কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিৰ আলোচনা

1257
  • হৰকুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


আমি অসমৰ গাওঁত থাকি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক নীতিৰ আলোচনা কৰিব গৈ আছো সেই কথা আমি সকলোৱে মনত ৰখা প্ৰয়োজন । মোদীজীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে  লোৱা বিভিন্ন নীতিয়ে আমাৰ জীৱন – জীবিকাৰো পৰিৱৰ্তন কৰিছে ।  সৰুৰে পৰা শুনি অহিছো যে চীনে তীব্বত দখল কৰিছিল যেতিয়া জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল । কিন্তু আজিৰ প্ৰজন্মই লাইভ ভিডিঅ দেখিছে বৈমানিক অভিনন্দনৰ বীৰত্ব । মাত্ৰ কিছু ঘন্টা পিছতেই পাকিস্তানৰ পৰা নিজৰ মাতৃভুমিলৈ ঘুৰি আহিছিল ।  কোনে কেনেকৈ তেওঁক লৈ আহিছিল সেই কথা গোপনীয় । কিন্তু বাতৰি কাকতত প্ৰকাশিত বিভিন্ন খৱৰে আমাক গৌৰৱান্বিত কৰিছিল আৰু খৱৰ বিলাক আছিল যে আমাৰ দেশৰ বিভিন্ন স্থানত থকা মিছাইল বিলাক একটিভ কৰা হৈছিল । একেদৰে তীব্বত দখল কৰা চীনে দোকলামত ৰাফেল দেখা পাই পলায় পত্ৰং দিছিল ।  যি ৰাফেলক নিজৰ বায়ু সেনাৰ হাতত দিবলৈ মোদী চৰকাৰে উচ্চতম ন্যায়ালয়লৈ যাব লগা হৈছিল । কংগ্ৰেছে ৰাফেলৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খালে , কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল বায়ু সেনাই ৰাফেল পালে । এই দুয়োটা ঘটনাৰে সাক্ষী আৰু নেতৃত্ব লোৱা ব্যক্তিজন হ’ল নৰেন্দ্ৰ মোদী । পাকিস্তানৰ ভিতৰত সোমাই চাৰ্জিকেল ষ্ট্ৰাইক হল , কিন্তু  বিশ্বৰ আন দেশ সমুহে এবাৰো ভাৰতক প্ৰশ্ন নকৰিলে । অভিনন্দন বচোৱাৰ স্বাৰ্থত মিচাইল এক্টিভ কৰা সময়ত পাকিস্তানৰ ফোন ডনাল্ড ট্ৰাম্পে ৰিচিভ নকৰিলে ।এই বিলাক হৈছে বিজেপি নেতৃত্বৰ কেন্দ্ৰ চৰকাৰ নীতি আৰু যাক লৈ প্ৰতিজন ৰাষ্ট্ৰবাদী আজি গৌৰাৱান্বিত ।
ইজৰাইল আৰু পেলেষ্টাইনৰ সন্ত্ৰাসবাদীৰ মাজত সংঘাত হোৱাৰ পিছত সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদৰ বৈঠক অনুষ্ঠিতহৈছিল, য’ত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা সংঘাতৰ সমাধান সম্বন্ধে আলােচনা কৰা হৈছিল । বহুতে হয়তাে ভাৱিছে ভাৰতৰ স্থিতি পেলেষ্টাইনক সমর্থন কৰাৰ নিছিনা হে কিয় লাগিল? কিন্তু এই সমর্থন ৰ লগত জড়িত কাহিনী আপুনি জানিলে আচৰিত হব। ধূর্ত চীনে ভাবিলে, যদি আমি পেলেষ্টাইনক সমর্থন কৰাে, তেতিয়া আমি এফালে ইজৰাইলৰ লােকচান কৰিব পাৰিম আৰু আনফালে মুচলিম দেশ সমূহত নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিম।কাজেই চীনে
