তবাদ বা হিন্দুত্ববাদৰ ক্ষেত্রত এওঁলোকৰ ইমেজ ভাল। আনফালে মুল্যবৃদ্ধি, নিবনুৱা সমস্যা আদি সমাধানত চৰকাৰ সফল হোৱা নাই। কংগ্ৰেছে এজন যোগ্য ব্যক্তিক প্ৰধানমন্ত্রী পদৰ প্ৰাৰ্থী ঘোষণা কৰি ৰাইজে বিচৰা ইছু বিলাক লৈ নিৰ্বাচনত জপিয়াই পৰিব লাগিছিল। তাকে নকৰি তেওঁলোকে দোষ জাপি দিছে মিডিয়া,নিৰ্বাচন আয়োগ আৰু জনতাক। নিজৰ আত্মমন্থন নকৰিলে কংগ্ৰেছৰ অবস্থা ইয়াতকৈও শোচনীয় হোৱাৰ সম্ভাবনা আছে।