অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে চীনে লোৱা নীতি ভাৰতে কেতিয়া ল’ব ?

1194

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাই ভাৰতৰ বাবে আজি বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । কাৰণ এই সমস্যাতোৰ লগত দেশৰ সুৰক্ষাৰ কথাটো জড়িত হৈ আছে। বহুতো খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ উপক্ৰম হৈছে । কোৱা হয় যে ভাৰতত অনুমানিক ১.৬ কোটি বাংলাদেশী মুছলমান আছে। কেইবা হাজাৰো ৰোহিংগিয়া আছে , যিসকলে ভাৰতত প্ৰায় নিগাজিকৈ বসতি স্থাপন কৰিছে। কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু বহুতো ৰাজনৈতিক দলে ৰোহিংগিয়া বিতাড়নৰ বিৰোধিতা কৰি আ হিছে।গতিকে এই বিষয়ে অলপ আইনী দিশটো বিশ্লেষণ কৰাৰ প্ৰয়োজন হৈ পৰিছে। “ফৰেইনাৰ এক্ট ১৯৪৬ ” হৈছে অবৈধ বিদেশীৰ ক্ষেত্রত ভাৰতৰ অন্তৱৰ্তীকালীন চৰকাৰক নিৰ্দিষ্ট ক্ষমতা প্ৰদান কৰা এখন আইন। এই আইনখন ভাৰত স্বাধীন হোৱাৰ আগত প্ৰণয়ন কৰা হৈছিল।এই আইনৰ অধীনত এজন বিদেশীক “ভাৰতৰ নাগৰিক নোহোৱা ব্যক্তি” হিচাপে সংজ্ঞা নিৰূপণ কৰিছে।আইনখনৰ ধাৰা ৯-ত কোৱা হৈছে যে, যেতিয়া পূৰ্বৱৰ্তী ধাৰা ৮ অনুসৰি এজন ব্যক্তিৰ ৰাষ্ট্ৰীয়তা স্পষ্ট নহয়, এজন ব্যক্তি বিদেশী নে নহয় প্ৰমাণ কৰাৰ দায়িত্ব সেই ব্যক্তিৰ ওপৰত ন্যস্ত থাকিব। কোনো ব্যক্তিয়ে বৈধ নথিপত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিছে বা অনুমোদিত ম্যাদ উকলি যোৱাৰ পিছতো ভাৰতত আছে, সেই ব্যক্তি জনক কোনো মালিকানাধীন চৌহদত আশ্ৰয় দিব নোৱাৰিব আৰু সেই সন্দেহ জনক ব্যক্তি জনৰ বিষয়ে নিকটতম আৰক্ষী থানাত ২৪ ঘন্টাৰ ভিতৰত অৱগত কৰাব লাগিব।

“ফৰেইনাৰ এক্ট ১৯৪৬ ” এ ভাৰত চৰকাৰক এজন অবৈধ অনুপ্ৰৱেশকাৰীক তেওঁলোকৰ মূল দেশলৈ ঘূৰাই নপঠোৱালৈকে আটক কৰাৰ ক্ষমতা প্ৰদান কৰে। আইনৰ নিম্নলিখিত পৰিৱৰ্তনবোৰে অবৈধ প্ৰব্ৰজন বন্ধ কৰাত সহায় কৰিব।
কাৰাগাৰ আইনখনত সংশোধন কৰক চৰকাৰে, অবৈধ অনুপ্ৰৱেশকাৰীক নিযুক্তি দিয়া ব্যক্তি বা কোম্পানীৰ দায়িত্বত থকা ব্যক্তিক যথেষ্ট জৰিমনা বিহাৰ ব্যৱস্থা কৰক আৰু অনুপ্রবেশকাৰী জনক কাৰাগাৰত নিক্ষেপ কৰক। এনে কৰিলে নিৰ্মাতা, কাৰখানা আদিত কম মজুৰীত কাম কৰা এই অবৈধ বিদেশীসকলক নিয়োগ কৰা বন্ধ হব। কোম্পানীবোৰে এনে লোকক নিয়োগ কৰিলে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা বা কোম্পানীৰ পঞ্জীয়ন কৰ্তন কৰাৰ ব্যৱস্থা কৰক । এনে আইনে নিয়োগ কৰ্তাসকলক নিযুক্তি দিয়াৰ আগতে সেই শ্ৰমিক জনৰ নাম ঠিকনা আদি পৰীক্ষা কৰিহে কামত মকৰল কৰিবলৈ বাধ্য কৰিব।

অবৈধ অনুপ্ৰৱেশকাৰীক ভাড়াৰ আৱাস প্ৰদান কৰা ঘৰৰ মালিকক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বাবে আইনখনত ব্যৱস্থা কৰিলে ঘৰৰ মালিক সকলে তেওঁলোকৰ ঘৰ ভাড়া দিয়াৰ আগতে চালি জাৰি চাবলৈ বাধ্য কৰিব।

নিযুক্তি বা বাসস্থান অবিহনে, বহুতো অবৈধ বিদেশীৰ ভাৰতলৈ যোৱাৰ অনুপ্ৰেৰণা কম হ’ব। যদি এনে আইন প্ৰস্তুত কৰা হয়, বহুতো বাংলাদেশীয়ে ভাৰত ত্যাগ কৰিব।

মই নাজানো চৰকাৰে এনেধৰণৰ আইনৰ কথা কিয় চিন্তা কৰা নাই। সম্ভৱতঃ সস্তীয়া শ্ৰম বিচৰা লবীৰ চাপৰ বাবে। চীনত এনে আইন আছে, সেয়েহে আমি চীনত অবৈধ অনুপ্ৰৱেশকাৰীৰ কোনো ঘটনা শুনা নাই।