কপিল ছিবালে কংগ্ৰেছ এৰিলে কিয়?

643
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালে ৩০ বছৰ কংগ্ৰেছ দলৰ বিভিন্ন পদত থাকি এতিয়া কংগ্ৰেছ ত্যাগ কৰিছে। ১৬ মে’ত পদত্যাগ কৰাৰ লগতে এছ পিৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে ছিবালে। একে সময়তে দলৰ পৰা বিদায় লোৱাৰ পাছত কংগ্ৰেছ দল সন্দৰ্ভত ছিবালৰ প্ৰথমটো বক্তব্য চৰ্চালৈ আহিছে। বিবৃতিটোত ছিবালে কয় যে আগুৱাই যোৱাটো সদায় কঠিন, কিন্তু সকলোৱে নিজৰ চিন্ত‍ নিজে কৰিব লাগিব।

কপিল ছিবালে ব্যক্তিগত চেনেল এটাৰ সৈতে হোৱা এক বাৰ্তালাপত এই পদত্যাগ সন্দৰ্ভত কয় যে মই অনুভৱ কৰিছো যে মই আগবাঢ়ি গৈ সংসদত স্বতন্ত্ৰ কণ্ঠস্বৰ হোৱাৰ সময় আহি পৰিছে। মই আপাততঃ কোনো পাৰ্টিৰ লগত থাকিব বিচৰা নাছিলো।”

তেওঁ কয় যে যেতিয়া আপুনি এটা দলৰ লগত বহুদিন জড়িত হৈ থাকে তেতিয়া সেই দলটো এৰি যোৱাটো সদায় কঠিন হৈ পৰে। কিন্তু, প্ৰতিজন ব্যক্তিয়ে নিজে চিন্তা কৰিব লাগিব।” ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সকলো ৰাজনৈতিক দলক একেটা মঞ্চত আনিবলৈ কাম কৰিব লাগিব বুলি তেওঁ কয়। কিন্তু কংগ্ৰেছ অবিহনে বিৰোধী মিত্ৰতা সম্ভৱনে?
ধাৰা ৩৭০ , কেব আইন আদিৰ সময়ত ৰাষ্ট্ৰ বিৰোধী স্থিতি গ্ৰহণ কৰি সংসদ উত্তাল কৰা কপিল ছিবালৰ বহু মন্তব্য পাকিস্তানত খুব জনপ্ৰিয় হৈছিল । পাকিস্তানৰ টিভি চেনেলৰ ব্লু আইদ বয় তালিকাৰ অন্যতম কপিল ছিবালৰ কংগ্ৰেছ ত্যাগে কংগ্ৰেছ দলক কিদৰে প্ৰভাবিত কৰিব সেইয়া সময়ে ক’ব ।

কংগ্ৰেছৰ নেতৃত্বৰ পৰিবৰ্তন বিচাৰি তেখেত আন ২২ জন কংগ্ৰেছী লোকৰে সৈতে চোনীয়া গান্ধীলৈ চিঠি দিছিল। সেই গোটেই গ্ৰুপটোকে ব্যঙ্গাত্মক ভাবে G23 বুলি কোৱা হৈছিল। চিঠিখন চোনীয়া গান্ধীয়ে সহজে লোৱা নাছিল । বচা বচা তোষামোদকাৰীৰ পৰিবেষ্টনীত চোনীয়া গান্ধীৰ অহংকাৰৰ সীমা নাই। ৰাজনৈতিক মানুহবোৰে লাগে যি দলৰে নহওঁক নিজতকৈ বুদ্ধিমান বুলি ভবাজনক বশ কৰি ৰাখিব পৰা টান কাম বুলি ভাবে সেয়ে তেনেলোক সকলক নিৰাপদ দুৰত্বত ৰাখে । অৰবিন্দ কেজৰিৱালে কিৰণ বেদী, প্ৰশান্ত ভূষণ, যোগেন্দ্ৰ যাদৱ বা কুমাৰ বিশ্বাসক দুৰত ৰখাৰ কাৰণো একেতাই । বিজেপি নেতৃত্বই সুব্ৰমনিয়ম স্বামীক দুৰত ৰখাৰ দৰে প্ৰফুল্ল মহন্তই ভৃগু ফুকনক দুৰত ৰাখিছিল একেটা কাৰণতেই । চোনীয়া গান্ধীয়ে জানে তেওঁৰ পুত্ৰৰ বাবে শশী থাৰুৰ, কপিল চিব্বাল, আনন্দ শৰ্মা, গোলাম নবী আজাদ আদিয় ব্যক্তি বিপদ । গেহলট, গৌৰৱ গগৈৰ দৰে ব্যক্তি চোনীয়া গান্ধীয়ে বিচৰা কটেগৰীৰ পাৰফেক্ট লোক আৰু এনে ৰাজনেতাৰ দ্বাৰা ৰাহুল গান্ধী ঘেৰি থকাটো চোনীয়া গান্ধীয়ে বিচাৰে ।