৬৮% লোকৰ মতে কলিয়াবৰত পুনৰ গৌৰৱ গগৈ

477

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিজেপিয়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত ১৩খন আসনৰ টাৰ্গেট লৈছে। ধুবুৰীক বাদ দি আন সকলোকেইখন আসন জয়ৰ লক্ষ্য বিজেপিৰ। কলিয়াবৰ আসনখনৰ ওপৰতো বিজেপিয়ে চকু ৰাখিছে। সোণোৱাল- ৰিজিজুৰ দৰে নেতাক জয়ৰ দায়িত্ব অৰ্পন কৰিছে। ২০১৪ত গৌৰৱ গগৈয়ে প্ৰায় ১ লাখমান ভোটত জয়ী হৈছিল। এ.আই.ইউ.দি.এফে প্ৰাৰ্থীত্ব নিদিয়া বাবে ২০১৯ত জুনিয়ৰ গগৈ পুনৰ বিপুল ভোটত জয়ী হৈছিল। ২০২৪ত কংগ্ৰেছ- আজমলৰ মিত্রতাৰ সম্ভাবনা কম। কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট বিধানসভাৰ বিধায়িকা অজন্তা নেওগেও কংগ্ৰেছ বাদ দি বিজেপিত আহি বিত্ত মন্ত্রী হৈছে। এই সকলোবোৰ পৰিঘটনাৰ পৰা বিজেপিয়ে আশা কৰিছিল আসনখন তেওঁলোকে পাই যাব পাৰে। কিন্তু অসমৰ ৰাইজে তেনেকৈ নাভাবে। ৰাজনীতি অসমৰ যোৱামাহৰ অপিনিয়ন প’লত ৬৮% ৰাইজে মত দিলে যে কলিয়াবৰৰ পৰা পুনৰ কংগ্ৰেছ বিজয়ী হ’ব। ১ আগষ্টৰ পৰা ২০ আগষ্টলৈ চলা আমাৰ অ’পিনিয়ন প’লত বিজেপিৰ সপক্ষে পৰিল ২৬.৩% ভোট। ৫.৩% ৰাইজে অন্যৰ পক্ষত ভোট দিলে। ইয়াৰ পৰা বুজা যায় যে বিজেপিৰ মিছন কলিয়াবৰ ইমান সহজ নহ’ব।

গুৱাহাটীৰ ছবিখন কিন্তু সম্পূৰ্ণ ওলোটা। যিসকল ৰাইজে কলিয়াবৰত কংগ্ৰেছ জয়ী হ’ব বুলি কৈছিল তাৰ অধিকাংশই আকৌ গুৱাহাটীত বিজেপি বিজয়ী হ’ব বুলি ক’লে। গুৱাহাটীত বিজেপিৰ সপক্ষে পৰিল ৮৯.৫% ভোট। মাত্র ৫.২% ই কংগ্ৰেছ জয়ী হ’ব বুলি ভাবে। বাকী ৫.৩% ৰাইজে কোনো অন্য দল জয়ী হ’ব বুলি মত পোষন কৰিছে। এই অ’পিনিয়ন প’ল চোৱাৰ পিছত কংগ্ৰেছৰ পক্ষে গুৱাহাটীত প্ৰাৰ্থী বিচাৰি পোৱা কঠিন হ’ব।