মনোমোহা স্কটলেণ্ড( অন্তিম খণ্ড)

606
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


আমাৰ অন্তিম দিনৰ যাত্রা আছিল ‘আইল এফ স্কাই’লৈ। এই ঠাইত বহুকেইটা আকৰ্ষনীয় পৰ্য্যটনৰ ঠাই আছে। ইয়ালৈ কিন্তু বাছ বা ট্ৰেইন চলাচল নকৰে। লণ্ডনৰ পৰা অহা টুৰ পেকেজ বিলাকতো ইয়াক অন্তৰ্ভুক্ত কৰা নহয় কাৰণ ইয়াৰ দুৰত্ব বহু বেছি। ইনভাৰনেছৰ হোটেলৰ পৰা ৰাতিপুৱা ৮ বজাত যাত্রা আৰম্ভ কৰিলো। গুগল মেপত সময় দেখালে ৩ ঘন্টা। গাড়ী চলোৱাৰ পাল পৰিল মোৰ। মেপত চাই যাত্রা আৰম্ভ কৰি দিলো। জংঘলৰ মাজেৰে সৰু সৰু পথ বিলাকৰ মাজেৰে গতি কৰিলো। ৰাস্তাত বহুতো সৰু সৰু গাওঁ দেখা পালো। মাজতে এখন সৰু ৰেষ্টোৰাত ৰৈ ব্ৰেকফাষ্ট কৰিলো। মেনুত আছিল কফি আৰু চেণ্ডউইছ। কিছু দুৰ যোৱাৰ পিছত স্কটলেণ্ডৰ সকলোতকৈ মনোৰম দৃশ্যবিলাক প্ৰত্যক্ষ কৰিলো। বিভিন্ন ঠাইত পৰ্য্যটক বিলাকে ৰখি ফটো উঠিছে। আমি তিনি ঠাই মানত ৰখি সুন্দৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰিলো লগতে বহু ফটো উঠিলো। সুন্দৰ পাহাৰ, হ্ৰদ আদিৰে আবৰা অঞ্চলৰ মাজে মাজে থকা ৰাস্তাৰে আহি আমি উপস্থিত হলো Kilt Rock ত। বিৰাট ডাঙৰ শিলৰ ওপৰেৰে জলপ্ৰপাত বৈ আছে। পানী গৈ তলৰ সাগৰত পৰিছে। চালে চাই থাকিবৰ মন যায়। কিছু সময় তাত থাকি আমি গ’লো Old man of storr. Kilt Rock ৰ পৰা ইয়াৰ দুৰত্ব ১০ মিনিট। সময় তেতিয়া দুপৰীয়া দুটা বাজিছে। লণ্ডনত থকা আমাৰ কিছুমান বন্ধুৱে কৈছিল যে স্কটলেণ্ডৰ সকলোতকৈ ধুনীয়া ঠাইদোখৰে হ’ল Old man of storr. আমি গাড়ী পাৰ্কিংত লগালো। আমাৰ ব‍াওঁফালে সাগৰ আৰু সো ফালে পাহাৰ। Old man of storr ৰ বাবে পাহাৰৰ ওপৰলৈ উঠিব লাগিব প্ৰায় ৫ কিলোমিটাৰ। অগনন পৰ্য্যটক ওপৰলৈ গৈ আছে আৰু আহি ‍আছে। সুমনে কলে যে সি পাহাৰ বগাব নোৱাৰে গাড়ীতে বহি থাকিব। আমি চাৰিজন পাহাৰৰ ওপৰত উঠিলো। সৰু ৰাস্তা এটাৰে গৈ থাকিলো। মাজে মাজে পানী খাই জিৰণি ল’লো। তিনি কিলোমিটাৰ মান যোৱাৰ পিছত হাৰ মানিলো। মই, গৌৰৱ আৰু কৃঞ্চা তাৰ পৰাই ফিৰি আহিলো। ৰূপেশ গৈ থাকিল। আমি গাড়ীত ৩০ মিনিটমান জিৰণি লোৱাৰ পিছত ৰূপেশ আহি পালে। সি বৰ্ণনা কৰিলে পাহাৰৰ শীৰ্ষৰ সৌন্দৰ্যৰ কথা। তাৰ পৰা আমি যাত্রা কৰিলো Portree । সময় লাগিল ১০ মিনিট। ই এটা বন্দৰ। সুন্দৰ জাহাজ বিলাকৰ দাতিতে লাগি আছে বিভিন্ন ধৰণে ৰং কৰা ১০টা মান ঘৰ। বহু চিনেমাৰ চুটিং ইয়াত হৈছে। তাৰ কাষৰে হোটেল এখনত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলো। Fish and Chips স্কটলেণ্ডৰ সকলোতকৈ জনপ্ৰিয় খাদ্য। প্ৰায় ৫ বজাত আমি আৰম্ভ কৰিলো আমাৰ ওভতনি যাত্রা। এইবাৰক ৰূপেশক গাড়ী চলাবলৈ দি মই জিৰণি ললো। প্ৰথম নিশা এডিনবেৰা, দ্বিতীয় নিশা ইনভাৰনেছ ‍আৰু শেষ নিশা আমি কটাম গ্লাছগোত। যাত্রাপথত সামান্য এটা অঘটন হ’ল। কৃঞ্চাই বমি কৰিলে। ৰাস্তাত দুবাৰ গাড়ী ৰখাব লগা হ’ল। মালায়ালী কৃঞ্চাৰ Fish and chips হজম নহ’ল। ভাত-আঞ্জা খাই থকা মানুহৰ ভজা পোৰা কেতিয়াব‍া হজম নহয়। পানী খাই কিছু জিৰণি লৈ তেওঁ সুস্থ হ’ল। ৰাতি ৯ বজাত আমি গ্লাছগো পালো। মুখ্য বজাৰতে হোটেলখন। দুপৰীয়াৰ আহাৰ দেৰিকৈ খোৱা বাবে আমাৰ কাৰোৱে ভোক লগা নাছিল, খুব ভাগৰুৱাও আছিলো। আমাৰ স্কটলেণ্ডৰ যাত্রা ইমানতে শেষ হ’ল। অহাকালি আমি যাত্রা কৰিম লণ্ডনলৈ।