অসমত কংগ্ৰেছৰ ১০টা ভুল

2556

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


২৩ এপ্ৰিল ২০১৯ত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ হয় । ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমৰ নিৰ্বাচনী ফলাফল প্ৰকাশ পাব অহা ২৩ মে তাৰিখে । নিৰ্বাচনী আয়োগে ১৯ মে তাৰিখে ভাৰতৰ অন্তিম পৰ্যায়ৰ ভোটদান সম্পূৰ্ণ নোহোৱালৈকে এক্সিট প’লৰ ফলাফল প্ৰকাশৰ ওপৰত নিষেধাজ্ঞা জাৰী কৰিছে । দেখা গৈছে যে অসমৰ ৰাজনৈতিক বিশেষজ্ঞ সকলে এক্সিট প’লৰ সলনি নিজৰ পূৰ্বানুমান প্ৰকাশ কৰিছে। এই মতবোৰৰ মতে বিজেপি অসমত কংগ্ৰেছতকৈ আগবাঢ়ি থাকিব । বিজেপিক প্ৰায়ে সমলোচনা কৰি থকা ৰাজনৈতিক বিশ্লেষক সকলৰ এনে ধাৰণা তাৎপৰ্যপূৰ্ণ । ‘ ৰাজনীতি অসম ‘ এই ক্ষেত্রত একমত যে অসমত বিজেপিৰ আসনৰ সংখ্যা কংগ্ৰেছতকৈ বহু বেছি হ’ব । এতিয়া প্ৰশ্ন হৈছে কংগ্ৰেছৰ অসমত এনে অবস্হা কিয়  হ’ল ? এই ক্ষেত্রত আমি যুগুত কৰি উলিয়াইছো ১০ টা কাৰণ :
১) CAB ক সাৰথি কৰি অসমত আগবাঢ়িব খোজা কংগ্ৰেছে ৰাইজৰ পৰা সহাৰি নাপালে। CAB ক খিলঞ্জীয়াৰ কাষ চপাই লৈ যাবলৈ ব্যৰ্থ হ’ল কংগ্ৰেছ দল । ইয়াৰ কাৰণ হ’ল কংগ্ৰেছ দলৰ ইতিহাস । কংগ্ৰেছে যে খিলঞ্জীয়াৰ কথা ভাবিব পাৰে সেই কথাত ৰাইজ পতিয়ন নগ’ল ।
২) CAB ৰ বিৰুদ্ধাচৰন কৰা বাবে বঙালী হিন্দুৰ ভোটো হেৰুৱালে কংগ্ৰেছে ।
৩) জনজাতীয় সম্প্ৰদায়ক লগত লৈ চলাৰ কোনো প্ৰচেষ্টা নকৰিলে  কংগ্ৰেছে । কংগ্ৰেছৰ লগত কোনো জনজাতীয় ডাঙৰ নেতা বা দল নাই ।
৪) এসময়ত দেবকান্ত বৰুৱাই কৈছিল __ আলি-কুলী-বঙালী থকালৈকে অসমত কংগ্ৰেছৰ চিন্তা নাই । বঙালীৰ পিছত এতিয়া কুলী অৰ্থাৎ চাহ জনজাতিৰ লোকসকলো কংগ্ৰেছৰ পৰা আতৰি গৈছে ।
৫) কংগ্ৰেছৰ পুৰণি ষ্টাইলত কৰা প্ৰচাৰ , বেকফুটত যোৱা অন্যতম কাৰণ ।  মিডিয়াৰ যুগত কংগ্ৰেছে প্ৰচাৰৰ বাবে কোনো নতুন কৌশল অবলম্বন কৰিব পৰা নাই ।
৬) অসম কংগ্ৰেছত তৰুণ গগৈৰ বাহিৰে সৰ্বগ্ৰহণযোগ্য নেতাৰ অভাব । ৮৫ বছৰীয়া গগৈয়ে যিমানখিনি সম্ভব কৰিছে, যদিও অকলে দলক জয়ী কৰোৱা সহজ নহয় ।
৭) ৰাহুল গান্ধীৰ এদিন আৰু প্ৰিয়ংকা গান্ধীৰ এটা ৰ’ড শ্ব’ৰ বাহিৰে কংগ্ৰেছৰ কোনো ডাঙৰ সৰ্বভাৰতীয় নেতা প্ৰচাৰৰ বাবে নাহিল । যুৱ নেতা যেনে হাৰ্ডিক পেটেল আদিৰ উপস্হিতিয়ে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক উৎসাহিত কৰিলেহেতেন ।
৮) নতুন ভোটাৰসকলক বিজেপিয়ে যেনেদৰে আকৰ্ষিত কৰিছে কংগ্ৰেছে তেনেদৰে কৰিব পৰা নাই । কংগ্ৰেছে এই ক্ষেত্রত পৰিকল্পনা কৰিব লাগিব ।
৯) অসম কংগ্ৰেছক এজন দক্ষ তথা নিকা ভাবমূৰ্তিৰ সভাপতি দৰকাৰ । অকল সংখ্যালঘু ভোটেৰে কংগ্ৰেছে দুই-তিনিখন আসন পাব । তাৰ বাহিৰত কংগ্ৰেছে কেইখন আসন পাব সেইটোৱে নিৰ্ণয় কৰিব সভাপতিজনৰ কৃতকাৰ্য্যতা ।
১০)  এনে এটা ধাৰণাৰ সৃষ্টি হৈছে  কংগ্ৰেছ যেন মুছলমানৰ দল । এই ধাৰণাটো সলনি কৰাত গুৰুত্ব দিয়া উচিত কংগ্ৰেছ দলৰ ।