ইন্দিৰা গান্ধীৰ আটাইতকৈ ডাঙৰ ভুলটো

1640
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


পূব পাকিস্তানৰ স্বাধীনতা বিচৰা যুবক সকলে শ্বেখ মুজিবুৰ ৰহমানৰ আহ্বানত মুক্তি বাহিনীত যোগ দিয়ে । বৰ্তমানৰ ত্ৰিপুৰাৰ আন্তৰাষ্ট্ৰীয় সীমান্তত এক গোপন বৈঠকত মুক্তি বাহিনীৰ কাৰ্য্য প্ৰণালী ৰচনা কৰে পুব পাকিস্তানী সকলে । একমাত্ৰ উদ্দেশ্য আছিল পশ্চিম পাকিস্তানৰ পৰা মুক্তি। আগৰতলাত ভাৰতীয় সেনাৰ লগত বৈঠকত বহে ১৯৬৮ চনত । এই বৈঠকতে ভাৰতৰ পৰা সহায় বিচৰা হয় ।এই মিটিংৰ কিছু দিন পিছতেই পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে মুজিবুৰ ৰহমানৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনে , যাক আগৰতলা ষৰযন্ত্ৰ কেচ বুলি জনা যায় । পিছলৈ এই অভিযোগৰ ভিত্তিত পাকিস্তান চৰকাৰে মুজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি জেলত সোমাই থৈছিল। শ্বেখ মুজিবুৰ ৰহমানে ১৯৭১ চনৰ ২৬ মাৰ্চত বাংলাদেশৰ স্বাধীনতা ঘোষণা কৰে I পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহিয়া খানে ৰাষ্ট্ৰীয় সম্প্ৰচাৰৰ জৰিয়তে শ্বেখ মুজিবোৰ ৰহমানক ৰাষ্ট্ৰদ্ৰোহী ঘোষণা কৰে । পাকিস্তানৰ সেনাই পদাতিক আৰু অস্ত্র- শস্ত্র সজ্জিত সেনা গোটসমূহ পূব পাকিস্তানলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে।
“অপাৰেচন চাৰ্চলাইট” আৰম্ভ হয় আৰু সেয়া আছিল বেঙ্গলী হিন্দু সকলৰ গণহত্যা কৰাৰ প্ৰথম পদক্ষেপ।১৯৭১ চনৰ ২৫ মাৰ্চত আৰম্ভ কৰা এই অভিযানৰ এটা নিশাতে ৫,০০০ ৰ পৰা ১,০০,০০০ বেঙ্গলী হিন্দুৰ মৃত্যু হৈছিল। পাকিস্তানী সেনা বাহিনীয়ে প্ৰধানকৈ হিন্দু সকলক আক্রমণ ৰ লক্ষ্য কৰি লৈছিল, বিচাৰি বিচাৰি বিশ্ববিদ্যালয়ৰ হিন্দু শিক্ষাৰ্থী আৰু অধ্যাপক সকলক হত্যা কৰিছিল।ঢাকা বিশ্ববিদ্যালয়ৰ জগন্নাথ হলত প্ৰথম আক্ৰমণটো সংঘটিত হৈছিল। এইখিনিতে উল্লেখযোগ্য যে , জগন্নাথ হল কেৱল অ-মুছলমান শিক্ষাৰ্থী সকল,বিশেষকৈ হিন্দুসকলৰ বাবে সংৰক্ষিত হোৱাৰ বাবে, পাকিস্তানী সেনা আৰু তেওঁলোকৰ সহায়ক বাহিনীৰ আক্ৰমণৰ প্ৰথম লক্ষ্য আছিল।২৫ মাৰ্চত সংঘটিত গণহত্যা প্ৰকৃততে “ঢাকা বিশ্ববিদ্যালয়”ৰ পৰা আৰম্ভ হৈছিল কিয়নো বেঙ্গলী হিন্দু সকলক পশ্চিম পাকিস্তানৰ সৈন্যই “সৰ্বাধিক সম্ভাৱ্য ভাবুকি” হিচাপে গণ্য কৰিছিল। ডৰমিটৰীবোৰ খোলাৰ পিছত, যিকোনো জীৱিত শিক্ষাৰ্থীক পইণ্ট-ব্লেংক ৰেঞ্জত গুলীয়াই হত্যা কৰা হৈছিল । পাকিস্তান সেনাৰ চৰকাৰী ইতিহাসবিদ মেজৰ জেনেৰেল ফজল মুকিম খানে লিখিছিল ,
