অসমত কংগ্ৰেছৰ পুনৰুত্থান কঠিন হ’ব

1346
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


কংগ্ৰেছৰ অসমত পুনৰুত্থান অতি কঠিন হ’ব । বিজেপিৰ বিৰুদ্ধে প্ৰবল ক্ষোভ সৃষ্টি হ’ব লাগিব চাহ জনগোষ্ঠি আৰু জনজাতি প্ৰধান অঞ্চলত আৰু তেতিয়াহে কংগ্ৰেছে অসমত অক্সিজেন পাব । বিজেপিৰ পক্ষত থকা হিন্দু ধৰ্মী ভাষিক অসমীয়াৰ ভোটৰ গুৰুত্ব থকা নামনি আৰু মধ্য অসমৰ সমষ্টি কেইটাত কংগ্ৰেছৰ অতি উত্থান অসম্ভৱ । কাৰণ এই অঞ্চল বিলাকৰ জনসাধাৰণে মৌলবাদীৰ আগ্ৰাসন প্ৰত্যক্ষ ভাবে দেখি আহিছে । বৰ্তমান বিধানসভাত কংগ্ৰেছৰ বিধায়ক সমুহৰ ৯০% ই ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ , ৰুপজ্যোতি কুৰ্মী , সুশান্ত বুঢ়াগোহাইৰ পদত্যাগে কংগ্ৰেছত থকা অমুছলমান বিধায়কৰ সংখ্যাৰ অনুপাতত অধিক প্ৰভাব পেলালে আৰু উলম্ব বিভাজন মুক্ত ৰূপত প্ৰকাশ কৰালে ।
এনেকুৱা এক পৰিস্থিতিত বদৰুদ্দিন আজমলে পুৰ্ণ সুযোগ গ্ৰহণ কৰাটো স্বাভাবিক ।উল্লেখ্য যে বদৰুদ্দিন আজমলৰ কিছু ব্যক্তিগত অভিলাশে কংগ্ৰেছক সহায় কৰিছে । কাৰণ বদৰুদ্দিন আজমলে তেওঁৰ দলত দ্বিতীয় এজন নেতা আজমল পৰিয়ালৰ বাহিৰত জন্ম হোৱাটো নিবিচাৰে ।প্ৰমাণ হিচাপত চেৰমান আলিৰ কংগ্ৰেছ যোগদান , মামুন ইমদাদুলক নাওবৈচাত টিকট বঞ্চিত কৰা ইত্যাদি । অৱশ্যে ২০২৬ চনৰ বিধানসভাত বদৰুদ্দিন আজমলৰ এই অভিসন্ধিক জমিয়ত আৰু ওৱেচিয়ে সফল হ’ব নিদিয়ে । কাৰণ বদৰুদ্দিন আজমলক ইতিমধ্যে জমিয়তে বহু সময়ত সমালোচনা কৰিছেই । এআইইউদিএফৰ জন্মই অসমত ধৰ্ম কেন্দ্ৰীক ৰাজনীতিক স্পষ্টতা প্ৰদান কৰিছে , যাৰ সুফল বিজেপি আৰু অভিভাষী মুচলমানে পাইছে । আজমলৰ উত্থান কংগ্ৰেছৰ কাৰণে বিপদ , তথাপি অচিন কাৰণত কংগ্ৰেছে নিৰ্বাচনত ৱদৰুদ্দিন আজমলৰ দলৰ লগত মুক্ত মিত্ৰতা কৰিলে । আগন্তুক দিনবোৰত অসমৰ ৰাজনীতিৰ লগত পুৰ্বৰ জম্মু কাশ্মীৰৰ ৰাজনীতি সম্পুৰ্ণকৈ মিলি যাব । জম্মুত বিজেপিয়ে অধিক সমষ্টি জয়ী হয় আৰু কাশ্মীৰ উপত্যকাত নেচনেল কনফাৰেঞ্চ আাৰু পিদিপি দলৰ মাজতে জয় পৰাজয় নিশ্চিত হয় । এসময়ত কংগ্ৰেছৰ দলৰ পৰা মুখ্যমন্ত্ৰী হোৱা জম্মু-কাশ্মীৰত কংগ্ৰেছ নিশ্চিহ্ন হৈ গ’ল । অসমতো পৰৱৰ্তী ৰাজনীতি এআইইউদিএফ আৰু বিজেপিৰ মাজতে সীমাবদ্ধ থাকিব । এইখিনিতে কংগ্ৰেছৰ পৰা নেতা হোৱা অসমীয়া ভাষী খিলঞ্জীয়া প্ৰাক্তন মন্ত্ৰী-বিধায়ক সকলৰ কাৰণে ৰাজনৈতিক জীৱনে এক নতুন দিশ ল’ব । না বিজেপিত যাব পাৰিব না বদৰুদ্দিন আজমলে আকোৱালি ল’ব এই নেতাসকল ? মাত্ৰ গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈ সাংসদ আসন খনৰ বাবেই কংগ্ৰেছক বদৰুদ্দিন আজমলৰ মুখলৈ ঠেলি দি তেওঁলোক কিমান দিন ৰজা হৈ থাকিব পাৰিব সেয়া সময়ে বিচাৰ কৰিব ।