পেলেষ্টাইনৰ সমস্যা লৈ সজোৰে মুখৰ হবলৈ আৰম্ভ কৰিলে। এসময়ত এনে অৱস্থা পালেগৈ যে ৰাচিয়া, তুর্কী, পাকিস্তানে পেলেষ্টাইনৰ হৈ কৰা সমর্থনাে স্তিমিত হৈ পৰিল। আৰু ইয়ে ভাৰতৰ বাবে টার্নিং পইন্ট হ’ল। ভাৰতে ভাৱিলে,যদি ইজৰাইলৰ সমর্থন কৰে মুচলিম দেশে সেই কথা লক্ষ্য কৰিব। কালিলৈ সেই দেশ বিলাকে চীনৰ পাকচক্ৰত সােমাই পৰিব। কাশ্মীৰৰ
সমস্যা লৈ সেই দেশ বিলাকে ভাৰতক সমর্থন কৰি নিজৰ স্থিতি স্পষ্ট কৰিছে ।গতিকে কালিলৈ যদি সেই
দেশ বিলাকে চীনৰ পক্ষত স্থিতি লয়, ভাৰতৰ বাবে নতুন সমস্যা উদ্ভব হব পাৰে। চীনে পূর্ণমাত্রেই ইয়াৰ সুবিধা লব । এই কথা সর্বজনবিদীত যে সংযুক্ত ৰাষ্ট্ৰীয় পৰিষদত যেতিয়া চীনে ইজৰাইলৰ বিৰুদ্ধে প্ৰস্তাৱ আনিব, সেই প্রস্তাৱ আমেৰিকাই চীনক উপস্থাপন কৰিবই নিদিব। আমেৰিকাৰ ভেটো দি প্ৰস্তাৱ খাৰিজ কৰাৰ সুবিধা আছে। গতিকে ইজৰাইলে আমেৰিকাৰ সহযােগত ৰক্ষা পৰাটো নিশ্চিত। ভাৰতে ইজৰাইলৰ সমৰ্থন কৰকে বা নকৰক,আমেৰিকাই লােৱা স্থিতিৰ বাবে তাৰ কোনাে মুল্য নাথাকে। চীনৰ চতুৰালি আমেৰিকাই বুজি পায়। ইজৰাইলেও বুজি পায়। মুচলিম দেশ বিলাকৰ সমর্থন লাভ কৰিবলৈ চীনে কুটনীতি কৰাৰ কথা আমেৰিকাই ভালকৈ জানে। সংযুক্ত ৰাষ্ট্ৰীয় পৰিষদত যি প্রস্তাৱেই নলওক কিয়, সেয়া আমেৰিকাৰ ইজৰাইল ৰ প্রতি সমর্থন থাকিলে এখন উকা কাগজৰ টুকুৰাৰ বাহিৰে একো নহয়। সেয়েহে ভাৰতে নির্ণয় কৰিলে যে নিজৰ দূত পঠিয়াই পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত এক মধ্যস্তকাৰীৰ ভুমিকা লৈ এই সংঘাট সমাপ্ত কৰাৰ চেষ্টা কৰাই উত্তম
হব। মুচলিম দেশ সমূহত ভাৰতৰ এই স্থিতিয়ে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সমর্থ হয়। চীনৰ এই কুচক্রান্ত নাকাম
কৰিবলৈ ভাৰত আৰু আমেৰিকাই সমর্থ হয়। বিশ্ব ৰাজনীতি আৱেগেৰে নচলে । ইয়াৰ বাবে লাগিব এক সুনির্দিষ্ট পৰিকল্পনা আৰু দূৰদৃষ্টি। কুটনৈতিক নীতি সদায় সময় পৰিবেশ পৰিস্থিতি চাই প্রকাশ্যে বা মৌন ভাৱে লােৱা হয়। ভাৰতে এই ক্ষেত্ৰত সফল হ’ল । আমি ছাত্ৰ অৱস্থাত শুনিছিলো যে আমেৰিকা , ৰাচিয়াৰ দৰে দেশে ভাৰত – পাকিস্তান , ভাৰত-চীনৰ মাজত মধ্যস্থতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা বাতৰি । আৰু আজিৰ দিনবোৰত আমি কি দেখিছো _ভাৰতৰ বিদেশ মন্ত্ৰীয়ে ইৰাণ-ইৰাকৰ মাজত মধ্যস্থতা কৰে , ইজৰাইল – পেলেষ্টাইনৰ মাজত আলোচনা কৰাই দিয়ে ।  বিদেশত ফুৰিবলৈ যোৱা মানুহ আজি সুখি। শ শ দেশত ভাৰতৰ পাচপোৰ্ট থকা ব্যক্তিক ভিজা অন  এৰাইভেল দিয়ে ।  মোদীজীৰ বিদেশ নীতিৰ বাবেই আজি ভাৰতীয় নাগৰিকৰ পাচপোৰ্ট খন সকলোতকৈ শক্তিশালী ।
