এজন বিহাৰীৰ দৃষ্টিত বিহাৰৰ ৰাজনীতি

1524
  • ৰুপেছ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


“মিট্টি কা গৌৰৱ”;  আমাৰ দশম মান শ্ৰেণীৰ হিন্দী বিষয়ৰ পাঠ্যক্ৰমৰ এটা অধ্যায় অাছিল। ইয়াত গুণ গান কৰা হৈছিল সেই সময়ৰ মুখ্যমন্ত্রী লালু প্ৰসাদ যাদবক। মই লালু প্ৰসাদক ইমানেই বেয়া পাইছিলো যে সেই পাঠটো পঢ়া নাছিলো। আনকি পৰীক্ষাৰ সময়ত সেই পাঠটোৰ পৰা অহা দহ নম্বৰ হেৰুৱাব লগা হোৱাত মোৰ মনত অকনো বেজাৰ লগা নাছিল। মোৰ লগতে আন বহুতো সহপাঠীয়ে সেই অধ্যায়টো পঢ়া নাছিল। ১৯৯৮ চনৰ সেই সময়ছোৱাত বিহাৰত অপহৰণ , লুট পাট, দুৰ্নীতি আদি খুব সাধাৰণ কথা আছিল। কিন্তু জাত পাতৰ ৰাজনীতি কৰি লালু প্ৰসাদ বাৰে বাৰে মুখ্যমন্ত্রী পদত অধিষ্ঠিত হৈছিল। মুলতঃ যাদৱ, মুছলমান আৰু কিছু পিছপৰা জাতিৰ সমৰ্থন লাভ কৰি তেওঁ ক্ষমতালৈ আহিছিল। ২০০৫ চনলৈ বিহাৰত লালু-ৰাবৰীৰ শাসন চলে। মোৰ ঘৰ বিহাৰৰ ভাগলপুৰ জিলাত। অভিযান্ত্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰীৰ সুত্রে কিছু বছৰ মুম্বাই আৰু বাংগালোৰত থাকি এতিয়া লণ্ডনত আছো। মুম্বাইত মই চৰকাৰী চাকৰি কৰিছিলো যদিও বহুজাতিক প্ৰতিস্থানত চাকৰি পাই চৰকাৰী চাকৰিৰ পৰা ইস্তফা দিও। বৰ্তমান মই  নিজৰ ৰাজ্য বিহাৰৰ পৰা বহুত দুৰত যদিও আজিৰ টেকনোলোজীৰ যুগত তাৰ প্ৰতিটো খৱৰ পাই থাকো। ২০০৫ চনত নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্রী হোৱাৰ লগে লগে আমাৰ দৰে বহু শিক্ষিত যুবক আনন্দত আত্মহাৰা হৈ পৰিল। নীতিশ কুমাৰেও আমাক নিৰাশ নকৰিলে। আজি পোন্ধৰ বছৰ তেখেত বিহাৰৰ মুখ্যমন্ত্রী হৈ আছে। যিসকলে লালুৰ বিহাৰ আৰু নীতিশৰ বিহাৰ দুয়োটা দেখিছে তেওঁলোকে হে বুজিব নীতিশক কিয় সুশাসন বাবু বুলি কয়। লালুৰ দিনত বিধ্বস্ত হৈ পৰা আইন শৃংখলা পৰিস্থিতি খুব কম সময়ৰ ভিতৰতে তেখেতে নিয়ন্ত্রণলৈ আনে। বিহাৰত দুৰ্নীতি আগতকৈ বহু কমিছে। ২০১৫ চনৰ বিশেষ পৰিস্হিতিত পৰি তেখেতে লালুৰ দলৰ লগত সন্ধি কৰিবলগীয়া হৈছিল। ৰাইজে এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ মাথো কৈছিল “মুখ্যমন্ত্রী হ’ম হি না ৰহেংগে”। জনতা দল আৰু আৰ.জে.দিৰ মিত্রজোঁটৰ চৰকাৰ গঠন হোৱাৰ লগে লগে তাত পুৰণি দুষ্ট চক্ৰটো সক্ৰিয় হৈ পৰে। আইন শৃংখলাৰ অবনতিৰ লগতে আৰম্ভ হয় দুৰ্নীতি। সেয়েহে লালুৰ দলক এৰি বিজেপিৰ লগত চৰকাৰ গঠন কৰাৰ বাহিৰে নীতিশ কুমাৰৰ হাতত একো বিকল্প নাথাকিল।