“হলটোৰ কিছুমান কোঠা খুলিবলৈ সেনাই ৰকেট লঞ্চাৰ ব্যৱহাৰ কৰিব লগা হৈছিল।পাকিস্তানী সৈনিক সকলে আমেৰিকাত নিৰ্মিত লাইট মেচিন গান ব্যৱহাৰ কৰিছিল । পাকিস্তানৰ সৈন্যই পিলখানা, পূব পাকিস্তান ৰাইফলছৰ মুখ্য কাৰ্যালয়/ বাংলাদেশ (ইপিআৰ), ৰাজবাগ আৰক্ষী বেৰেক, খিলগাঁত আনছাৰত স্থিত মুখ্য কাৰ্যালয় ঘেৰি ধৰে আৰু গুলীচালনা কৰে I বহু সময় গুলী বৰ্ষণ কৰাৰ ফলত যি বাকী ৰৈছিল,সেয়া আছিল পূব পাকিস্তানৰ জোৱান সকলৰ মৃতদেহ ,যি সকল এসময়ত পাকিস্তানী সেনা আৰু ইয়াৰ আৰক্ষী বাহিনীৰ অংশ আছিল।” এনে নৃশংসনীয় ঘটনাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিছিল ।
ব্ৰিটিছ বাতৰি কাকত ডেইলী টেলিগ্ৰাফৰ সংবাদদাতা চাইমন ড্ৰিঙে ৩০ মাৰ্চৰ প্ৰতিবেদনত উল্লেখ কৰিছিল, “আমেৰিকাই যোগান ধৰা এম-২৪ টেংকৰ এটা বাহিনী মাজনিশা ঢাকা বিশ্ববিদ্যালয়লৈ যায়। সৈন্যবাহিনীয়ে ঢাকা বিশ্ববিদ্যালয়ৰ লগত সংলগ্ন ব্ৰিটিছ কাউন্সিল লাইব্ৰেৰী অধিগ্ৰহণ কৰে আৰু ইয়াৰ পৰা ওচৰৰ ডৰমিটৰী বোৰলৈ লক্ষ্য কৰি টেংকেৰে গুলী কৰিবলৈ আৰম্ভ কৰে। হঠাৎ হোৱা আক্ৰমণত প্ৰায় ২০০ জন শিক্ষাৰ্থী নিহত হৈছিল।
পাকিস্তানী সেনাই ১৯৭১ চনৰ সময় ছোৱাত বঙালী হিন্দুসকলক হত্যা কৰি সম্পূৰ্ণ জাতিটোকে পূব পাকিস্তানৰ (পিচলৈ বাংলাদেশ)পৰা নিৰ্মূল কৰিবলৈ তিনিটা পৰ্যায়ত ৰণনীতি প্ৰস্তুত কৰিছিল:
১)অপাৰেচন চাৰ্চলাইট (Operation Searchlite) : –এই অভিযানত কি দৰে বিশ্ববিদ্যালয়/শিক্ষা প্রতিষ্ঠানৰ পৰা বাচি বাচি হিন্দু শিক্ষাৰ্থী সকলক হত্যা কৰিছিল সেয়া ইতিমধ্যে আলোচনা কৰি আহিছিলো।সেয়া আছিল প্ৰথম পৰ্যায় , যিটো ১৯৭১ চনৰ ২৫ মাৰ্চৰ পৰা মে মাহৰ আৰম্ভণিলৈ সংঘটিত হৈছিল। নগৰ অঞ্চলত, বিশেষকৈ ঢাকাত গধুৰ আৰ্টিলাৰী ব্যৱহাৰ কৰি ঢাকা বিশ্ববিদ্যালয়ৰ বহুতো হিন্দু শিক্ষাৰ্থীক নিৰ্বিচাৰ হত্যা কৰিছিল।

২)অনুসন্ধান আৰু ধ্বংস(Search and Destroy) : – এইটো দ্বিতীয় পৰ্যায়ৰ অভিযান আছিল য’ত পাকিস্তানী বাহিনীয়ে মে ৰ পৰা অক্টোবৰলৈ পদ্ধতিগত ভাৱে গাওঁবোৰত হত্যা কৰিছিল। এইটো আটাইতকৈ দীঘল পৰ্যায় কিয়নো এই অভিযান তেতিয়া হয় যেতিয়া বঙালী বাহিনীয়ে একত্ৰিত হৈ আৰু পুনৰ যুঁজিবলৈ আৰম্ভ কৰে ; বিদ্ৰোহী বঙালী বাহিনীয়ে স্থানীয় ভূখণ্ডৰ ওপৰত থকা তেওঁলোকৰ জ্ঞানৰ সুব্যৱহাৰ কৰি সেনাক গ্ৰাম্য অঞ্চলত আধিপত্য বিস্তাৰ কৰাৰ সুযোগ দিবলৈ অস্বীকাৰ কৰিছিল। এই দ্বীতিয় পৰ্যায়ত পাকিস্তানৰ সেনাই হিন্দু মহিলাসকলক ধৰ্ষণ, অপহৰণ কৰাৰ লক্ষ্য কৰি লৈছিল।

