ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধঃ ভাৰতৰ সঠিক পদক্ষেপ

993
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


টেলিভিছন চেনেল বিলাকত ইউক্ৰেইনৰ নাগৰিকৰ দুৰ্দশা দেখি যিকোনো হৃদয়বান লোকে মনত কষ্ট পাব। যুদ্ধৰ বাবে ৰাছিয়া নে ইউক্ৰেইন দায়ী সেয়া এই সময়ত বিচাৰযোগ্য নহয়। এই সময়ত সকলোৰে এটাই চিন্তা কিদৰে ইউক্ৰেইনৰ শিশু, আবাল বৃদ্ধ , বনিতা তথা নিৰীহ নাগৰিক সকল যুদ্ধৰ বিভিষিকাৰ পৰা ৰক্ষা পৰে। এজন ৰাষ্ট্ৰৰ মুৰব্বী জনৰ প্ৰথম কৰ্তব্য হৈছে নিজৰ দেশৰ জনসাধাৰণক সুৰক্ষা দিয়া। নকলেও হ’ব যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ইয়াত চুৰান্তভাবে ব্যৰ্থ হৈছে। বিদেশ নীতি, কুটনীতি, সামৰিক নীতি আদি সকলোতে ব্যৰ্থ ৰাষ্ট্ৰ প্ৰধান জেলছকি। তাৰ ফল ভোগ কৰিছে সাধাৰণ নাগৰিকে। এতিয়া আহো ভাৰতৰ প্ৰসংগলৈ। নিৰপত্তা পৰিষদৰ সভাত ভাৰতে যুদ্ধবিৰতিৰ বাবে আমেৰিকাই লোৱা প্ৰস্থাবত ভোটদানৰ পৰা বিৰত থাকে। এইটো মোদী চৰকাৰৰ একেবাৰে সঠিক সিদ্ধান্ত। প্ৰধানমন্ত্রী মোদীয়ে ফোনযোগে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক শান্তিৰে সমস্যা সমাধান কৰিবৰ বাবে পৰামৰ্শ দিছে। নিৰপত্তা পৰিষদৰ সভাতো ভাৰতে স্পষ্টভাবে কৈছে যে _ আমি যুদ্ধৰ পক্ষপাতী নহয়, সকলো সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰিব পৰা যায়। ইয়াৰ অৰ্থ এইটো নহয় যে নিৰপত্তা পৰিষদৰ সভাত ভাৰতে ৰাছিয়াৰ বিপক্ষে ভোট দিব। ভাৰত শত্ৰু ৰাছিয়া নহয়। ভাৰতৰ প্ৰধান শত্ৰু আনকি পাকিস্তানো নহয়। যুদ্ধ হ’লে পাকিস্তানক ভাৰতে অনায়াসে পৰাজিত কৰিব। ভাৰতৰ প্ৰধান শত্ৰু  হ’ল ৰঙা চীন। সামৰিক ক্ষেত্রত ভাৰততকৈ চীন আগত আছে। যদিও যোৱা কেইবছৰত ভাৰতে বহুতো আধুনিক সামৰিক বিমান আৰু অস্ত্র আমদানি কৰিছে তথাপিও যুদ্ধ হ’লে চীনক পৰাজিত কৰা ভাৰতৰ বাবে সহজ নহব। চীনে পাকিস্তান আৰু শ্ৰীলংকাক বিভিন্ন সহায় আগবঢ়াই ভাৰতক চাৰিওফালৰ পৰা ঘেৰাৰ চেষ্টা কৰি আছে। এনে এক পৰিস্থিতিত ভাৰতে নিজৰ পুৰণি মিত্র ৰাছিয়াক অসন্ত্তষ্ট  কৰাৰ প্ৰশ্নই নুঠে।  ৰাছিয়াই বহু বছৰ ধৰি ভাৰতক সামৰিক সৰঞ্জাম যোগান ধৰি আহিছে। ভাৰতৰ হাতত আন এটা বিকল্প আছিল নিৰপক্ষা পৰিষদত আমেৰিকাৰ প্ৰস্তাবৰ বিপক্ষে ভোট দিয়া। কিন্তু ভাৰতে আমেৰিকাকো অসন্ত্তষ্ট কৰিব নোৱাৰে। ভাৰতৰ দৰে আমেৰিকায়ো চীনক নিজৰ প্ৰধান শত্ৰু বুলি ভাবে। মোদী অহাৰ পিছত ভাৰত- আমেৰিকাৰ সম্পৰ্ক বহু উন্নত হৈছে। ভবিষ্যতে চীন আৰু ভাৰতৰ সংঘাত হ’লে ভাৰতে আমেৰিকাৰ সমৰ্থন পোৱাৰ সম্ভাবনা আছে। সেয়েহে আমেৰিকাৰ লগতো ভাৰতৰ সম্বন্ধ মধুৰ থকা দৰকাৰ। ইউক্ৰেইনৰ ৰাজদূত এজনে ভাৰতৰ পদক্ষেপত অসন্ত্তষ্টি প্ৰকাশ কৰিছে। কিন্তু তেওঁ জনা উচিত যে বৰ্তমান চৰকাৰখনে ভাৰতৰ জনসাধাৰণৰ স্বাৰ্থ সন্মুখত ৰাখি এনে সিদ্ধান্ত লৈছে। কাৰণ নিজৰ দেশৰ জনগণৰ সুৰক্ষাই এজন ৰাষ্ট্ৰনেতাৰ প্ৰধান দায়িত্ব।