প্ৰথমটো হ’ল চৌদি আৰৱ আৰু সংযুক্ত আৰৱ আমিৰাতলৈ ভাৰতৰ সাহসী প্ৰসাৰ। বহু দিনধৰি পাৰস্য উপসাগৰে প্ৰাপ্য মনোযোগ লাভ কৰা নাছিল। তাত থকা বহুতো দেশক ধৰ্মীয় কাৰণত পাকিস্তানৰ অত্যাধিক সমৰ্থন কাৰী বুলি গণ্য কৰা হৈছিল আৰু সেয়েহে ভাৰতৰ অগ্ৰাধিকাৰৰ বাহিৰত এৰি দিয়া হৈছিল, যিঅতীতত ইজিপ্ত আৰু ইৰাকৰ দৰে ধৰ্মনিৰপেক্ষ ৰাজ্যৰ ওপৰত গুৰুত্ব দিছিল। উপসাগৰৰ সৰু দেশবোৰে চৌদি আৰৱৰ প্ৰতি অত্যাধিক আগ্ৰহী হোৱাটোৱেও সহায় কৰা নাছিল, বিশেষকৈ যেতিয়া ৰিয়াদে উৎসাহেৰে ৱাহাবী ইছলামৰ ধ্বংসৰ পথ  ৰপ্তানি কৰি আছিল ।
অৱশ্যে আৰৱ বিশ্বৰ ৰাজনৈতিক পৰিৱৰ্তনক স্বীকৃতি দি মোডীয়ে অপ্ৰত্যাশিতভাৱে চৌদি আৰৱ আৰু ইউ.এ.ই.-ক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু অৰ্থনৈতিক লাভালাভৰ প্ৰতিশ্ৰুতি দিয়া ধৰণে জড়িত কৰিবলৈ আগবাঢ়িছিল। পাকিস্তানৰ প্ৰতি পৰম্পৰাগত, আঁঠুৰ সমৰ্থন দুৰ্বল হোৱাটো ইতিমধ্যে প্ৰমাণিত হৈছে, কিন্তু ভাৰতে এই ভাবুকিৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখাৰ বাবে উপসাগৰীয় ৰাজতন্ত্ৰসমূহৰ ইছলামবাদী সন্ত্ৰাসবাদৰ প্ৰতি গভীৰ বিৰোধিতাৰ পৰা দীৰ্ঘম্যাদী লাভ প্ৰাপ্ত হৈছে।
জাপানৰ সৈতে সম্পৰ্ক বৃদ্ধি হোৱাটো মোদীজীৰ এটা ডাঙৰ ষ্ট্ৰেটেজি ।টকিঅ’ই ভাৰতত ইয়াৰ অৰ্থনৈতিক সম্পৃক্ততা বৃদ্ধি কৰিব বিচাৰে, ইয়াৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা অধিক গভীৰ কৰিব বিচাৰে আৰু এছিয়া আৰু বিশ্বব্যাপী উদাৰ ব্যৱস্থাক সহযোগিতামূলকভাৱে শক্তিশালী কৰিব বিচাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ-জাপান মিত্ৰতা, নিশ্চিতভাৱে, জাপানৰ নিৰাপত্তাৰ আধাৰ হৈ আছে, কিন্তু জাপানে এতিয়া চীনৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাৰতক এক গুৰুত্বপূৰ্ণ পৰিপূৰক অংশীদাৰ হিচাপে বিবেচনা কৰে।
ৱাশ্বিংটন নতুন দিল্লীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰ হৈ আছে, স্ব-প্ৰমাণিত হ’ব লাগে, আনকি ই ভাৰতৰ কিছুমানৰ বাবে উদ্বেগজনক হ’লেও। যেতিয়া মোডী কাৰ্যালয়লৈ আহিছিল, তেওঁ – দ্ৰুততাৰে ইয়াৰ প্ৰশংসা কৰিছিল – সন্দেহজনক বাৰাক অ’বামাক আকৰ্ষণ কৰিবলৈ আৰু দ্বিপাক্ষিক সম্পৰ্কত উৰ্ধমুখী গতিপথ পুনৰ আৰম্ভ কৰিবলৈ সাহসেৰে আগবাঢ়িছিল। অতি শেহতীয়াকৈ, ৱাশ্বিংটনৰ সৈতে তেওঁৰ সম্পৰ্ক ডনাল্ড ট্ৰাম্পৰ নতুন লেনদেনবাদ, তেওঁৰ বাণিজ্য নীতিত এক স্ব-পৰাজিত সংৰক্ষণবাদী পৰিৱৰ্তন আৰু চীনৰ নিৰন্তৰ শত্ৰুতা স্বত্বেও ভাৰতে নিজৰ সাহসি স্থিতি স্পষ্ট কৈ দেখুৱাবলৈ সক্ষম হৈছে। বৰ্তমান ৰাষ্ট্ৰপতি জ বিদেনৰ সময়তো ভাৰতে কভিদ যুদ্ধত নেতৃত্ব লৈ আমেৰিকাক সহায় কৰিছে । কভিদৰ উৎপত্তিৰ সন্দেহত যিদৰে চীন একাষৰীয়া হৈছে , সমান্তৰাল ভাবে কভিদ ভেকচিন আৰু ৰেনবেক্সিৰ দ্বাৰা ভাৰতে বিশ্বক মানবতা শিকাবলৈ সক্ষম হৈছে