৩) স্কৰ্চ আৰ্থ (Scorched Earth) : – তৃতীয় পৰ্যায়ৰ এই অভিযান ডিচেম্বৰৰ আৰম্ভণিতে আৰম্ভ হৈছিল। এই অভিযানত ঢাকাত বিশেষকৈ ১০০০ তকৈ বেছি হিন্দু বুদ্ধিজীৱী আৰু পেছাদাৰী যেনে চিকিৎসক, উকীল আৰু অভিযন্তা সকলক হত্যাৰ লক্ষ্য কৰি কৰিছিল।
১৯৭১ চনৰ ২৫ মাৰ্চৰ নিশা নিৰ্মম ‘অপাৰেচন চাৰ্চলাইট’ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল য়াহিয়া খানে নিৰ্দেশ দিছিল , “তেওঁলোকৰ তিনি নিযুত লোকক হত্যা কৰক আৰু বাকীসকলে আমাৰ কথা শুনিবলৈ বাধ্য ।”
মুছলমান সকলে হিন্দুৰ ঘৰ বা গোটেই চুবুৰীয়া অঞ্চল জ্বলাই দিছিল আৰু সেইবোৰ লুটপাত আৰম্ভ কৰিছিল। বিশেষকৈ যদি হিন্দুসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। হিন্দুসকলৰ দ্বাৰা পৰিচালিত সকলো দোকান লণ্ডভণ্ড কৰিছিল। জনতাই ষ্টীমবোট, ৰেল আৰু বাছ আক্ৰমণ কৰি হিন্দু সকলক হত্যা কৰিছিল। বহুতো হিন্দু ছোৱালী আৰু মহিলাক ধৰ্ষণ বা অপহৰণ কৰা হৈছিল। ফলস্বৰূপে, ভাৰতলৈ হিন্দু শৰণাৰ্থী সকল পলাই আহিব লগীয়া হৈছিল।
এজন পাকিস্তানী সৈনিক যি ৯৩,০০০পাকিস্তানী যুদ্ধবন্দীৰ ভিতৰত এজন আছিল,তেওঁৰ স্বীকাৰোক্তি অনুসৰি তেওঁলোকৰ ঢাকাত ঐতিহাসিক আত্মসমৰ্পণৰ পিছত সুৰক্ষিত ভাৱে ঘৰলৈ উভতি আহিছিল।তেওঁ কৈছিল “আমাক হিন্দু আৰু কাফেৰ সকলক হত্যা কৰিবলৈ কোৱা হৈছিল।”
ইমানৰ পিছতো সেইসময়ৰ দিল্লীৰ কংগ্ৰেছ চৰকাৰে কি কাৰণে ৯৩০০০ হাজাৰ যুদ্ধবন্দী পাকিস্তানী সেনাক ৰাজ আতিথ্য প্ৰদান কৰি তেওঁলোকৰ নিজৰ দেশলৈ ঘুৰাই পঠালে ? আজিও পাকিস্তানৰ জেলত শ শ ভাৰতীয় সেনা যুদ্ধ বন্দী হৈ আছে । বহুতৰ স্মৃতি শক্তি লোপ পালে , বহুতে আত্মহত্যা কৰিলে আৰু জীয়াই থকা বহু সংখ্যকেই ইচলাম গ্ৰহণ কৰিব লগা হ’ল ।পাকিস্তানৰ জেলত নিজৰ স্বদেশ , পৰিয়াল , পুত্ৰ -কণ্যা , মাতৃক কোনো দিন লগ নোপোৱা এক বেদনাত জীয়াই জীয়াই মৃত্যুৰ ক্ষণ গণি থকা ভাৰতীয় সেনা সকলৰ কথা কিয় ভবা নহ’ল ? বাংলাদেশ স্বাধীন হ’ল , ৯৩ হাজাৰ পাকিস্তানী সেনা গ্ৰেপ্তাৰ হ’ল , তেনে এক পৰিবেশত ইন্দিৰা গান্ধীয়ে কাৰ পৰামৰ্শত যুদ্ধ বন্দী সকলক এৰি দিলে সেইয়া সাঁথৰ হৈ আছে ।