ফুলনি মানে বাগিছা: ২৩ মে’ , ২০১৯ ৰ হেডলাইন

2126

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


২৩ মে’ ত ঘোষণা হ’ব ২০১৯ লোকসভাৰ ফলাফল। কোন জয়ী হ’ব সেই বিষয়ে বিভিন্ন অংক মাস্তৰে নিজৰ নিজৰ পৰিসংখ্যাক লৈ ব্যস্ত। মোদীৰ সমৰ্থক সকলৰ মতে বিজেপিৰ জয় নিশ্চিত। কংগ্ৰেছৰ সমৰ্থক সকলে এতিয়াও আশা পালি  আছে , ৰাহুল গান্ধীৰ লালকিল্লাৰ  ভাষন শুনিবলৈ।
আমি ৰাইজৰ কাষ চাপিছিলো আৰু প্ৰশ্ন কৰিছিলো যে ২০১৯ চনৰ ২৩ মে’ ৰ দিনা বাতৰি কাকতৰ হেডলাইন কি হ’ব। এই সময়ত ভাইৰেল হোৱা ‘ ফুলনি মানে বাগিছা ‘ গানটোক লৈও অনেকে হেডলাইন বনাবলৈ চেষ্টা কৰিলে।আমি ৰাইজৰ পৰা পালো বহু আমোদজনক উত্তৰ। তাৰে কেইটামান আমাৰ পাঠকৰ বাবে আগবঢ়ালো ।
বাগিছা মানে ফুলনি : ৰাহুল হ’ব মন্ত্ৰী
ফুলনি মানে বাগিছা : কংগ্ৰেছক লাগে প্ৰিয়ংকা
বাগিছা মানে ফুলনিঃ আকৌ আহিব মোদীজী
ফুলনি মানে বাগিছা : গুৱাহাটীত হাৰিল ববিতা
বাগিছা মানে ফুলনিঃ তেলী আকৌ এম পি
ফুলনি মানে বাগিছাঃ শিলচৰত নাচে সুস্মিতা
বাগিছা মানে ফুলনিঃ অগপ মানে বিজেপি
ফুলনি মানে বাগিছাঃ কেব লৈ আহিবা
বাগিছা মানে ফুলনিঃ আজমল মানেই ধুবুৰি
ফুলনি মানে বাগিছাঃ প্ৰদ্যুত কিয় কান্দিছা?
বাগিছা মানে ফুলনিঃ গৌৰৱ থাকে উমলি
বিদেশত আপোন মানুহ বিচাৰি যোৱা  শৰ্মাই নাপালে গুৱাহাটীত আপোন মানুহ।
সৰ্বা-শৰ্মাৰ হাতত বিধ্বস্ত হ’ল তৰুণ-ৰিপুণ
হিমন্ত নাচে ৰাস্তাত  , পদুম নাচে বাকচত
পল্লৱ যাব কেন্দ্ৰত , ভানু যাব অন্ধ্ৰত
আপেল, আংগুৰ আৰু খেজুৰ , ধুবুৰীত পুনৰ হুজুৰ
হাগ্ৰামাৰ  মৰিলং মৰিলং লাগিছে , প্ৰমীলা হাৰিলং হাৰিলং লাগিছে
দুই গুজৰাটী সবপে ভাৰী