মুখ্যমন্ত্রীৰ প্ৰতি কিয় নাৰাজ একাংশ বিজেপি ?

1343
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কেইদিনমান আগতে এজন বিজেপি কৰ্মীৰ ফোন আহিল। কৰ্মীজনৰ বহু শীৰ্ষ বিজেপি নেতাৰ সৈতে উঠা বহা আছে।  কিছু সময় কথা পাতি বুজি পালো মানুহ জন বৰ্তমান চৰকাৰ তথা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অসন্তুষ্ট। যি সময়ত গৃহ বিভাগৰ তৎপৰতাক ৰাইজে প্ৰশংসা কৰিছে সেই সময়ত দলৰে এজন নেতাৰ এনে মন্তব্যত কিছু আচৰিত হ’লো। কিছু সময় আৰু কথা পাতি বুজিলো যে তেওঁ চৰকাৰক বেয়া পোৱাৰ আৰঁত নিহিত হৈ আছে তেওঁৰ ব্যক্তিগত স্বাৰ্থ। আগৰ চৰকাৰ খনৰ দিনত মানুহজনে কিছু সা সুবিধা আদায় কৰি ল’ব পাৰিছিল। সহজ কথাত ক’ব গ’লে এই চৰকাৰৰ দিনত মানুহজনৰ সহজে টকা ঘটাৰ ৰাস্তা বন্ধ হ’ল। ড° শৰ্মাৰ প্ৰতিটো বিভাগৰ কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ আছে। মধ্যভোগীয়ে যাতে টকা খাব নোৱাৰে তাৰ বাবে বিভাগীয় মন্ত্রী সকলক নিৰ্দেশ দিয়াৰ লগতে মুখ্যমন্ত্রীয়ে নিজে তদাৰক কৰিছে। প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালৰ দিনত হোৱা পি.এন.আৰ.দি, এছ আই কেলেংকাৰী আদিৰ দৰে যাতে অনু্ৰূপ ঘটনা সংঘটিত নহয় তাৰ বাবে মুখ্যমন্ত্রী সস্তম। সেয়েহে দালালি কৰি ধন ঘটা এক চামানুহৰ বেয়া দিন আৰম্ভ হৈছে। সেইটো কাৰণতে যঠেষ্ট ভাল কাম কৰাৰ পিছতো দলৰ এচাম মানুহৰ অপ্ৰিয় হৈছে শৰ্মা। দুৰ্নীতি অনিয়ম ৰোধ কৰিবলৈ যত্ন কৰা চৰকাৰখনে নিৰ্বাচনী পুজিৰ বাবে কি ব্যবস্থা কৰে সেয়া লক্ষণীয়হ’ব। বিৰোধী দলৰ মতে প্ৰত্যেক ঠিকাদাৰৰ পৰা ৫% ধন শাসকীয় দলৰ পাৰ্টী ফাণ্ডত জমা হয়। এতিয়া পিছে ইয়াৰো কিবা পৰিবৰ্তন হ’ব নেকি?