অজিত ভূঞাক লাগে তিনিটা টিকট

1819
  • সুমন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০১৩ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচন। ১৫ বছৰ শাসনত থকা কংগ্ৰেছ দলক ওফৰাই ৰাজপাট দখল কৰিব বুলি নিশ্চিত বিজেপি দল। মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী নিকা ভাবমুৰ্তিৰ ডা: হৰ্ষবদ্ধন। আন্না আন্দোলনৰ পৰা জন্ম হোৱা আপ দলেও নিৰ্বাচন খেলিবলৈ সাজু হ’ল। কংগ্ৰেছ -বিজেপি দুয়োটা দলেই ঠাট্টা মস্কৰা কৰিলে আপক। টিভি চেনেলবোৰে কলে ভোট কটা দল। কিন্তু সকলোকে আচৰিত কৰি আপে ৭০ খনৰ ভিতৰত ২৮ খন আসন দখল কৰিলে আৰু কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰিলে। তাৰ পিছৰ খিনি ইতিহাস। ২০১৫ চনত অভিলেখ সংখ্যক ভোটেৰে ৭০ৰ ভিতৰত ৬৭ খন  আসন দখল কৰে। ২০২০চনতো পুনৰ নিৰ্বাচিত হয় আপ।
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে অসমত জন্ম লাভ কৰিছে বহু ৰাজনৈতিক দলৰ। কোনো দলকে উপলুঙা কৰা উচিত নহয়। কিন্তু প্ৰশ্ন হ’ল এই দলকেইটাক ৰাইজে বিশ্বাসত ল’বনে? কোনকেইটা দলৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা আছে? কোন হ’ব মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী? অসমৰ ৰাইজে আগতে বহু ঠগ খাইছে। আছুৰ পৰা জন্ম হোৱা অগপই দুবাৰ ঠগিলে। সেয়েহে আঞ্চলিক দলৰ প্ৰতি একপ্ৰকাৰ বীতশ্ৰদ্ধ হৈ ৰাইজে অসমত সৰ্বভাৰতীয় কংগ্ৰেছ আৰু বিজেপিক প্ৰধান দলৰ মৰ্য্যাদা দিলে। ৰাইজৰ সন্দেহ দুৰ কৰি কেনেকৈ এওঁলোকে আস্তা অৰ্জন কৰিব সেয়া হ’ব লক্ষণীয়। এই কাম হ’ব অত্যন্ত কঠিন। মুছলমান সকল কংগ্ৰেছ-আজমলৰ লগত আছে। হিন্দু বঙালী -চাহ জনজাতি বিজেপিৰ লগত। বড়ো সকলৰ নিজৰ দল আছে। বৰাকৰ ১৬ টা সমষ্টি , কাৰ্বি পাহাৰৰ ৪ টা, মুছলমান আৰু বঙালী অধ্যুসিত ৩৫টা, বড়োৰ ১২ টা, চাহ জনজাতিৰ ১৫ টা সমষ্টি বাদ দিলে থাকে প্ৰায় ৪৬টা সমষ্টি। মুখ্যত এই সকলো নতুন দলৰেই টাৰ্গেট হ’ব এইকেইটা সমষ্টি। কিন্তু তেওঁলোকে প্ৰতিদ্বন্দ্বিতাত নামিব লাগিব কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী প্ৰাৰ্থীৰ লগত। এই কথা নতুন দলবোৰে নজনা নহয় । কিন্তু মন্ত্রী বিধায়ক হোৱাৰ হেপাহ পুহি ৰখা অনেকৰে সন্মুখত অন্য বিকল্প নাই। কংগ্ৰেছ -বিজেপি ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰয়াসীৰে গিজগিজাই আছে। অগপই নিৰ্বাচন খেলিবলৈ পাব মাত্র ২০খন মান অাসন। তেনেক্ষেত্রত নতুন দল অবিহনে নিৰ্বাচনত টিকট পোৱা বহুতৰে বাবে অসম্ভব। সকলোৰে আছে নিজা নিজা অংক। লুৰিণে বিজেপি-কংগ্ৰেছৰ পৰা সমদুৰত্ব ৰাখি যদি ২০-৩০ খন আসন পায় তেন্তে ওলোমা বিধানসভাত তেওঁ হৈ পৰিব কিং মেকাৰ। অজিত ভূঞাৰ আকৌ সুকীয়া চিন্তা। তেওঁ  জানে যে কংগ্ৰেছ অবিহনে অকলে তেওঁ নিজৰ অনুগত সকলক বিধানসভালৈ জিকাই আনিব নোৱাৰে। সেয়েহে কংগ্ৰেছ আৰু জাতীয় পৰিষদ দুয়োৰে সমৰ্থনত তেওঁ অন্ততঃ নিজৰ তিনিজন নেতাক বিধায়ক বনোৱাৰ চেষ্টা কৰিব। মীৰা বৰঠাকুৰ, মনজিত মহন্ত আৰু লাচিত বৰদলৈক বিধায়ক বনোৱাৰ পৰিকল্পনা কৰিছে ভূঞাই। সেই সুত্রে কংগ্ৰেছৰ লগত মিত্রতা কৰি তিনিখন আসন বিচাৰিব তেওঁ। লগতে জাতীয় পৰিষদৰো সমৰ্থন পালে জয়ৰ সম্ভাবনা উজ্জ্বল বুলি তেওঁ ধাৰণা কৰে। কেইমাহমান আগলৈকে বিজেপি বিৰোধী মঞ্চ গঠন কৰি অসমৰ মুখ্যমন্ত্রী হোৱাৰ সপোন দেখা অজিত ভূঞাই এতিয়া অন্ততঃতিনিজন বিধায়কৰ নেতৃত্ব লোৱাৰ আশা কৰিছে।