Cannas ত মন্ত্রীনী বাইদেউৰ হাল্লাবোল

449

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


(১)

এইছ.দি দেৱেগৌড়া, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্রী এজনৰ নাম। এইছ.দি দেৱগৌড়াৰ সম্পূৰ্ণ নাম হ’ল হাৰাদানাহাল্লি ডৌদে গৌড়া, দেৱ গৌড়া। হাৰহানাহাল্লি তেওঁৰ গাওঁখনৰ নাম আৰু ডৌদে গৌড়া তেওঁৰ পিতৃৰ নাম। প্ৰায়কেইখন দক্ষিণ ভ‍াৰতৰ ৰাজ্যতে মানুহৰ নামবিলাক এনেকৈয়ে ৰাখে। উদাহৰণ স্বৰূপে এইছ.দি কুমাৰস্বামী, বি.এছ য়েদুৰাপ্পা আদি। অসমতো কিছুমান মানুহে ইয়াক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। ক্ৰিকেটাৰ পৰাগ দাসৰ পুত্র ৰিয়ানৰ নাম ৰিয়ান দাসৰ সলনি ৰখা হৈছে ৰিয়ান পৰাগ। আই.পি.এলত সকলোৱে তেওঁক পৰাগ বুলিয়ে সম্বোধন কৰে। বহুতৰে মতে ইয়াৰ ফলত মাক-দেউতাকৰ প্ৰতি সন্তানৰ শ্ৰদ্ধা বৃদ্ধি পায়। অসমৰ ৰাজনেতাসকলেও যদি একেই ধৰণে নাম ৰাখিলেহেতেন তেন্তে নাম বিলাক কেনে হ’লহেতেন? মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পিতৃৰ নাম স্বৰ্গীয় কৈলাশ নাথ শৰ্মা আৰু তেওঁলোকৰ পুৰ্বপুৰুষ নলবাৰীৰ ঘগ্ৰাপাৰৰ বাসিন্দা। গতিকে তেখেতৰ নাম হ’ল হেতেন G.K Himanta

ঠিক তেনেদৰে অসমৰ আন কিছুমান ৰাজনেতাৰ নামবিলাক কেনেকুৱা হ’লহেতেন?

সৰ্বানন্দ সোণোৱালঃ M.J Sarbananda

দেবব্ৰত শইকীয়াঃ S.H Debabrata

গৌৰৱ গগৈঃ J.T Gourav

জয়ন্ত মল্ল বৰুৱাঃ C.K Jayanta

চন্দ্ৰমোহন পাটোৱাৰীঃ B.I Chandramohan

দিলীপ শইকীয়াঃ P.P Dilip

ভূপেন বৰাঃ A.B Bhupen

(২)

এইকেইদিন চচিয়েল মিডিয়াত আইমী বাইদেউকলৈ খুব চৰ্চা হৈছে। Cannas ফিল্ম ফেছটিভেলত আইমীক দেখি বহু চকুচৰহাই জ্বলি পুৰি মৰিছে। যিয়ে যি পায় তাকে বলকি আছে। কোনোৱে কৈছে মন্ত্রীপত্নী হোৱা বাবে হেনো তেওঁ সুযোগ পাইছে, আনে কিছুমানে কৈছে চকিদাৰক ৫০ টকা দি হেনো তেওঁ ৰেদ কাৰ্পেটত ফটো উঠিছে আদি নানান্তা কথা। কিন্তু বাইদেউৱে এইবিলাকক কেৰেপ নকৰে। মন্ত্রীৰ পত্নী হোৱাটো কিবা অপৰাধ নেকি? নামটো পাহৰিলো কিন্ত ব‍াইদেউৰ  চিনেমাখন অসমৰ প্ৰত্যেকজন মানুহে চাইছে। প্ৰিয়াংকা,ঐশ্বৰ্য্যাতকৈ আমাৰ বাইদেউ কোনো গুণে কম নহয়। বিশ্বাস হোৱানাই যদি ‘চল গোড়ী’ৰ পুৰণি ভিডিঅ’টো এবাৰ চালেই হ’ল। ফিল্মফেয়াৰত বাইদেউৰ নাচ দেখি হেনো বলিউদৰ পৰা ফোন আহিয়েই আছে। বাইদেউলৈ অনুৰোধ আপুনি আগুৱাই যাওক আমি আপোনাৰ লগত আছো। জয় শ্বাহ যদি ক্ৰিকেট বোৰ্ডৰ উপসভাপতি হ’ব পাৰে, জেঠিমা যদি সাহিত্য সভাৰ উপ সভানেত্রী হ’ব পাৰে, আপোনাক লৈ ইমান হৈ চৈ কিয়? এনেও আপোনাৰ পতি বহুত ওপৰৰ মাল হয়।

(৩)

এটা খৱৰ বাতৰি কাকতত পঢ়িলো। আছুৱে হেনো মুখ্যমন্ত্রীক ৰাইজে বানপানীৰ বাবে দিয়া সাহায্যৰ টকাৰ হিচাপ বিচাৰিছে। এইটো এই শতিকাৰ সকলোতকৈ ডাঙৰ কৌতুক নহয়নে? আপোনাৰো চাগে ৰাজকুমাৰৰ সেই বিখ্যাত ডাইলগটোলৈ মনত পৰিছে” যিছকা ঘৰ চিছে কা হো, ৱো দুছৰো পে পাটথৰ নেহি ফেকা কৰতে”।

(৪)

কংগ্ৰেছীসকলৰ  এতিয়া একমাত্র ফেভিকল হ’ল ৰাজ্যসভাৰ টিকট । ৰাজ্য সভাৰ আসনৰ বাবেই সুস্মিতা গ’ল, ৰিপুণ গ’ল আনকি কপিলো গ’ল। নাগমাকো হেনো চিট এটা লাগে, পবন খেৰাও নাৰাজ। এই সময়ত আমাৰ মনত পৰিছে সৰুতে আমি যোৱা নামঘৰৰ বিলনীটোলৈ। কল আছে ৫ টা, কল বিচৰা লৰা ৩০টা। মাডাম গান্ধীৰ কম হাৰাশাস্তি হৈছেনে? লৰাটোৱে সহায় কৰাৰ সলনি নেপালী ভাষা প্ৰেকটিছ কৰি থাকে। ৰাজস্থানৰ তিনিখনৰ আসনত হেনো গোটেইকেইজন চালানী। আমাৰ মানুহবিলাকে সঞ্জয় সিংক লৈ এনেয়ে হাল্লা কৰি আছিল?