২০২০ ত কোন জিকিব
বিহাৰৰ নিৰ্বাচনী তাৰিখ ইতিমধ্যে ঘোষণা কৰা হৈছে। অক্টোবৰৰ শেষৰ পিনে নিৰ্বাচন আৰম্ভ হ’ব আৰু দহ নবেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। বিহাৰত বৰ্তমান তিনিটা ডাঙৰ দল আছে ; বিজেপি, আৰ.জে.দি আৰু জে.দি.ইউ। ইয়াৰ দুটাদল একেলগ হলেই নিৰ্বাচনত জয়ী হোৱা আমি প্ৰত্যক্ষ কৰিছিলো। এইবাৰ নিতীশ কুমাৰৰ লগত আছে বি.জে.পি , জিতন ৰাম মাঝীৰ হাম আৰু ৰামবিলাসৰ লোক জনশক্তি। আৰ.জে.দিৰ লগত আছে কংগ্ৰেছ। উপেন্দ্ৰ কুছৱাহা কাৰ লগত থাকিব নিশ্চিত হোৱা নাই। ইয়াৰ উপৰিও আছে জন অধিকাৰ পাৰ্টীৰ পাপ্পু যাদব, মুকেশ চাহানীৰ বিকাশশীল ইন্সান পাৰ্টী আৰু আচাদুদ্দিন ওৱেছিৰ এ.আই.এম.আই.এম। এন.দি.এৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী নীতিশ কুমাৰ; সেয়া স্পষ্ট কিন্তু আৰ.জে.দিৰ পৰা কোন হ’ব সেয়া স্পষ্ট নহয়। আৰ.জে.দিৰ পোষ্টাৰত তেজস্বী যাদব আছে কিন্ত্ত লালু যাদবৰ ফটো নাই। আৰ.জে.দিয়েও হয়তো বুজি উঠিছে যে লালু তেওঁলোকৰ বাবে এতিয়া বোজা।
বিহাৰত নীতিশ কুমাৰে বিকাশৰ ওপৰতে নিৰ্বাচন খেলিব বিচাৰিব যদিও ইয়াত জাত পাতৰ সমীকৰণকো উলাই কৰিব নোৱাৰি। বিহাৰৰ জাতি হিচাপত মানুহৰ সংখ্যা প্ৰায় এনে ধৰণৰঃ
মুছলমানঃ১৮%
উচ্চ বৰ্ণঃ১৭.৫%
ও.বি.ছিঃ ৪৯%
এছ.ছি- এছ.টিঃ১৫.৫%
ইয়াৰে আৰ.জে.দিৰ সপক্ষত আছে মুছলমানৰ ১৮% আৰু যাদবৰ ১২% ভোট। বিজেপি- নীতিশৰ লগত আছে উচ্চ বৰ্ণৰ ১৭.৫% ভোটৰ লগে যাদবক বাদ দি অান ২০% ও.বি.ছি ভোট। ৰামবিলাস পাছোৱানৰ লগত মিত্রতাৰ বাবে দলিতৰ বুজনসংখ্যক ভোটো পাব এন.দি.এ। বিকাশ আৰু জাতীয় সমীকৰণ দুয়োটাতে আগত আছে নীতিশ কুমাৰ। ২০২০ত বৃহৎ ব্যবধানত জয়ী হবলৈ গৈ আছে এই বৰ্ষীয়ান নেতাজনে। সেইবাবে হয়তো বিহাৰ নিৰ্বাচনক বাদ দি বলিউদৰ চিন্তাত মগ্ন হৈ আছে টি.ভি চেনেলবিলাক।